আজাৰা,19 মাৰ্চঃ আজাৰাৰ কাহিকুছিস্থিত বিমানবন্দৰ আবাসীক এলেকাত চি বি আইৰ তালাচী অভিযান । গড়কাপ্তানী বিভাগৰ কাৰ্যবাহী অভিযন্তা ৰাজীৱ কুমাৰ খন্না নামৰ লোক জনৰ বাসগৃহত এই তালাচী অভিযান চি বি আই দলটোৰ ।
কেন্দ্ৰীয় গড়কাপ্তানী বিভাগৰ কাৰ্যবাহী অভিযন্তা ৰাজীৱ কুমাৰ খান্নাৰ মহানগৰীৰ আজাৰাৰ কাহিকুছিস্থিত বিমানবন্দৰ আবাসত চি বি আইয়ে অভিযান চলায় । উল্লেখ্য যে, ৪০ লাখ টকাৰ বিল আদায়ৰ বাবদ ২ শতাংশ কমিচন আৰু ১০ হাজাৰ টকা ঘোচ লওতেই হাতো লোতে ধৰা পৰিছিল ৰাজীৱ কুমাৰ খান্না। বুধবাৰে নিশাৰ পৰাই ৰাজীৱ কুমাৰৰ ঘৰত তালাচী চলাই চি বি আইৰ দলটোৱে। কিন্তু বৰ্তমানলৈ সাংবাদিকৰ আগত বিশেষ কোনো তথ্য সদৰি কৰা নাই চি বি আইৰ বিষয়াই ।