ETV Bharat / state

লক্ ডাউনে বিপদত পেলাইছে মাটিকঠাল খেতিয়কক - খেতিয়ক

বকোত লক ডাউনৰ বাবে মাটিকঁঠাল খেতিয়ক সকলে এতিয়া মুৰে কপালে হাত দিবলগীয়া হৈছে ৷ কাৰণ লক ডাউনৰ বাবে সকলো বজাৰ বন্ধ হৈ পৰাৰ ফলত বিক্ৰী কৰিব পৰা প্ৰচুৰ পৰিমানে উৎপাদন হোৱা মাটি কঠাল ৷

Boko Cultivators Problems For selling Pineapple
বকোত খেতিয়কৰ পানীত হাঁহ নচৰা অৱস্থা !
author img

By

Published : Jun 27, 2020, 6:54 PM IST

বকো, 27 জুনঃ কামৰূপ জিলাৰ বকো অঞ্চলৰ মাটিকঠাল খেতিয়ক সকলৰ এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ লক ডাউনৰ বাবে উৎপাদিত মাটি কঠাল বিক্ৰী কৰিব নোৱাৰাত এতিয়া মূৰে কপালে হাত দিবলগীয়া হৈছে কৃষক সকলে ৷

বকোত খেতিয়কৰ পানীত হাঁহ নচৰা অৱস্থা !

দেশত চলি থকা লক ডাউনৰ বাবে ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । ইয়াৰ বাবেই বিৰূপ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে কামৰূপ জিলাৰ বকো অঞ্চলৰ মাটিকঁঠাল খেতিয়কসকলৰ মাজত । বকোৰ পাহাৰীয়া তথা অসম মেঘালয় সীমান্তৱৰ্তী এলেকা সমূহত প্ৰত্যেক বছৰে প্ৰচুৰ পৰিমাণে আনাৰস উৎপাদন হয় । বিগত বৰ্ষৰ দৰে এইবাৰো প্ৰচুৰ পৰিমানে মাটি কঠাল উৎপাদন হৈছিল যদিও উৎপাদিত ফল সমূহ বিক্ৰী কৰিবলৈ উপযুক্ত বজাৰ পোৱা নাই কৃষক সকলে । তাৰোপৰি মাটিকঁঠালৰ বিক্ৰী যথেষ্ট হ্ৰাস পাইছে আৰু পূৰ্বৰ তুলনাত দৰো হ্ৰাস পাইছে । ফলত এতিয়া আনাৰস খেতিয়কৰ মাজত পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে । ইয়াৰোপৰি মাটিকঠাল সমূহ পৈনত হোৱাত এতিয়া বিক্ৰী কৰিব নোৱাৰিলে পেলাই দিব লাগিব, অন্যথা পচি যোৱাৰো উপক্ৰম ঘটিছে বুলি সাংবাদিকৰ আগত দুখ প্ৰকাশ কৰে কৃষক সকলে ।

লগতে পঢ়ক- প্লাৱিত কজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ 50 শতাংশ অঞ্চল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.