ৰঙিয়া, 31 অক্টোবৰ : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ৰঙিয়াতো অব্যাহত আছে মিঞা মিউজিয়ামৰ বিৰুদ্ধে প্ৰতিবাদ । শনিবাৰে ভাৰতীয় জনতা যুৱ মৰ্চাৰ উত্তৰ কামৰূপ জিলাৰ সদস্যসকলে মিঞা মিউজিয়ামৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । বাগবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলীৰ প্ৰতিকৃতি লৈ প্ৰতিবাদকাৰী সকলে ৰঙিয়াৰ মাজেৰে সমদল উলিয়ায় ।
শ্বেৰমান আলী হায় হায়, কংগ্ৰেছৰ মিঞা ৰাজনীতি নচলিব, কংগ্ৰেছ নিপাত যাওক আদি বিভিন্ন শ্ল'গানেৰে পৰিবেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে । ৰঙিয়াৰ হৰদত্ত বীৰদত্ত ভৱনৰ সন্মুখত শ্বেৰমান আলীৰ জুমুঠি দাহ কৰে প্ৰতিবাদকাৰীয়ে । লগতে মিঞা সংস্কৃতি আমদানি কৰি অসমৰ পুৰণিকলীয়া সংস্কৃতি ধ্বংস কৰিবলৈ দিয়া নহ'ব বুলিও প্ৰতিবাদকাৰীয়ে সকিয়াই দিয়ে । প্ৰতিবাদৰ সময়ছোৱাত ৰাজপথত তীব্ৰ যানজঁটৰ সৃষ্টি হয় ৷
লগতে পঢ়ক : শ্বেৰমান আলী আহমেদৰ পুত্তলিকা দাহ