ETV Bharat / state

খেতিয়ক ৰূপত বিধায়ক তথা বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা - kisan morcha

খেতি পথাৰত খোজ দিলে ৰঙিয়াৰ বিধায়ক তথা অসম ৰাজ‍্যিক বিজেপিৰ নৱ নিযুক্ত সভাপতি ভবেশ কলিতাই। বিধায়ক ভৱেশ কলিতাই ৰঙিয়াত কৃষকক সকাহ দিয়াৰ উদ্দেশ্যে সিঁচিলে ধানৰ বীজ ।

BJP state president Bhabesh Kalita
খেতিয়ক ৰূপত বিধায়ক তথা বিজেপি ৰাজ্যিক সভাপতি ভৱেশ কলিতা
author img

By

Published : Jun 29, 2021, 6:44 AM IST

ৰঙিয়া, 29 জুন : ৰাজনীতিৰ পথাৰৰ পৰা খেতি পথাৰত খোজ দিলে ৰঙিয়াৰ বিধায়ক তথা অসম ৰাজ‍্যিক বিজেপিৰ নৱ নিযুক্ত সভাপতি ভৱেশ কলিতাই । বিধায়ক ভৱেশ কলিতাই ৰঙিয়াত কৃষকক সকাহ দিয়াৰ উদ্দেশ্যে সিঁচিলে ধানৰ বীজ । দুৰ্দশাগ্ৰস্ত খেতিয়কক উপকৃত কৰিবৰ বাবে বিনামূলীয়াকৈ সিচাঁ হয় কঠিয়াৰ বীজ ৷

মঙলবাৰে আনুষ্ঠানিকভাৱে ৰাজ্যিক বিজেপিৰ সভাপতি হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পূৰ্বে বিধায়ক কলিতাই গৃহ সমষ্টিত বান অথবা প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্ত কৃষকক সহায় কৰাৰ উদ্দেশ্যে খেতি পথাৰত ভৰি দিয়ে । ৰঙিয়াৰ হৰিয়াণডাবত ৭৫ বিঘা মাটিত কঠিয়াৰ বাবে বাহাদুৰ চাৱন ধানৰ বীজ সিঁচে বিধায় ভৱেশ কলিতাই ।

খেতিয়ক ৰূপত বিধায়ক তথা বিজেপি ৰাজ্যিক সভাপতি ভৱেশ কলিতা

সাংবাদিক আগত বিধায়ক কলিতাই কয়, ভাৰতীয় জনতা পাৰ্টীৰ কৃষক মৰ্চাৰ উদ্যোগত ৰঙিয়াৰ কৃষি বিভাগৰ সহযোগত প্ৰায় 72 বিঘা মাটিত বাহাদুৰ চাৱনৰ কঠিয়া বিজ সিঁচা হয় ৷ হাদুৰ চাৱন খেতিয়ে বান অথবা প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্ত খেতিয়কক বহু পৰিমাণে উপকৃত কৰিব বুলি সদৰি কৰে বিধায়ক গৰাকীয়ে ৷

'কৃষক সকলৰ স্বাৰ্থত কৃষি ক্ষেত্ৰখনক আগুৱাই নিবলৈ প্ৰচেষ্টা হাতত লোৱা হৈছে ৷ আগন্তুক সময়ত বিজেপিয়ে চৰকাৰৰ উদ্যোগত বান প্ৰীড়িত কৃষক ৰাইজক উপকৃতি কৰিব পৰা কৈ ধানৰ বীজ যোগান ধৰাৰ লগতে বান প্ৰতিৰোধৰ ক্ষেত্ৰতো পদক্ষেপ গ্ৰহণ কৰা হ'ব ৷' বিধায়ক ভৱেশ কলিতাই কয় ৷

ৰাজ্যৰ দুদৰ্শাগ্ৰস্ত কৃষকসকলক সহায়ৰ বাবে যেন এতিয়া ক্ৰামৎ তৎপৰ হৈ পৰিছে মন্ত্ৰী তথা বিধায়কসকল ৷ দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহনে গ্ৰহণ কৰিছে এটা বিশেষ ব্যৱস্থা । ডিব্ৰুগড় জিলাৰ কৃষি বিভাগৰ সহযোগত মন্ত্ৰী গৰাকীয়ে বানত ক্ষতিগ্ৰস্থ কৃষক সকলক সহায় কৰিবৰ বাবে কঠিয়া যোগান ধৰা ব্যৱস্থা কৰিছে ৷ ডিব্ৰুগড়ৰ মাহমৰা বালিজান হাইস্কুলৰ খেলপথাৰত দেওবাৰে সমূহীয়া কঠিয়াতলি মুকলি কৰে মন্ত্ৰী যোগেন মহনে । প্ৰায় দহ বিঘা মাটিত উন্নত জাতৰ ধানৰ কঠিয়া সিঁচাৰ ব্যৱস্থা কৰিছে মন্ত্ৰী গৰাকীয়য়ে ৷

লগতে পঢ়ক: এক লাখ নিযুক্তি : মুখ্য সচিবৰ নেতৃত্বত ক'ৰ কমিটি গঠন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.