ETV Bharat / state

বিশাল সমদলেৰে অন্তিম প্ৰচাৰ ভৱেশ কলিতাৰ

author img

By

Published : Mar 30, 2021, 4:42 PM IST

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ আজি অন্তিম দিন ৷ বিশাল সমদল উলিয়াই ৰঙিয়াত নিৰ্বাচনী প্ৰচাৰ চলালে বিজেপি প্ৰাৰ্থী ভৱেশ কলিতাই ৷

বিশাল সমদলেৰে ৰঙিয়াত অন্তিম প্ৰচাৰ ভৱেশ কলিতাৰ

ৰঙিয়া,30 মাৰ্চ: দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ আজি অন্তিম দিন ৷ এই অন্তিম দিনত বিশাল সমদল উলিয়াই ৰঙিয়াত নিৰ্বাচনী প্ৰচাৰ চলালে বিজেপিৰ প্ৰাৰ্থী ভৱেশ কলিতাই ৷

এই সমদলৰ জৰিয়তে ৰঙিয়া পৰিভ্ৰমণ কৰে প্ৰাৰ্থী গৰাকীয়ে ৷ সমদলত শতাধিক বিজেপি কৰ্মীয়ে অংশগ্ৰহণ কৰে ৷ প্ৰাৰ্থী গৰাকীৰ লগতে দলীয় কৰ্মীসকলে খোজকাঢ়ি সমদল কৰাৰ লগতে আন একাংশ কৰ্মীয়ে গাড়ীৰে সমদলত অংশগ্ৰহণ কৰে ৷ প্ৰচাৰ কালত বিজেপি প্ৰাৰ্থী গৰাকীয়ে সাংবাদিকৰ আগত কয়, "এইবাৰ নিৰ্বাচনত ৰঙিয়াত বিজেপি অহাটো প্ৰায় নিশ্চিত" ৷

নিৰ্বাচনত জয়ী হ'লে যোৱা পাঁচটা বছৰত ৰৈ যোৱা আধৰুৱা কামবোৰ সম্পূৰ্ণ কৰাৰ আশ্বাস দিয়ে ভৱেশ কলিতাই ৷ লগতে মহকুমাধিপতিৰ কাৰ্যালয় (অ) ৰঙিয়াৰ মাজমজিয়ালৈ অনাৰ প্ৰতিশ্ৰুতি দিয়ে ভৱেশ কলিতাই ।

লগতে পঢ়ক: পৰ্বতসম সম্পত্তিৰে ভৰপুৰ একে পৰিয়ালৰ তিনি প্ৰাৰ্থী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.