বকো,10 মাৰ্চঃ অসম মেঘালয় সীমান্তৱৰ্তী বকোৰ লাম্পীত সোমবাৰে নিশা গুলিচালনাৰ ঘটনা সংঘটিত হয়। পুৱতি নিশা প্ৰায় ২ বজাত সংঘটিত হয় এই ঘটনা । পিষ্টলেৰে খাৰবানী নামৰ লোক এজনে ফুটাই এজাই গুলী। কৰ্তব্যৰত অসম আৰক্ষী,বেটেলিয়ানক টাৰ্গেট খাৰবানীয়ে গুলিচালনা কৰাৰ অভিযোগ। অসমৰ গাঁওৰক্ষী বাহিনীকো অকথ্য গালি-গালাজ পাৰে লোকজনে । অত্যাধিক সুৰাপান কৰি এই কাণ্ড সংঘটিত কৰে খাৰবানীয়ে। অসমৰ লাম্পী মেঘালয়ৰ বুলিও দাবী কৰে লোকজনে ।
ইফালে শীঘ্ৰেই লাম্পী ত্যাগ কৰিবলৈ সকীয়নি প্ৰদান আৰক্ষী আৰু স্থানীয় লোকক। গুলিচালনাত কোনোধৰণৰ অবাঞ্চিত ঘটনা সংঘটিত হোৱা নাই। খাৰবানী নামৰ লোকজন মেঘালয়ৰ আৰক্ষী বুলি সন্দেহ। অৱশ্যে লোকজনে গুলিচালনা কৰি গালি-গালাজ কৰি নিৰ্বিঘ্নে আতৰি যায় । এখন মাৰুতি কাৰত অকলেই আহিছিল লোকজন। ঘটনাক লৈ লাম্পীত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।
লগতে চাওকঃ