বকো, 14 জানুবাৰী: অসমীয়াৰ বাপতিসাহোন ভোগালী বিহু উদযাপন কৰিবলৈ বকোৰ ভিন্ন গাৱঁত ভিন্ন ভিন্ন আৰ্হিৰ ভেলাঘৰ সাজি উলিওৱা দেখা গ’ল । বকোৰ গাধপুতা গাঁৱত ৰাইজে সাজি উলিয়ালে তাজমহলৰ আৰ্হিত ভেলাঘৰ । আনহাতে, বকোৰ বন্দাপাৰাত মথোঁ তিনি দিনতে সাজি উলিওৱা হ’ল ৰংঘৰৰ আৰ্হিত ভেলাঘৰ । স্থানীয় যুৱকৰ প্ৰচেষ্টাত ভেলাঘৰটো সাজি উলিওৱা হয় আৰু বিহুৰ দিনা পুৱাতেই ৰাজ্য চৰকাৰে বান্ধি দিয়া ক'ভিড নীতি মানি চলি মেজি জ্বলোৱা হয় ৷
আনহাতে, বকোৰ দিলিঙ্গা গাঁৱৰ ৰাইজে সাজি উলিয়ালে টাইটানিক জাহাজৰ আৰ্হিত ঘেলাঘৰ । গাৱঁৰ চহা জীৱনৰ মাজতে গাৱঁৰ ডেকাসকলে এনেদৰে বিভিন্ন আৰ্হিত সাজি উলিওৱা ভেলাঘৰসমূহে বকোবাসীক আপ্লুত কৰে ।
ক'ভিড মহামাৰীয়ে বিহু উদযাপনত গাঁওবাসীৰ মাজত বিৰূপ প্ৰভাৱ পেলাইছে যদিও নতুনত্বৰ আশাৰে বকোৰ ভিন্ন গাঁৱত ভিন্ন ধৰণেৰে উদযাপন কৰা হ’ল অসমীয়াৰ বাপতিসাহোন ভোগালী বিহু (People celebrating Bhogali Bihu at Boko) ।
লগতে পঢ়ক: ৰাজ্যত ভোগালীক লৈ উছাহৰ ধল