ETV Bharat / state

মুখ‍্যমন্ত্ৰী সাহাৰ্য পুঁজিলৈ এমাহৰ দৰমহা আগবঢ়ালে মন্ত্ৰী ভৱেশ কলিতাই - ৰঙিয়াৰ বিধায়ক

দেওবাৰে ৰাজ‍্য চৰকাৰৰ মুখ‍্যমন্ত্ৰী সাহাৰ্য পুঁজিলৈ বৰঙণি আগবঢ়ায় ৰঙিয়াৰ বিধায়ক তথা প্ৰাক্তন জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতাই । বিধায়ক গৰাকীয়ে নিজৰ এক মাহৰ দৰমহা অৰ্থাৎ ১,৫০,০০০ টকা আগবঢ়ায় সাহাৰ্য পুঁজিলৈ ।

bhabesh kalita donate one month of his salry to CM releif found
মুখ‍্যমন্ত্ৰী সাহাৰ্য পুঁজিলৈ এক মাহৰ দৰমহা আগবঢ়ালে মন্ত্ৰী ভৱেশ কলিতাই
author img

By

Published : May 30, 2021, 10:40 PM IST

ৰঙিয়া, 30 মে’: ৰাজ্যত কৰ’ণা মহামাৰীয়ে ত্ৰাসৰ সৃষ্টি কৰাৰ সময়তে আৰ্থিক অনাটনত ভুগিছে ৰাজ্যৰ দৰিদ্ৰ তথা মধ্যবিত্ত শ্ৰেণীয়ে ৷ তদুপৰি ক’ভিড মহামাৰীৰ সৈতে যুঁজ দিবলৈ ৰাজ্য চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷ এনে এক সময়ত পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ মুখ‍্যমন্ত্ৰী সাহাৰ্য পুঁজিলৈ সামৰ্থ অনুযায়ী বৰঙণি আগবঢ়াইছে বিভিন্নজনে ৷

দেওবাৰে ৰাজ‍্য চৰকাৰৰ মুখ‍্যমন্ত্ৰী সাহাৰ্য পুঁজিলৈ বৰঙণি আগবঢ়ায় ৰঙিয়াৰ বিধায়ক তথা প্ৰাক্তন জলসিঞ্চন মন্ত্ৰী ভবেশ কলিতাই । বিধায়ক গৰাকীয়ে নিজৰ এক মাহৰ দৰমহা অৰ্থাৎ ১,৫০,০০০ টকা আগবঢ়ায় সাহাৰ্য পুঁজিলৈ । বিধায়ক গৰাকীয়ে দিছপুৰৰ জনতা ভৱনত মুখ‍্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক কাৰ্যালয়ত লগ ধৰি নিজৰ দৰমহাৰ ধনৰাশি চেক আকাৰে প্ৰদান কৰে ।

বৰ্তমান ক'ভিডৰ পৰিস্থিতি মোকাবিলা কৰিবলৈ ৰাজ্য চৰকাৰক যথেষ্ট ধনৰ প্ৰয়োজন । সেয়েহে সকলোকে সাধ‍্যানুযায়ী মুখ‍্যমন্ত্ৰী সাহাৰ্য পুঁজি অথবা অসম আৰোগ্য নিধিলৈ কিছু দান বৰঙণি আগবঢ়াবলৈ আহ্বান জনায় ৰঙিয়াৰ বিধায়ক গৰাকীয়ে ।

উল্লেখ্য যে, আক্ৰান্তৰ হাৰ কিছু হ্ৰাস পালেও ৰাজ্যত এতিয়াও অব্যাহত আছে কৰ'ণাৰ সংক্ৰমণ । বিশেষকৈ মৃত্যুৰ হাৰ হ্ৰাস পোৱা নাই । ৰাজ্যখনত এতিয়ালৈকে ক'ভিডৰ বাবে তিনি সহস্ৰাধিক লোকে প্ৰাণ হেৰুৱাইছে ৷

লগতে পঢ়ক : পৰেশ বৰুৱালৈ এখন ৰহস্যজনক চিঠি : ETV EXCLUSIVE

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.