গুৱাহাটী,11ছেপ্তেম্বৰঃ সমগ্ৰ উত্তৰ কামৰূপ এতিয়া অসাধু ব্যৱসায়ীৰ বাবে হৈ পৰিছে ৰম্যভূমি । চোৰাং ব্যৱসায়ৰ লগতে ড্ৰাগছ ঘাটিত পৰিণত উত্তৰ কামৰূপৰ সমগ্ৰ অঞ্চল । ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত বহু কেইজনে ৰঙা ঘৰৰ আলহী হোৱাৰ পিচতো অঞ্চলটোত হ্ৰাস পোৱা নাই ড্ৰাগছৰ চোৰাং বেহা ।
উল্লেখযোগ্য যে,শুকুৰবাৰে পুনৰ চাংসাৰী আৰক্ষীৰ জালত পৰে এজন ড্ৰাগছ সৰবৰাহকাৰী । চাংসাৰী আৰক্ষীয়ে এক গোপন সুত্ৰৰ পম খেদি অভিযান চলাই নুৰ ইছলাম আলীৰ পৰা ২৪ বটল নিষিদ্ধ কফ চিৰাপৰ লগতে কিছু পৰিমাণৰ নিষিদ্ধ টেবলেট উদ্ধাৰ কৰে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ।
লগতে পঢ়কঃ গোৱালপাৰাত প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ লুণ্ঠনঃ বঞ্চিত প্ৰকৃত হিতাধিকাৰী