ETV Bharat / state

গুৱাহাটীত উপস্থিত বিজেপি মহিলা মৰ্চাৰ ৰাষ্ট্ৰীয় সভানেত্ৰী বানথি শ্ৰী নিবাচন

author img

By

Published : Feb 10, 2021, 7:40 AM IST

গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হ'ল ভাৰতীয় জনতা পাৰ্টীৰ মহিলা মৰ্চাৰ ৰাষ্ট্ৰীয় সভানেত্ৰী বানথি শ্ৰী নিবাচন । বুধবাৰে ৰাতিপুৱা শক্তিপীঠ কামাখ্যা মন্দিৰ দৰ্শন কৰি অসম প্ৰদেশ বিজেপিৰ মহিলা মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত অংশগ্ৰহণ কৰিব ৷

গুৱাহাটীত উপস্থিত বিজেপি মহিলা মৰ্চাৰ ৰাষ্ট্ৰীয় সভানেত্ৰী বানথি শ্ৰী নিবাচন
গুৱাহাটীত উপস্থিত বিজেপি মহিলা মৰ্চাৰ ৰাষ্ট্ৰীয় সভানেত্ৰী বানথি শ্ৰী নিবাচন

দক্ষিণ কামৰূপ/আজাৰা, 10 ফেব্ৰুৱাৰী: মঙলবাৰে গুৱাহাটী বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হ'ল ভাৰতীয় জনতা পাৰ্টীৰ মহিলা মৰ্চাৰ ৰাষ্ট্ৰীয় সভানেত্ৰী বানথি শ্ৰী নিবাচন । বিমানবন্দৰত ৰাষ্ট্ৰীয় সভানেত্ৰী গৰাকীক আদৰণি জনাই অসম প্ৰদেশ বিজেপিৰ মহিলা মৰ্চাৰ সভানেত্ৰী অপৰাজিত ভূঞাসহ ৰাজ্যিক মহিলা মৰ্চাৰ বিষয়ববীয়া সকলে । বিমানবন্দৰত ভালেসংখ্যক মহিলা উপস্থিত থাকি ঢোল-পেপাৰে উষ্ম আদৰণি জনাই মহিলা মৰ্চাৰ ৰাষ্ট্ৰীয় সভানেত্ৰী গৰাকীক ৷

উল্লেখ্য যে, সভানেত্ৰী বানথি শ্ৰী নিবাচনে নিশাটি গুৱাহাটীত কটাই বুধবাৰে ৰাতিপুৱা শক্তিপীঠ কামাখ্যা মন্দিৰ দৰ্শন কৰিব । তাৰ পাছতেই গুৱাহাটীৰ কলাক্ষেত্ৰত অনুষ্ঠিত হ'বলগীয়া অসম প্ৰদেশ বিজেপিৰ মহিলা মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত অংশগ্ৰহণ কৰি সভানেত্রীগৰাকীয়ে এখন সংবাদ মেল সম্বোধন কৰিব ।

লগতে পঢ়ক: অংগনবাড়ী কৰ্মীক লৈ অসহায় স্বীকাৰোক্তি মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.