ETV Bharat / state

ঐতিহাসিক আৰিমত্ত গড়ৰ ৰক্ষণাবেক্ষণৰ প্ৰতিশ্ৰুতি মন্ত্ৰী ভৱেশ কলিতাৰ

author img

By

Published : Jun 5, 2020, 8:19 PM IST

বিশ্ব পৰিৱেশ দিৱসৰ দিনাই ঐতিহাসিক আৰিমত্ত গড়ৰ ৰক্ষণাবেক্ষণৰ প্ৰতিশ্ৰুতি প্ৰদান ৰঙিয়াৰ বিধায়ক তথা মন্ত্ৰী ভৱেশ কলিতাৰ ।

Bhabesh Kalita Environment day Celebration at Rangia

ৰঙিয়া, 5 জুনঃ আজি বিশ্বজুৰি পালন কৰা হ'ল বিশ্ব পৰিৱেশ দিৱস । ৰঙিয়াতো পালন কৰা হয় পৰিৱেশ দিৱস । পৰিৱেশ দিৱস উপলক্ষে ৰঙিয়াৰ ঐতিহাসিক আৰিমত্ত গড়ত শুকুৰবাৰে আৰিমত্ত উদ্যানৰ শুভ উদ্বোধন কৰে ৰঙিয়াৰ বিধায়ক তথা মন্ত্ৰী ভৱেশ কলিতাই ।

ঐতিহাসিক আৰিমত্ত গড়ৰ ৰক্ষণাবেক্ষণৰ প্ৰতিশ্ৰুতি মন্ত্ৰী ভৱেশ কলিতাৰ

প্ৰভাতি কিৰণ নামৰ বে-চৰকাৰী সংস্থাই আঁত ধৰা অনুষ্ঠানটোত গড় সংৰক্ষণৰ লগতে পৰিৱেশ সংৰক্ষণৰ উদ্দেশ্যৰে উদ্যানখনত বৃক্ষৰোপণৰ এক কাৰ্যসূচী গ্ৰহণ কৰা হয় । বৃক্ষৰোপণ কৰি ভৱেশ কলিতাই উপস্থিত জনসাধাৰণক উদ্দেশ্যি পৰিৱেশ সচেতনতা আৰু সংৰক্ষণৰ বিষয়ে চমুকৈ ভাষণ প্ৰদান কৰে ।

স্থানীয় ৰাইজক তেওঁ উদ‍্যানখনৰ লগতে গড়টোৰ প্ৰতি যত্ন লোৱাৰো আহ্বান জনায় । লগতে পৰৱৰ্তী সময়ত গড়টোৰ সংৰক্ষণৰ লগতে সৌন্দৰ্য বৰ্ধনৰ বাবেও ব‍্যৱস্থা গ্ৰহণ কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে । এই অনুষ্ঠানটোত বন বিভাগৰ ব্ৰেণ্ড এম্বেচাদৰ আনন্দ খাটনিয়াৰৰ লগতে ডিএফঅ' দীপক ডেকাও উপস্থিত আছিল । ৰঙিয়াৰ তুলসীবাৰীৰ কৃষি পামতো মন্ত্ৰী ভৱেশ কলিতাই বৃক্ষৰোপণ কৰে ।

উল্লেখ্য যে,আঠ কিলোমিটাৰ দৈৰ্ঘ্যৰ কেইবাশতিকা পুৰণি ঐতিহাসিক আৰিমত্ত গড় বৰ্তমান কালৰ গৰাহত । বেদখলকাৰীৰ লগতে ঠায়ে ঠায়ে মাটি কাটি নিয়াৰ ফলত গড়টো নিচিহ্ন হোৱাৰ পথত উপক্ৰম হৈছে । সময়ে সময়ে গড়টোৰ সংৰক্ষণৰ দাবী উত্থাপন হৈ আহিছে যদিও কোনো ধৰণৰ বিশেষ পদক্ষেপ গ্ৰহণ কৰা নাই প্ৰশাসন তথা চৰকাৰে । কিন্তু বিশ্ব পৰিৱেশৰ দিনাই উদ্বোধন হোৱা উদ‍্যানখনে গড়টোৰ সংৰক্ষণৰ ক্ষেত্ৰত এক ইতিবাচক প্ৰভাৱ পেলাব বুলি আশা প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ।

লগতে চাওকঃ কৃষকৰ আত্মহত্যাক লৈ উত্তৰ প্ৰদেশ চৰকাৰক কটু সমালোচনা প্ৰিয়ংকা গান্ধীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.