ETV Bharat / state

কমলপুৰ সমষ্টিত বিজেপিৰ বিশাল চাইকেল ৰেলীৰ প্ৰস্তুতি - চাইকেল ৰেলীত অংশ গ্ৰহণ কৰিব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

শুকুৰবাৰে কমলপুৰ সমষ্টিৰ বিজেপি কাৰ্যকৰ্তা সকলে উলিয়াব এক বিশাল চাইকেল ৰেলী ৷ এই চাইকেল ৰেলীত অংশ গ্ৰহণ কৰিব প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

bjp-cycle-rally-will-be-held-at-kamalpur
কমলপুৰ সমষ্টিত বিজেপিৰ বিশাল চাইকেল ৰেলীৰ প্ৰস্তুতি
author img

By

Published : Feb 4, 2021, 10:38 PM IST

Updated : Feb 5, 2021, 10:22 AM IST

গুৱাহাটী,4 ফেব্ৰুৱাৰী: আগন্তুক বিধানসভা নিৰ্বাচনকলৈ ব্যস্ত হৈ পৰিছে ৰাজ্যৰ প্ৰতিটো ৰাজনৈতিক দল ৷ নিজ নিজ ৰাজনৈতিক ৰণ-কৌশলেৰে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ ৰাজনৈতিক নেতা-কৰ্মী সকল ৷ ইয়াৰ মাজতে 5 ফেব্ৰুৱাৰী শুকুৰবাৰে কমলপুৰ সমষ্টিৰ বিজেপি কাৰ্যকৰ্তা সকলে উলিয়াব এক বিশাল চাইকেল ৰেলী ৷ এই চাইকেল ৰেলীত অংশ গ্ৰহণ কৰিব প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ কমলপুৰ সমষ্টিৰ 26 খন পঞ্চায়তৰ প্ৰায় দহ হাজাৰ কাৰ্যকৰ্তাক লগত লৈ 25 কি:মি: দৈৰ্ঘৰ পথত কৰিব চাইকেল ৰেলী ৷ হিমন্ত বিশ্ব শৰ্মাৰ আগমনক লৈ এতিয়া উৎফুল্লিত কমলপুৰ সমষ্টিৰ বিজেপি কাৰ্যকৰ্তা সকল ৷ সমষ্টিটোৰ বিজেপি কৰ্মীয়ে প্ৰকাশ কৰিছে এই কথা ৷

কমলপুৰ সমষ্টিত বিজেপিৰ বিশাল চাইকেল ৰেলীৰ প্ৰস্তুতি

উল্লেখ্য যে,বৰ্তমানৰ মিত্ৰজোঁটৰ অগপৰ বিধায়ক থকা সমষ্টিটোত এক প্ৰকাৰ বিজেপিয়ে নিজাববীয়া প্ৰাৰ্থী দাবী কৰিব বুলিয়ে কব পাৰি ৷ শুকুৰবাৰৰ চাইকেল ৰেলীৰ বাবে বিৰামহীন ভাবে কাম কৰি প্ৰস্তুতি চলাইছে কমলপুৰ সমষ্টিৰ বিজেপিৰ কাৰ্যকৰ্তা সকলে ৷ চাইকেল ৰেলী দিনৰ 12 বজাত অনুষ্ঠিত হোৱাৰ কথা সদৰি কৰি চাইকেল ৰেলীৰ মাজে মাজে পথ সভাও অনুষ্ঠিত কৰিব বুলি উল্লেখ কৰিছে বিজেপিৰ কাৰ্যকৰ্তা সকলে ৷

লগতে পঢ়কঃ ঢেকিয়াজুলিত প্ৰধানমন্ত্ৰীৰ সভাৰ বুজ ল’লে মুখ্যমন্ত্ৰী সোণোৱালে

Last Updated : Feb 5, 2021, 10:22 AM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.