ছয়গাঁও,২০ জুনঃ দক্ষিণ কামৰূপৰ সাপৰটাৰী গাঁও পঞ্চায়তৰ সচিব অমল শৰ্মা আৰু ৰামপুৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া প্ৰবীণ শইকীয়াৰ বিৰুদ্ধে দুৰ্নীতি আৰু অনিয়মৰ অভিযোগ সাধাৰণ ৰাইজৰ ৷ ৰাইজৰ ভাষ্য অনুসৰি এই দুগৰাকী বিষয়াৰ বাবেই পঞ্চায়তখনৰ নতুন সাপৰটাৰী গাঁও,পাৰঘাট আৰু উত্তৰ সাপৰটাৰী গাঁৱৰ প্ৰায় ১০০টা পৰিয়ালৰ আগন্তুক ১০/১৫ বছৰলৈ প্ৰধানমন্ত্ৰী আৱাসগৃহ যোজনাৰ গৃহৰ পৰা বঞ্চিত হ’বলগীয়া হ’ল ৷ কেৱল সেয়াই নহয় এই দুগৰাকী বিষয়াৰ লগতে জি আৰ এছ গৰাকীৰ বাবে বহু চৰকাৰী আচঁনিত দুৰ্নীতি হোৱাৰো অভিযোগ উত্থাপিত কৰিছে ৰাইজে ৷
উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী আৱাসগৃহ যোজনাৰ গৃহ আবণ্টনৰ বাবে কেন্দ্ৰীয় চৰকাৰে চলাব দিয়া জৰীপ কাৰ্যৰ কাম ইতিমধ্যে সমাপ্ত হয় যদিও বিষয়া দুগৰাকীৰ চৰম গাফিলতিৰ বাবে নিৰ্দিষ্ট সময়ৰ ভিতৰত পঞ্চায়তখনৰ আন আন ৱাৰ্ড সমূহৰ বিপৰীতে ৪ আৰু ৫নং ৱাৰ্ডত জৰীপ চলোৱা নহ'ল ৷ যাৰ ফলত অনাগত ১০/১৫ বছৰলৈকে উক্ত তিনিখন গাঁৱৰ প্ৰায় ১০০ টা পৰিয়াল প্ৰধানমন্ত্ৰী আৱাসগৃহ যোজনাৰ অধীনত ঘৰ পোৱাৰ পৰা বঞ্চিত হোৱা বুলি জনায় ৰাইজে ৷