ETV Bharat / state

বিগত দহটা বছৰত প্ৰকৃততে কি উন্নয়ন হ’ল বিটিচিত ?

পুঠিমাৰী নৈৰ ওপৰত থকা দলঙখনৰ নিৰ্মাণ কাৰ্য্য আৰম্ভ হৈছিল ১০ বছৰ পূৰ্বে । দলঙখনৰ আধাৰ শিলা স্থাপন কৰিছিল বিটিচিৰ মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰীয়ে । দুয়োপাৰৰ ৰাইজৰ বাবে অতি গুৰুত্বপূৰ্ণ দলঙখন ৰঙিয়া গড়কপ্টানি বিভাগে কিছু নিৰ্মাণ কৰিয়েই আভুৱা ভাৰিলে সাধাৰণ জনতাক । এটা দশকৰ পিছতো সম্পূৰ্ণ নহ'ল দলঙখন ।

বিগত দহটা বছৰত প্ৰকৃততে কি উন্নয়ন হ’ল বিটিচিত !

author img

By

Published : Dec 4, 2020, 4:37 PM IST

ৰঙিয়া,4 ডিচেম্বৰঃ নিৰ্বাচনৰ পূৰ্বে ৰাজনৈতিক দল সমূহে উন্নয়নকলৈ যিমানেই ঢাক-ঢোল নবজাওক কিয়, প্ৰকৃত ছবিখন কিন্তু সম্পূওলোটা । এই কথাৰ প্ৰমাণ পোৱা যায় বাক্সা জিলাৰ অন্তৰ্গত ৰঙিয়া বিধান সভা সমষ্টিৰ কাউৰবাহাৰ সমীপৰ দলংঘাটত ।

বিগত দহটা বছৰত প্ৰকৃততে কি উন্নয়ন হ’ল বিটিচিত !

উল্লেখযোগ্য যে, পুঠিমাৰী নৈৰ ওপৰত থকা দলঙখনৰ নিৰ্মাণ কাৰ্য্য আৰম্ভ হৈছিল ১০ বছৰ পূৰ্বে । দলঙখনৰ আধাৰ শিলা স্থাপন কৰিছিল বিটিচিৰ মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰীয়ে । দুয়োপাৰৰ ৰাইজৰ বাবে অতি গুৰুত্বপূৰ্ণ দলঙখন ৰঙিয়া গড়কপ্টানি বিভাগে কিছু নিৰ্মাণ কৰিয়েই আভুৱা ভাৰিলে সাধাৰণ জনতাক । এটা দশকৰ পিছতো সম্পূৰ্ণ নহ'ল দলঙখন । অথচ সেইখিনি সময়ত দিছপুৰত কংগ্ৰেছ আৰু বিটিএডিত আছিল বিপিএফৰ চৰকাৰ । তাৰ পিছত আহিল বিজেপিৰ চৰকাৰ । কথাত উন্নয়নৰ হিলৈজাৰি মৰা নেতাবোৰে আজিকোপতি নিদিলে দলঙ খনত গুৰুত্ব । দলঙৰ নামত আৱণ্টিত ধনবোৰ কলৈ গ'ল সেয়া কোনেও নাজানিলে। সময়ে সময়ে সলনি হৈ থাকিল ঠিকাদাৰ । ৰাইজে নিজেই বাহৰ দলং সাজি খৰালি মাহত বিপদসংকুল ভাবে কোনোমতে পাৰ হয় নৈখনৰে ।

বৰ্তমান পৰ্যন্ত নৈপৰীয়া দুয়োপাৰৰ ৰাইজৰ যাতায়তৰ যান্ত্ৰণাক লৈ ভ্ৰক্ষেপ নাই হাগ্ৰামা মহিলাৰীৰ লগতে গোৰেশ্বৰ পৰিষদীয় সমষ্টিৰ প্ৰাক্তন ই এম মহেশ্বৰ বসুমতাৰী তথা স্থানীয় বিধায়কৰ । অথচ বিটিআৰ নিৰ্বাচনৰ বাবে দলঙখনৰ নাতিদূৰতে পাতিছে সকলোৱে নিৰ্বাচনী সভা। ভাষণত আখৈ ফুটিছে উন্নয়নৰ । কিন্তু বাস্তৱতহে ইয়াৰ ওলোটা ছবি । নিৰ্বাচনক লৈ ৰাজনৈতিক দল সমূহ যিমান তৎপৰ, সেই অনুপাতে উন্নয়নৰ ক্ষেত্ৰত কিমান তৎপৰ ৰাজনৈতিক দল সমূহ, ৰাইজৰ মনত এতিয়া উদয় হৈছে প্ৰশ্নৰ ।

লগতে পঢ়কঃ কয়লা মাফিয়া সত্যনাৰায়ণ আগৰৱালাৰ বাসগৃহত আয়কৰ বিভাগৰ তালাচী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.