গুৱাহাটী,28আগষ্টঃ
- ফাঁচীবজাৰত সংঘটিত ডকাইতি কাণ্ডত জড়িত চাৰি জনক গ্ৰেপ্তাৰ
- গ্ৰেপ্তাৰ হ'ল ভি এছ এল নামৰ প্ৰতিষ্ঠানটোৰ দুই কৰ্মচাৰী, গাড়ী চালক আৰু এজন নিৰাপত্তাৰক্ষী
- ধৃত কেইগৰাকী ক্ৰমে গাড়ী চালক বলোৰাম নুনিয়া, নিৰাপত্তাৰক্ষী ভৱেশ কলিতা, দুই কৰ্মচাৰী ক্ৰমে তাপশ বোষ আৰু জাকিফৰ ৰহমান
- পানবজাৰ আৰক্ষীৰ জিম্মাত আছে চাৰি অভিযুক্ত
- তদন্তৰ খাতিৰত বিশেষ মন্তব্যৰ পৰা বিৰত থাকে মহানগৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰ
- উল্লেখ্য যে মঙলবাৰে ফাঁচীবজাৰৰ ফেডাৰেল বেংকৰ সন্মুখত সংঘটিত হৈছিল এই ডকাইতি কাণ্ডটো
- মাৰুতি চালকৰ হাতৰ পৰা ৪০ লাখ টকাৰ বেগ কাঢ়ি নিছিল চাৰিজনীয়া দুৰ্বৃত্তৰ দলটোৱে