ETV Bharat / state

স্থাপন হ’ল ঐতিহ্যমণ্ডিত চানডুবি মহোৎসৱৰ লাইখুঁটা - Chandubi festival 2021

সোমবাৰে সম্পূৰ্ণ জনজাতীয় পৰম্পৰাৰে স্থাপন কৰা হ’ল ঐতিহ্যমণ্ডিত চানডুবি মহোৎসৱৰ লাইখুঁটা ৷ লাইখুঁটা স্থাপন কৰে ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ উপাধ্যক্ষ ৰমাকান্ত ৰাভাই ।

As_kam_chandubi_festival_vis_as10020
স্থাপন হ’ল ঐতিহ্যমণ্ডিত চানডুবি মহোৎসৱৰ লাইখুঁটা
author img

By

Published : Nov 30, 2020, 6:03 PM IST

কামৰূপ, 30 নৱেম্বৰঃ চানডুবিত স্থাপন কৰা হ’ল ঐতিহ্যমণ্ডিত চানডুবি মহোৎসৱৰ লাইখুঁটা ৷ সোমবাৰে সম্পূৰ্ণ জনজাতীয় পৰম্পৰাৰে লাইখুঁটা স্থাপন কৰে ৰাভা হাছং স্বায়িত্ব শাসিত পৰিষদৰ উপাধ্যক্ষ ৰমাকান্ত ৰাভাই । 1 জানুৱাৰীৰ পৰা 5 জানুৱাৰীলৈ চানডুবি বিলৰ পাৰত অনুষ্ঠিত কৰা হ’ব ৰাভা সকলৰ ঐতিহ্যপূৰ্ণ চানডুবি মহোৎসৱ ৷ সম্পূৰ্ণ জনজাতীয় পৰম্পৰাৰে অনুষ্ঠিত কৰা এই লাইখুঁটা স্থাপন অনুষ্ঠানত উদযাপক কমিটিৰ লগতে স্থানীয় লোকেও অংশগ্ৰহণ কৰে । লাইখুঁটা স্থাপনৰ পিছতেই পৰম্পৰাগত ৰাভা নৃত্যও পৰিৱেশন কৰে স্থানীয় যুৱক-যুৱতীসকলে ৷

স্থাপন হ’ল ঐতিহ্যমণ্ডিত চানডুবি মহোৎসৱৰ লাইখুঁটা

উল্লেখ্য যে, চলিত বৰ্ষত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ জনাই চানডুবি মহোৎসৱ সমিতিয়ে বাতিল কৰিছিল এই মহোৎসৱৰ সকলো কাৰ্যসূচী ৷ ইয়াৰ পিছতেই বৰ্তমানে ৰাজ্যত কৰ'ণাৰ ভয়াৱহতা কিছু হ্ৰাস পোৱাত জিলা উপায়ুক্তৰ সৈতে মিলিত হৈ পুনৰ চানডুবি মহোৎসৱ আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে উদযাপন সমিতিয়ে । এই চানডুবি মহোৎসৱত প্ৰতিদিনে ক’ভিড প্ৰট’কল মানি কৃষ্টি-সংস্কৃতি জাতি-জনগোষ্ঠীৰ নৃত্য- গীত সমূহ প্ৰদৰ্শন কৰাৰ উপৰিও জনজাতীয় পৰাম্পৰাগত থলুৱা খাদ্যৰো সমাহাৰ ঘটিব ৷ ইয়াৰ উপৰিও চানডুবি বিলত নৌকা বিহাৰো কৰিব পাৰিব পৰ্যটক সকলে ৷

লগতে পঢ়ক-৩ ডিচেম্বৰত প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আদ্যশ্ৰাদ্ধ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.