বকো, 28 ডিচেম্বৰ : সমগ্ৰ ভাৰতবৰ্ষতে সোমবাৰে ভাৰতীয় জাতীয় কংগ্ৰেছ দলে 136 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰিছে । এই দিৱস কামৰূপ জিলাৰ বকোতো উদযাপন কৰে কংগ্ৰেছ দলৰ কৰ্মকৰ্তাসকলে । বকো ব্লক কংগ্ৰেছ কমিটীৰ ৰাজীৱ ভৱন আৰু ছমৰীয়া ব্লকৰ নগৰবেৰাত থকা ইন্দিৰা ভৱনতো ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰে ।
নগৰবেৰাৰ ইন্দিৰা ভৱনত মূখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে সমাজসেৱক তথা কংগ্ৰেছ দলৰ সক্ৰিয় কৰ্মকৰ্তা ভৱেশ চন্দ্ৰ দাসে । এই উপলক্ষে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নিৰ্দেশ ক্ৰমে ছমৰীয়া ব্লক কংগ্ৰেছ কমিটীৰ উদ্যোগত 'একতা-সদ্ভাৱনা সংকল্প' পাঠ কৰাই ছমৰীয়া ব্লক কংগ্ৰেছ কমিটীৰ সভাপতি ধনেশ্বৰ বায়নে ।
অসম তথা ভাৰতবৰ্ষক বিভিন্ন ধৰণে ভাগ ভাগ কৰিব চেষ্টা চলোৱা বিভিন্ন অপশক্তিক ভাৰতৰ পৰা আঁতৰাই পেলোৱাৰ সংকল্প গ্ৰহণ কৰে কংগ্ৰেছ দলৰ কৰ্মকৰ্তাসকলে । আগন্তুক বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দল যথেষ্ট সক্ৰিয় ৰূপত আগবাঢ়ি অসমত চৰকাৰ গঠন কৰিব বুলি আশাবাদী বুলি জানিবলৈ দিয়ে ভৱেশ চন্দ্ৰ দাসে ৷ লগতে দাসে আশা প্ৰকাশ কৰিছে যে, আঞ্চলিক দলসমূহৰ পৰা আগন্তুক বিধানসভা নিৰ্বাচনত কোনো ধৰণৰ ক্ষতি নহয় ।
লগতে পঢ়ক: মাজুলীৰ দীপ্তিৰ কণ্ঠত আৰ্কষিত অসমবাসী