ৰঙিয়া, ১ জুলাই : ৰঙিয়াৰ বৰকুকুৰীয়াত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই এটা নৱ নিৰ্মিত ৰভাগৃহ উদ্বোধন কৰে । MGNREGAৰ অধীনত নিৰ্মাণ কৰা এই ৰভাগৃহটো উদ্বোধন কৰি তেওঁ কয় যে, বান্দৰে কল খোজাৰ নিচিনাকৈ ধন খুজি খুজি MGNREGAৰ আঁচনিৰ অধীনত এই ৰভাগৃহটো নিৰ্মাণ কৰা হৈছে । MGNREGAৰ অধীনত জব কাৰ্ড প্ৰাপ্ত শ্ৰমিকৰ ধন একাউণ্টতহে জমা হয় ।
কিন্তু এই ৰভাগৃহটো নিৰ্মাণৰ ক্ষেত্ৰত জবকাৰ্ড প্ৰাপ্ত শ্ৰমিকৰ পৰা আঁচনিৰ ধন খুজি খুজি আনিহে এই ৰভাগৃহটো নিৰ্মাণ কৰিব লগা হৈছে বুলি তেওঁ মন্তব্য কৰে । উল্লেখ্য যে, MGNREGA আঁচনিৰ অধীনত ১৭,৬৬,০০০ টকা ব্যয় সাপেক্ষে এই ৰভাগৃহটো নিৰ্মাণ কৰা হৈছে । আত্মসহায়ক গোটসমূহৰ সুবিধাৰ্থে নিৰ্মাণ কৰা হৈছে এই ৰভাগৃহটো ।
বৰকুকুৰীয়াত নৱ নিৰ্মিত এই ৰভাগৃহটোৱে বৃহত্তৰ অঞ্চলটোৰ এটি দীৰ্ঘদিনীয়া অভাৱ পূৰণ কৰিছে বুলি বিধায়ক ভৱেশ কলিতাই মন্তব্য কৰে । লগতে ৰভাগৃহটোৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হোৱাৰ ক্ষেত্ৰত সহায় আগবঢ়োৱা সকলো লোককে বিধায়কগৰাকীয়ে ধন্যবাদ জ্ঞাপন কৰে ।
এই ৰভাগৃহ উদ্বোধন কাৰ্যসূচীত মৰাণ বিধানসভা সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ আৰু কমলপুৰ বিধানসভা সমষ্টিৰ বিধায়ক দিগন্ত কলিতাও উপস্থিত থাকে । এই ৰভাগৃহটো নিৰ্মাণৰ বাবে স্থানীয় লোকসকলে ভৱেশ কলিতাক আহ্বান জনাইছিল । পিছত MGNREGA আঁচনিৰ অধীনত ৰভাগৃহটোৰ নিৰ্মাণকাৰ্য আৰম্ভ হয় । কিন্তু সময়মতে, ধন মোকলাই নিদিয়াৰ বাবে ৰভাগৃহটো নিৰ্মাণৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছিল ।
লগতে পঢ়ক : BPFৰে মিত্ৰতা সন্দৰ্ভত কি কলে বিজেপিৰ সভাপতি ভৱেশ কলিতাই ?