ETV Bharat / state

বোৱাৰী নিৰ্যাতন: ছয়গাঁৱত মহিলাৰ উত্তাল প্ৰতিবাদ

author img

By

Published : Aug 19, 2019, 7:00 PM IST

দক্ষিণ কামৰূপৰ আমত’লা সত্ৰৰ এগৰাকী বোৱাৰীক স্বামী গৃহৰ লোকে অকথ্য নিৰ্যাতন কৰি ঘৰৰ পৰা উলিয়াই দিয়াৰ প্ৰতিবাদত শতাধিক মহিলাৰ প্ৰতিবাদী কাৰ্যসূচী

বোৱাৰী নিৰ্যাতন: ছয়গাঁৱত মহিলাৰ উত্তাল প্ৰতিবাদ

দক্ষিণ কামৰূপ, 19 আগষ্ট: দক্ষিণ কামৰূপৰ কুকুৰমাৰাৰ আমত’লা সত্ৰত সংঘটিত হোৱা তথা সভ্য সমাজক লজ্জানত কৰা বোৱাৰী নিৰ্যাতনৰ ঘটনাই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ দক্ষিণ কামৰূপ অঞ্চলত । ঘটনা অনুসৰি কুকুৰ মাৰাৰ আমতলা সত্ৰ গাঁৱৰ নিবাসী জুবুল দাস নামৰ লোকজনে নিজৰ পত্নী মৰমী দাসক বহু দিন ধৰি অকথ্য নিৰ্যাতন কৰি আহিছিল ৷ কিন্তু যোৱা শনিবাৰে অমানবীয়তাৰ সকলো সীমা অতিক্ৰম কৰি স্বামী জুবুল দাসে পৰিয়ালৰ আন সদস্যৰে মিলি নিজ পত্নীক পথাৰৰ মাজত পেলাই থৈ আহে ৷ কিন্তু ভাগ্যক্ৰমে পাছত মুমূৰ্ষ অৱস্থাত বোৱাৰী গৰাকীক স্থানীয় লোকে উদ্ধাৰ কৰি পিতৃ গৃহলৈ লৈ যায় ৷ সকলো ঘটনাৰ গম পোৱাৰ পাছত নিৰ্যাতিত বোৱাৰীগৰাকীৰ পিতৃয়ে ছয়গাঁও থানাত এজাহাৰ দাখিল কৰে৷

উল্লেখযোগ্য যে প্ৰেমসূত্ৰে জুবুললৈ পলাই গৈছিল মৰমী দাস, পাছত ২০১৭ চনৰ ফ্ৰেব্ৰুৱাৰী মাহত দুয়োৰো আনুষ্ঠানিকভাৱে বিবাহ সম্পন্ন হৈছিল আৰু ইয়াৰ পাছতে জুবুলে যৌতুক বিচাৰি মৰমীৰ ওপৰত আৰম্ভ কৰিছিল অত্যাচাৰ ৷ আনকি মৰমীৰ গৰ্ভত থকা চাৰি মহীয়া ভ্ৰণও নষ্ট কৰাইছিল স্বামী জুবুলে ৷ ইতিমধ্যে পাষাণ স্বামী জুবুল দাসক মৰমীৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৷ তাৰ পাছতে আজি মৰমী দাসৰ শহুৰ আৰু শাহুৱেকক গ্ৰেপ্তাৰ কৰাৰ দাবীত আমত’লা সত্ৰৰ কেইবাটাও সংগঠনৰ সহযোগত শতাধিক মহিলাই প্ৰতিবাদ সাব্যস্ত কৰি ছয়গাঁও চক্ৰ বিষয়াৰ হাতত এখন স্মাৰকপত্ৰ প্ৰদান কৰে ৷

Intro:দক্ষিণ কামৰূপৰ কুকুৰমাৰাৰ আমত’লা সত্ৰৰ এগৰাকী বোৱাৰীক স্বামী গৃহৰ লোকে অকথ্য নিৰ্যাতন কৰি ঘৰৰ পৰা উলিয়াই দিয়াৰ প্ৰতিবাদত সোমবাৰে শতাধিক মহিলাই ছয়গাঁও চক্ৰ বিষয়াৰ কাৰ্যালয়ত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে বিভিন্ন দাবীৰ সমৰ্থনত চক্ৰ বিষয়াৰ ওচৰত এখন স্মাৰকপত্ৰ প্ৰদান কৰেে ৷ Body:ছয়গাঁও ১৯ আগষ্ট : দক্ষিণ কামৰূপৰ কুকুৰমাৰাৰ আমত’লা সত্ৰত সংঘটিত হোৱা তথা সভ্য সমাজক লজ্জানত কৰা বোৱাৰী নিৰ্যাতনৰ ঘটনাই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ দক্ষিণ কামৰূপ অঞ্চলত ।কুকুৰমাৰাৰ আমতলা সত্ৰ গাঁৱৰ তথা বৰ্তমান মিলনপুৰ বাঢ়ন্তী গাঁৱৰ জুবুল দাস নামৰ লোকজনে নিজৰ পত্নী মৰমী দাসক প্ৰতিদিনে বান্ধি লৈ অত্যাচাৰ চলাই আহিছিল অমানৱীয়ভাৱে । ওৰে নিশা বান্ধি লৈ প্ৰহাৰ কৰি বন্য উল্লাহত মতলীয়া হয় স্বামী জুবুল দাসৰ লগতে তেওঁৰ পৰিয়ালৰ লোক । আনকি বেয়া চকুৰেও চাইছিল শহুৰেক দিবাকৰ দাসে ৷ পৰিণতিত শনিবাৰে নিশা চৰম সীমা পাৰ হৈ স্বামী বুবুল দাসে পৰিয়ালৰ আন সদস্যৰ সহযোগত নিজ পত্নীক পথাৰৰ মাজত পেলাই থৈ আহে । কোনোমতে এগৰাকী বান্ধৱীলৈ ফোন কৰি বোৱাৰীগৰাকীৰ অৱস্থাৰ কথা জনোৱাত আন লোকে বোৱাৰী গৰাকীক মূমূৰ্য অৱস্থাত পিতৃ গৃহত থৈ যায় ৷অৱশেষত নিৰ্যাতিত বোৱাৰীগৰাকীৰ পিতৃয়ে ছয়গাঁও থানাত দাখিল কৰিলে এজাহাৰ । উল্লেখযোগ্য যে মৰমী আৰু জুবুলৰ প্ৰেমৰ সুত্ৰে ২০১৬ চনৰ মাজ ভাগত দুয়োজনে পলাই যায় ৷ পিচত ২০১৭ চনৰ ফ্ৰেব্ৰুৱাৰী মাহত দুয়োৰো আনুষ্ঠানিকভাৱে বিবাহ সম্পন্ন হয় ৷ আৰু তাৰ পিচৰ পৰা লম্পট স্বামী জুবুলে মৰমীৰ ঘৰৰ পৰা যৌতুক বিচাৰি নানান শাৰীৰিক অত্যাচাৰ কৰিবলৈ ধৰে ৷ আনকি মৰমীৰ গৰ্ভত থকা চাৰি মহীয়া শিশুটিও মাৰি পেলায় ৷ এনেদৰে প্ৰায়ে মৰমীৰ ওপৰত চলে অকথ্য নিৰ্যাতন ৷ ইফালে পাষাণ স্বামী জুবুল দাসক মৰমীৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৷
আনহাতে দেওবাৰে পুৱা শতাধিক মহিলা উপস্থিত হৈ মৰমী দাসৰ স্বাস্থ্যৰ বুজ লৈ এক প্ৰতিবাদ সাব্যস্ত কৰি জুবুল দাসৰ লগতে পৰিয়ালৰ লোকৰ শাস্তিৰ দাবী তুলে । বিভিন্ন প্ৰতিবাদী শ্লোগান দি উত্তাল কৰিলে পৰিৱেশ । আনহাতে আৰক্ষীয়ে মৰমী দাসৰ শহুৰ আৰু শাহুৱেকক গ্ৰেপ্তাৰ কৰাৰ দাবীৰ লগতে পাষাণ যুৱক জুবুল দাসে যাতে জামিন পাব নোৱাৰে তাৰ দাবীত সোমবাৰে আমত’লা সত্ৰৰ কেইবাটাও সংগঠনৰ সহযোগত শতাধিক মহিলাই ছয়গাঁও চক্ৰ বিষয়াৰ হাতত এখন স্মাৰকপত্ৰ প্ৰদান কৰে ৷ তেওঁলোকে ঘাই পথেৰে এক প্ৰতিবাদী সমদল উলিয়ওৱাৰ লগতে বিভিন্ন দাবীৰ সমৰ্থনত শ্লগানো দিয়ে ৷Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.