উত্তৰ গুৱাহাটী, 15 এপ্ৰিল : ব্ৰহ্মপুত্ৰ নদীত ভয়ংকৰ অঘটন। উত্তৰ গুৱাহাটী টিলিংগাঁও আৰু ভৰলু নামৰ দুখন নাৱৱৰ মাজত দুৰ্ঘটনা। প্ৰচণ্ড ধুমুহা বতাহৰ ফলত ব্ৰহ্মপুত্ৰত দুখন মাছমৰীয়া নাওডুবাৰ সন্দেহ।নাও দুখনত চাৰিজন মাছমৰীয়া আৰু আটাইকেইজন মাছমৰীয়া আমিনগাঁৱৰ বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ।
বৰ্তমানলৈও কোনো এজন লোকৰ সন্ধান পোৱা নাই স্থানীয় ৰাইজে। আটাইকেইজন মাছমৰীয়া আমিনগাঁৱৰ বুলি সন্দেহ প্ৰকাশ ৰাইজৰ । ইতিমধ্যে ঘটনাস্থলীত SDRF আৰু NDRF বাহিনী উপস্থিত হোৱা বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক : তেজপুৰত কৃষি মন্ত্ৰী অতুল বৰাৰ জৰুৰী বৈঠক