ETV Bharat / state

ভুল চিকিৎসাৰ বাবে জীৱন মৃত্যুৰে যুজিছে এটি শিশুৱে

author img

By

Published : Aug 10, 2021, 10:24 PM IST

ৰোগীৰ বাবে এজন চিকিৎসক সদায় ভগৱান স্বৰূপ ৷ ইশ্বৰৰ পাছতে এজন চিকিৎসৰ ওপৰতে শেষ ভৰসা কৰে এজন ৰোগী তথা ৰোগীৰ পৰিয়ালে ৷ কিন্তু ৰঙিয়াত সংঘটিত হৈছে ইয়াৰ বিপৰীত ঘটনা ৷ চিকিৎসকৰ বাবেই এটি শিশুৱে এতিয়া মৃত্যুৰে যুঁজাৰ অভিযোগ উঠিছে ৰঙিয়াত ৷

young-child-struggling-for-life-due-to-doctors-negligence-in-rangia
চিকিৎসকৰ ভুল চিকিৎসাৰ বাবে জীৱন মৃত্যুৰে যুজিছে এটি শিশুৱে

ৰঙিয়া, 10 আগষ্ট : ৰঙিয়াত এজন চিকিৎসকৰ ভুল চিকিৎসাৰ বাবে জীৱন-মৃত্যুৰে যুঁজিছে এটি শিশুৱে ৷ যোৱা 10 মাহে চিকিৎসক গৰাকীৰ ওচৰত চিকিৎসা গ্ৰহণ কৰি এতিয়া নৰক যন্ত্ৰণাত চটফটাইছে শিশুটিয়ে ৷ এই চিকিৎসক গৰাকী হৈছে ৰঙিয়া থানাৰ অন্তৰ্গত শৌলা গাঁৱৰ উমেশ চন্দ্ৰ ডেকা ৷

কেতিয়াবা যদি নিজকে এম বি বি এছ ডাক্তৰ বুলি পৰিচয় দিয়ে কেতিয়াবা আকৌ হোমিঅ’পেথিক চিকিৎসক বুলি পৰিচয় দিয়ে উমেশ চন্দ্ৰ ডেকাই ৷ প্ৰাপ্ত খবৰ অনুসৰি, বিগত 10 মাহে চিকিৎসক উমেশ চন্দ্ৰ ডেকাৰ ওচৰত পুত্ৰ চুমন চাহিলৰ চিকিৎসা কৰাই আছে দৰং জিলাৰ ছিপাঝাৰৰ আবেদুৰ ৰহমান নামৰ এজন ব্যক্তিয়ে ৷ কিন্তু চিকিৎসা গ্ৰহণ কৰাৰ পিছৰে পৰা লাহে লাহে গুৰুতৰভাৱে অসুস্থ হৈ পৰে আবেদুৰ ৰহমানৰ পুত্ৰ চুমন চাহিল ৷

ভুক্তভোগীৰ পিতৃয়ে বৰ্তমান চুমন চাহিলৰ ককালৰ পৰা তলৰ সকলো অংগ ইতিমধ্যে গেলি-পচি যোৱা বুলি চিকিৎসক উমেশ চন্দ্ৰ ডেকাক বিৱৰি কোৱাত খঙত অগ্নিশৰ্মা হৈ উঠে চিকিৎসক উমেশ চন্দ্ৰ ডেকা ৷

ৰোগীৰ মৃত্যু হলে চিকিৎসক দায়ী নহয় বুলি দাবী ধমকি দি চুমন চাহিলৰ পিতৃ আবেদুৰ ৰহমানক খেদি পঠিয়াই চিকিৎসক উমেশ চন্দ্ৰ ডেকাই ৷ অৱশেষত উপাই বিহীন হৈ ন্যায় বিচাৰি আৰক্ষীৰ কাষ চাপিছে শিশুটিৰ পিতৃয়ে ৷ ইতিমধ্যে এই সন্দৰ্ভত ৰঙিয়া থানাত এজাহাৰ দাখিল কৰিছে শিশুটিৰ পিতৃ আবেদুৰ ৰহমানে ৷

লগতে পঢ়কঃ 20 খন বিচনাযুক্ত ICU কক্ষ উদ্বোধন স্বাস্থ্যমন্ত্ৰীৰ

কিন্তু এই ক্ষেত্ৰত আৰক্ষীয়ে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী শিশুটিৰ পিতৃয়ে ৷ উল্লেখ্য যে,নিজকে এম বি বি এছ ডাক্তৰ বুলি পৰিচয় দিয়া মেশ চন্দ্ৰ ডেকাৰ চেম্বাৰ দেখিলে সচেতন লোকৰ চকু কপালত উঠিব ৷ গোহালী সদৃশ গৃহ এটিত ৰোগীক চিকিৎসা কৰে উমেশ চন্দ্ৰ ডেকাই ৷

কিন্তু চিকিৎসাৰ বাবে এদিনত মাননি লয় 1200 টকা ৷ আনহাতে ৰোগীৰ পৰিয়ালে ঔষধৰ কথা সুধিলে ৰাতি ৰাতি নিজেই ঔষক প্ৰস্তুত কৰো বুলি জনাই চিকিৎসক গৰাকীয়ে ৷ চিকিৎসক গৰাকীৰ কাৰুকাৰ্যলৈ চাই তেঁও প্ৰকৃততে চিকিৎসক হয় নে নহয় সেই লৈয়ো সন্দেহ প্ৰকাশ কৰিছে ভুক্তভোগী শিশু চুমন চাহিলৰ পিতৃয়ে ৷

এই সন্দৰ্ভতো আৰক্ষীক উচিত তদন্ত কৰিবলৈ আহ্বান জনাইছে চুমন চাহিলৰ পিতৃ আবেদুৰ ৰহমানে ৷

লগতে পঢ়কঃ পেগাচাছৰ তদন্ত সন্দৰ্ভত ১৬ আগষ্টলৈ আদালতৰ শুনানি স্থগিত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.