ETV Bharat / international

লেবাননত ইজৰাইলৰ বিমান আক্ৰমণত শিশুসহ কমেও ২৭৪ জন লোকৰ মৃত্যু - Israeli Airstrikes in Lebanon

Mideast Crisis Worsens: সোমবাৰে ইজৰাইলে লেবাননৰ দক্ষিণ আৰু পূব অঞ্চলত বিমান আক্ৰমণেৰে আঘাত হানে ৷ এই আক্ৰমণত ২১ টি শিশু আৰু ৩৯ গৰাকী মহিলাকে ধৰি কমেও ২৭৪ জন লোকৰ মৃত্যু হয় ।

Mideast Crisis Worsens
Israeli airstrike in Marjayoun (AFP)
author img

By ETV Bharat Assamese Team

Published : Sep 23, 2024, 10:42 PM IST

নিউজ ডেস্ক, ২৩ ছেপ্টেম্বৰ: ইজৰাইলৰ বায়ুসেনাই লেবাননৰ শতাধিক অঞ্চলক লক্ষ্য কৰি সোমবাৰৰ পুৱাৰে পৰা চলোৱা ভয়ংকৰ বিমান আক্ৰমণত ২১ টি শিশু আৰু ৩৯ গৰাকী মহিলাকে ধৰি কমেও ২৭৪ জন লোকৰ মৃত্যু হয় । দক্ষিণ আৰু পূব লেবাননৰ বিভিন্ন গাঁৱৰ বাসিন্দাসকলে ছ’চিয়েল মিডিয়াত ফটো পোষ্ট কৰিছে, য’ত তেওঁলোকে কয় যে তেওঁলোকৰ চহৰত বোমা আক্ৰমণ সংঘটিত হৈছে । চৰকাৰী ৰাষ্ট্ৰীয় সংবাদ সংস্থায়ো বিভিন্ন অঞ্চলত বিমান আক্ৰমণৰ বাতৰি প্ৰকাশ কৰিছে ।

এক সংবাদেমেলত লেবাননৰ স্বাস্থ্যমন্ত্ৰী আবিয়াদে কয়, “২১ টা শিশু আৰু ৩৯ গৰাকী মহিলাকে ধৰি ২৭৪ জন লোকৰ মৃত্যু হৈছে ৷ সেই বিষয়ে আমি এতিয়ালৈকে তথ্য পাইছো ৷” তেওঁ লগতে কয়, “ইজৰাইলৰ আক্ৰমণৰ এসপ্তাহ নৌহওঁতেই লক্ষ্যস্থানৰ পৰা হাজাৰ হাজাৰ পৰিয়াল স্থানচ্যুত হৈছে আৰু প্ৰায় ৫ হাজাৰ লোক আহত হৈছে ।’’ প্ৰায় এবছৰৰ ভিতৰত সীমান্ত অতিক্ৰম কৰি চলোৱা সংঘৰ্ষত এইটোৱেই হৈছে এদিনত নিহত লোকৰ সৰ্বাধিক সংখ্যা ।

দেশখনৰ চৰকাৰী ৰাষ্ট্ৰীয় বাতৰি সংস্থাই কয় যে “শত্ৰুৰ যুদ্ধবিমানে আধা ঘণ্টাত ৮০ টাতকৈও অধিক বিমান আক্ৰমণ আৰম্ভ কৰে”, দক্ষিণ লেবাননৰ অঞ্চলসমূহক লক্ষ্য কৰি, একে সময়তে পূব লেবাননৰ “বেকা” উপত্যকা অঞ্চলত তীব্ৰ অভিযান চলিছে । ইজৰাইলৰ সেনাবাহিনীৰ আৰবী ভাষাৰ মুখপাত্ৰই কয় যে ইজৰাইলৰ বায়ুসেনাই লেবাননৰ হিজবুল্লা উগ্ৰপন্থী সংগঠনৰ সৈতে জড়িত লক্ষ্যত আক্ৰমণ চলাইছে । ইজৰাইলৰ সেনাই দেশখনৰ ৩০০ ৰো অধিক হিজবুল্লাৰ স্থানক লক্ষ্য কৰি লোৱা বুলিও তেওঁ কয় ।

সেনাই এক বিবৃতিত কয় যে সোমবাৰে পুৱাৰে পৰা এতিয়ালৈকে ৩০০ ৰো অধিক হিজবুল্লাৰ স্থানক লক্ষ্য কৰি লোৱা হৈছে । ইয়াৰ পূৰ্বে কোৱা হৈছে যে মাত্ৰ এঘণ্টাৰ ভিতৰতে, পুৱা ৬:৩০ বজাৰ পৰা (৩:৩০ জিএমটি)ৰ পৰা ৭:৩০ বজাৰ ভিতৰত ১৫০ টাতকৈও অধিক বিমান আক্ৰমণ সংঘটিত কৰা হৈছে । বিমান আক্ৰমণৰ কিছু সময়ৰ পূৰ্বে ইজৰাইলৰ সেনাই লেবাননৰ লোকসকলক হিজবুল্লা উগ্ৰপন্থী সংগঠনে অস্ত্ৰ-শস্ত্ৰ মজুত ৰখা ঘৰ আৰু অন্যান্য অট্টালিকাসমূহ তৎক্ষণাত খালী কৰিবলৈ আহ্বান জনায় ।

লেবাননৰ স্বাস্থ্য মন্ত্ৰালয়ে ৩৪ জন আহত বুলি জনাইছে আৰু দক্ষিণ আৰু পূবৰ চিকিৎসালয়সমূহক কয় যে “আহতসকলৰ চিকিৎসাৰ বাবে সুবিধা কৰিবলৈ” সকলো অজৰুৰী অস্ত্ৰোপচাৰ বন্ধ কৰিব লাগে ।

হিজবুল্লাই উত্তৰ ইজৰাইললৈ ১০০ ৰো অধিক ৰকেট নিক্ষেপ কৰাৰ পিছত এই বিমান আক্ৰমণৰ ঘটনা সংঘটিত হৈছে, য’ত কিছুমান হাইফা চহৰৰ ওচৰত অৱতৰণ কৰিছিল । ইজৰাইলেও শ শ বিমানেৰে আক্ৰমণ চলাইছে । শুকুৰবাৰে বেইৰুটৰ উপকণ্ঠ অঞ্চলত ইজৰাইলৰ বিমান আক্ৰমণত হিজবুল্লাৰ এজন শীৰ্ষ সামৰিক সেনাধ্যক্ষ আৰু এক ডজনৰো অধিক সদস্যৰ লগতে মহিলা আৰু শিশুকে ধৰি কেইবা ডজনো সাধাৰণ নাগৰিকৰ মৃত্যু হোৱাৰ পিছতে হিজবুল্লাৰ এই ৰকেট আক্ৰমণ চলিছিল ।

যোৱা সপ্তাহত লেবাননৰ বিভিন্ন ঠাইত মূলতঃ হিজবুল্লাৰ সদস্যসকলে ব্যৱহাৰ কৰা হাজাৰ হাজাৰ যোগাযোগ যন্ত্ৰ বিস্ফোৰণ ঘটোৱাত ৩৯ জন লোকৰ মৃত্যু হোৱাৰ লগতে প্ৰায় ৩ হাজাৰ লোক আহত হয় । লেবাননে এই আক্ৰমণৰ বাবে ইজৰাইলক জগৰীয়া কৰিছিল যদিও ইজৰাইলে নিজৰ দায়িত্ব নিশ্চিত বা অস্বীকাৰ কৰা নাছিল ।

হিজবুল্লাই ইজৰাইলৰ ৩ টা স্থানক লক্ষ্য কৰি লৈছে

হিজবুল্লাই কয় যে দক্ষিণ আৰু পূব লেবাননত ইজৰাইলে তীব্ৰ আক্ৰমণৰ প্ৰতিশোধ হিচাপে সামৰিক উৎপাদন কেন্দ্ৰকে ধৰি উত্তৰ ইজৰাইলৰ তিনিটা স্থানক লক্ষ্য কৰি লৈছে । গোটটোৱে এক বিবৃতিত কয় যে, “দক্ষিণ আৰু বেকা অঞ্চলক লক্ষ্য কৰি ইজৰাইলৰ শত্ৰুৰ আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে হিজবুল্লাৰ যোদ্ধাসকলে উত্তৰ ইজৰাইলৰ দুটা সামৰিক স্থানৰ লগতে হাইফা চহৰৰ উত্তৰত থকা “ৰাফেল প্ৰতিৰক্ষা উদ্যোগ কমপ্লেক্স”ত বোমা বিস্ফোৰণ কৰে ।

ইজৰাইলৰ তীব্ৰ আক্ৰমণৰ মাজতে লেবাননৰ প্ৰধানমন্ত্ৰীৰ ধিক্কাৰ

ইজৰাইলৰ তীব্ৰ আক্ৰমণৰ মাজতে লেবাননৰ প্ৰধানমন্ত্ৰী নাজিব মিকাটিয়ে “ধ্বংসাত্মক পৰিকল্পনা”ক ধিক্কাৰ দিয়ে । কেবিনেট বৈঠকত মিকাটিয়ে কয় যে লেবাননৰ ওপৰত ইজৰাইলৰ আগ্ৰাসন অব্যাহত থকাটো প্ৰতিটো অৰ্থতে নিঃশেষকৰণৰ যুদ্ধ আৰু লেবাননৰ গাঁও, নগৰ ধ্বংস কৰাৰ লক্ষ্যৰে ধ্বংসাত্মক পৰিকল্পনা । তেওঁ "ৰাষ্ট্ৰসংঘ আৰু সাধাৰণ পৰিষদ আৰু প্ৰভাৱশালী দেশসমূহক ইজৰাইলৰ আগ্ৰাসনক বাধা দিবলৈ আহ্বান জনায় ।

২ দিনৰ বাবে লেবাননৰ বিদ্যালয় বন্ধ ঘোষণা

লেবাননৰ শিক্ষামন্ত্ৰীয়ে সোমবাৰে কয় যে ইজৰাইলৰ আক্ৰমণ তীব্ৰতৰ হোৱাৰ লগে লগে লেবাননৰ পূব আৰু দক্ষিণৰ লগতে বেইৰুটৰ দক্ষিণ উপকণ্ঠ অঞ্চলৰ বিদ্যালয় দুদিনৰ বাবে বন্ধ থাকিব । এক বিবৃতিত শিক্ষামন্ত্ৰী আব্বাছ হালাবীয়ে সোমবাৰ আৰু মঙলবাৰে সেই অঞ্চলসমূহত ছাত্ৰ-ছাত্ৰীৰ বাবে আতংকৰ সৃষ্টি কৰা “নিৰাপত্তা আৰু সামৰিক পৰিস্থিতি”ৰ বাবে “ৰাজহুৱা আৰু ব্যক্তিগত বিদ্যালয়সমূহ বন্ধ কৰাৰ কথা ঘোষণা কৰে ।

লেবাননক ইজৰাইলৰ সকীয়নি

ইজৰাইলৰ সেনাই সোমবাৰে দক্ষিণ আৰু পূব লেবাননত হিজবুল্লাৰ লক্ষ্যত আঘাত হানে আৰু অধিক আক্ৰমণ হ’ব বুলি কয় ৷ আন্তঃৰাষ্ট্ৰীয় সংযমৰ আহ্বানৰ পিছতো লেবাননৰ লোকসকলক ক্ষতিৰ পৰা আঁতৰি থাকিবলৈ সকীয়াই দিয়ে ।

হিজবুল্লা আৰু ইজৰাইলী বাহিনীৰ মাজত প্ৰায় এবছৰ ধৰি সীমা অতিক্ৰম কৰি চলি থকা গুলীচালনাৰ পিছত যোৱা বছৰৰ ৭ অক্টোবৰত গাজা ষ্ট্ৰিপত ইজৰাইল আৰু পেলেষ্টাইনী হামাছ উগ্ৰপন্থীৰ মাজত যুদ্ধ আৰম্ভ হোৱাৰ পিছত এই সপ্তাহৰ শেষৰ ফালে এই আক্ৰমণ আটাইতকৈ তীব্ৰ হৈছে ।

ইজৰাইলৰ সামৰিক মুখপাত্ৰ ৰিয়াৰ এডমিৰেল ডেনিয়েল হাগাৰীয়ে লেবাননৰ লোকসকলৰ আগত প্ৰথমবাৰৰ বাবে আহ্বান জনাই হিজবুল্লাৰ সৈতে জড়িত সম্ভাব্য লক্ষ্যৰ পৰা আঁতৰি থাকিবলৈ কয় ৷ কাৰণ আক্ৰমণ “অদূৰ ভৱিষ্যতৰ বাবে চলিব”। হাগাৰীয়ে কয় যে ইজৰাইলৰ সেনাই “গোটেই লেবাননত ব্যাপকভাৱে নিহিত হৈ থকা সন্ত্ৰাসবাদী লক্ষ্যৰ বিৰুদ্ধে অধিক বিস্তৃত আৰু নিখুঁত আক্ৰমণ চলাব”।

তেওঁ সাধাৰণ নাগৰিকসকলক নিজৰ সুৰক্ষাৰ বাবে তৎক্ষণাত ক্ষতি হ’ব পৰা স্থানৰ পৰা আঁতৰি আহিবলৈ আহ্বান জনায় । লেবাননৰ শক্তিশালী ৰাজনৈতিক আৰু সামৰিক শক্তি হিজবুল্লাই কয় যে তেওঁলোকে হামাছৰ সমৰ্থনত কাম কৰি আছে ।

ইজৰাইলৰ ‘আগ্ৰাসন’ বন্ধ কৰাৰ আহ্বান ইৰাকৰ শীৰ্ষ ছিয়া ধৰ্মগুৰুৰ

ইৰাকৰ ছিয়া ইছলামৰ সৰ্বোচ্চ গুৰু আয়াতুল্লাহ আলী চিস্তানীয়ে সোমবাৰে লেবাননৰ বিৰুদ্ধে ইজৰাইলী “আগ্ৰাসন”ৰ অন্ত পেলোৱাৰ বাবে “সম্ভৱ প্ৰচেষ্টা”ৰ বাবে আবেদন জনায় ৷ য’ত ইজৰাইলে ছিয়া হিজবুল্লা সংগঠনক লক্ষ্য কৰি লৈছে । এই বৰ্বৰ আগ্ৰাসনৰ অন্ত পেলাবলৈ আৰু লেবাননৰ জনসাধাৰণক সুৰক্ষা দিবলৈ সম্ভৱ সকলো প্ৰচেষ্টা কৰিবলৈ চিস্তানীয়ে আহ্বান জনায় ।

লেবানন হৈ পৰিল ‘অন্য এক গাজা’

বাৰ্ষিক সাধাৰণ পৰিষদৰ পূৰ্বে দেওবাৰে ৰাষ্ট্ৰসংঘৰ মুৰব্বী এণ্টনিঅ’ গুটেৰেছে লেবাননক “আন এখন গাজা” হোৱাৰ সতৰ্কবাণী দি কয় যে তাত যুদ্ধবিৰতিৰ প্ৰতি দুয়োপক্ষই আগ্ৰহী নহয় বুলি স্পষ্ট ।

ৰাষ্ট্ৰসংঘত বিশ্ব নেতাসকলৰ বাৰ্ষিক সমাৱেশৰ পূৰ্বে চিএনএনৰ সৈতে হোৱা এক সাক্ষাৎকাৰত গুটেৰেছে ইজৰাইল আৰু হামাছৰ মাজত এঘাৰ মাহৰ যুদ্ধৰ অন্তত গাজা ষ্ট্ৰিপত যুদ্ধবিৰতিৰ সম্ভাৱনাক লৈ সন্দেহ প্ৰকাশ কৰে । ‘‘মোৰ বাবে স্পষ্ট যে দুয়োপক্ষই যুদ্ধবিৰতিৰ প্ৰতি আগ্ৰহী নহয়, আৰু সেয়া এক ট্ৰেজেডী, কাৰণ ই এক যুদ্ধ যিটো বন্ধ হ’ব লাগিব ।’’ গুটেৰেছে কয় ।

“ইজৰাইল চৰকাৰ বা হামাছেও সঁচাকৈয়ে যুদ্ধবিৰতি নিবিচাৰে ।” এই সপ্তাহত ইজৰাইল আৰু হিজবুল্লাৰ মাজত সীমা অতিক্ৰম কৰি গুলীচালনা তীব্ৰতৰ হোৱাৰ পিছত গুটেৰেছে কয় যে, “লেবানন আন এখন গাজালৈ ৰূপান্তৰিত হোৱাৰ সম্ভাৱনাক লৈ মোৰ চিন্তা হৈছে ।”

লগতে পঢ়ক: পেজাৰ, ৱাক-টকী বিস্ফোৰণ; হাইব্ৰিড যুদ্ধৰ ইংগিত নেকি ? - Hybrid War

লেবাননত ৱাকি-টকী বিস্ফোৰণত নিহত ২০, আহত ৪৫০ - Walkie Talkie Explosions in Lebanon

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.