ETV Bharat / state

বিজেপি চৰকাৰৰ উন্নয়নমূলক আঁচনিৰ বাবে হতাশাত ভুগিছে বিৰোধীঃ সৰ্বানন্দ সোণোৱাল - কুমাৰ ভাস্কৰ বাৰ্মা ক্ষেত্ৰ

অসমত বিদেশী তথা বহিঃৰাজ্যৰ বিনিয়োগকাৰীয়ে ৫৫ হাজাৰ কোটি টকা বিনিয়োগ কৰিছে ‌বুলি দাবী কৰিছে সৰ্বানন্দ সোণোৱালে ৷ আমিনগাঁৱত বুধবাৰে এটি যোজনাৰ শুভাৰম্ভ কৰি উঠি এই মন্তব্য কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

cm-at-amingaon
বিজেপি চৰকাৰৰ উন্নয়নমূলক আঁচনিৰ বাবে হতাশাত ভুগিছে বিৰোধীঃ সৰ্বানন্দ সোণোৱাল
author img

By

Published : Dec 30, 2020, 7:33 PM IST

বাইহাটা, 30 ডিচেম্বৰ : আমিনগাঁৱত বুধবাৰে শুভাৰম্ভ কৰা হয় প্ৰধানমন্ত্ৰী জলসিঞ্চন যোজনাৰ আঁচনিখনৰ । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আত্মনিৰ্ভৰশীল ভাৰতৰ সপোন বাস্তবায়িত কৰাৰ প্ৰয়াসেৰে ৰাজ্যৰ কৃষিখণ্ডক আগুৱাই লৈ যোৱাৰ চেষ্টা অব্যাহত ৰাখিছে ৰাজ্য চৰকাৰে ।

ৰাজ্যৰ প্ৰতিডৰা কৃষিভূমিলৈ জলসিঞ্চনৰ ব্যৱস্থা কৰি প্ৰতিজন কৃষকক সকাহ দিয়াৰ লক্ষ্যৰে আমিনগাঁৱত PMKSY যোজনাৰ আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

বিজেপি চৰকাৰৰ উন্নয়নমূলক আঁচনিৰ বাবে হতাশাত ভুগিছে বিৰোধীঃ সৰ্বানন্দ সোণোৱাল

তদুপৰি কৃষিবিভাগে গুৱাহাটীৰ বেটকুছিত নিৰ্মাণ কৰিব খোজা কেন্দ্ৰীয় গৱেষণাগাৰ, প্ৰেক্ষাগৃহ আৰু অতিথিশালাৰো শিলান্যাস কৰে মুখ্যমন্ত্ৰীয়ে । বিজেপি চৰকাৰৰ ‌সময়চোৱাত কৃষকে মৰ্যদা সহকাৰে জীয়াই থকাৰ অধিকাৰ লাভ কৰা বুলি কৈ আগন্তুক দুটা বৰ্ষত কৃষকৰ আয় দুগুণ ‌হ'ব বুলিও আশা প্ৰকাশ কৰে ‌মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

উল্লেখ্য যে, অসমত বিদেশী তথা বহিঃৰাজ্যৰ বিনিয়োগকাৰীয়ে ৫৫ হাজাৰ কোটি টকা বিনিয়োগ কৰিছে ‌বুলি দাবী কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ বুধবাৰে কুমাৰ ভাস্কৰ বাৰ্মা ক্ষেত্ৰত অনুষ্ঠিত এই কাৰ্যসূচীত জলসিঞ্চন মন্ত্ৰী ভবেশ কলিতাও উপস্থিত থাকে ৷ অনুষ্ঠানত জলসিঞ্চন বিভাগৰ শাখা সহায়কৰ নিযুক্তি পত্ৰও প্ৰদান কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

লগতে পঢ়ক: সত্ৰীয়া সংস্কৃতিৰ সমান্তৰালকৈ চৰ্চিত মাজুলীৰ আন এক শিল্প

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.