ETV Bharat / state

চাংসাৰিৰ আলুৰ গুদাম কতৃপক্ষৰ মইমতালি - Kamrup administration

কামৰূপ জিলাৰ চাংসাৰিত থকা আলু গুদাম কতৃপক্ষৰ মইমতালিত অতিষ্ঠ হৈছে একাংশ স্থানীয় লোক । আলু গুদামৰ বৰ্জিত সামগ্ৰীয়ে পুতি পেলাইছে আবাসীক এলেকা । গেলি পচি যোৱা আলু-পিয়াঁজৰ দুৰ্গন্ধময় পৰিৱেশে সেই অঞ্চলৰ ৰাইজৰ বাবে অশান্তিৰ সৃষ্টি কৰিছে । জানিব পৰা মতে অঞ্চলটোৰ বহু লোক অচিন ৰোগত আক্ৰান্ত হৈছে ।

potato godown
চাংসাৰিৰ আলুৰ গুদাম কতৃপক্ষৰ মইমতালি
author img

By

Published : Jun 9, 2021, 9:05 PM IST

বাইহাটা,৯ জুন: কামৰূপ জিলাৰ চাংসাৰিত থকা আলু গুদাম কতৃপক্ষৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ ৰাইজৰ । গুদাম কতৃপক্ষই আলুৰ দামৰ ক্ষেত্ৰত মইমতালি চলোৱাৰ অভিযোগ ৰাইজৰ । অভিযোগ অনুসৰি কৰ'ণা পৰিস্থিতিৰ মাজতো মূল্যবৃদ্ধিৰে ৰাইজক মাধমাৰ সোধাইছে বণিক গোষ্ঠীয়ে ।

কেৱল এয়াই নহয় চাংসাৰি চৌকিগেটৰ আলু গুদামৰ বৰ্জিত সামগ্ৰীয়ে পুতি পেলাইছে আবাসীক এলেকা । গেলি পচি যোৱা আলু-পিয়াঁজৰ দুৰ্গন্ধময় পৰিৱেশে সেই অঞ্চলৰ ৰাইজৰ বাবে অশান্তিৰ সৃষ্টি কৰিছে । জানিব পৰা মতে অঞ্চলটোৰ বহু লোক অচিন ৰোগত আক্ৰান্ত হৈছে ।

চাংসাৰিৰ আলুৰ গুদাম কতৃপক্ষৰ মইমতালি

জৈন ৱে ব্ৰিজ নামৰ বৃহৎ আলু গুদামৰ মালিক পক্ষৰ মইমতালি তথা ধনবলৰ কৰুণ পৰিণতি ভোগ কৰিব লগা হৈছে কেইবাটাও খিলঞ্জীয়া পৰিয়ালে । ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ সময়ত ঘৰ-বাৰী হেৰুৱাই আশ্ৰয় লৈছিল পৰিয়ালকেইটাই । কিন্তু পৰিয়ালকেইটাৰ চোতাল আলু-পিয়াঁজৰ ডাম্পিং জনত পৰিণত কৰিলে বনিকসকলে ।

গুদাম কতৃপক্ষৰ এনে কাণ্ডত অতিষ্ঠ হৈছে স্থানীয় লোকসকল । অতি শীঘ্ৰে এই ক্ষেত্ৰত প্ৰশাসনৰ হস্তক্ষেপ বিচাৰিছে পৰিয়ালকেইটাই ।

লগতে পঢ়ক:বিশ্বনাথত বানৰ কৱলত ২০ খনৰো অধিক গাঁও

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.