ETV Bharat / state

অসামাজিক কাৰ্যকলাপৰ ঘাটিলৈ পৰিণত চন্দ্ৰা পানী যোগান আঁচনি

author img

By

Published : Aug 11, 2020, 9:20 PM IST

নিশা হ'লে অসামাজিক কাৰ্যৰ ঘাটিলৈ পৰিণত হয় উত্তৰ গুৱাহাটীৰ চন্দ্ৰা পানী যোগান আঁচনি ৷ প্ৰকল্পটোৱে অঞ্চলবাসীৰ এটা বহুদিনীয়া অভাৱ পূৰণ কৰিব বুলি আশা কৰা হৈছিল যদিও সম্প্ৰতি সেয়া পৰিণত হৈছে ফুটুকাৰ ফেনত ৷

Chandra Water Supply Scheme which has become a hotbed of anti social activities kamrup assam etv bharat news
চন্দ্ৰা পানী যোগান আঁচনি

বাইহাটা,11 আগষ্ট: উন্নয়নৰ ঢাকঢোল বজোৱা স্বাস্থ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টিতে হাহাকাৰ অৱস্থা এটুপি খোৱাপানীৰ বাবে ৷ জনস্বাস্থ্য কাৰিকৰী বিভাগে বিগত দহ বছৰৰ পূৰ্বে নিৰ্মাণ কৰা উত্তৰ গুৱাহাটীৰ চন্দ্ৰা পানী যোগান আঁচনিটোৰ চৌদিশে এতিয়া বিৰাজ কৰিছে কদৰ্যময় পৰিৱেশে ৷ সম্প্ৰতি আঁচনিখনৰ সকলো আচবাব পৰি ৰৈছে হাবিৰ মাজত ৷ আঁচনিখনৰ মূল্যবান পাইপৰ লগতে অন্যান্য সামগ্ৰী সমূহো সম্প্ৰতি পৰিত্যক্ত অৱস্থাত আছে ৷

অসামাজিক কাৰ্যকলাপৰ ঘাটিলৈ পৰিণত চন্দ্ৰা পানী যোগান আঁচনি

উল্লেখ্য যে, নিশা হ'লে অসামাজিক কাৰ্যৰ ঘাটিলৈ পৰিণত হয় পানী যোগান প্ৰকল্পটোৰ চৌহদটো । বিগত প্ৰায় এবছৰে এনেদৰে থকাৰ ফলতে জহি-খহি গৈছে উত্তৰ গুৱাহাটীৰ চন্দ্ৰা ৰাইজৰ বহু প্ৰত্যাশিত পানী যোগান প্ৰকল্পটো ৷ প্ৰকল্পটোৱে অঞ্চলবাসীৰ এটা বহুদিনীয়া অভাৱ পূৰণ কৰিব বুলি আশা কৰা হৈছিল যদিও সম্প্ৰতি সেয়া পৰিণত হৈছে ফুটুকাৰ ফেনত ৷ বৃহত্তৰ উত্তৰ গুৱাহাটীত জনস্বাস্থ্য কাৰিকৰী বিভাগে নিৰ্মাণ কৰা কেইবাটাও পানী যোগান প্ৰকল্প এতিয়া এনেদৰে জহি-খহি গৈছে ৷ তৎসত্বেও ৰাইজৰ সমস্যাৰ প্ৰতি চকু দিবলৈ আহৰি নাই জন প্ৰতিনিধিৰ ৷

লগতে চাওকঃ হোজাইত উদ্ধাৰ হোৱা মৃতদেহ চিনাক্ত আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.