ETV Bharat / state

বাংলাদেশত হিন্দুক কৰা আক্ৰমণৰ বিৰুদ্ধে বজৰং দলৰ প্ৰতিবাদ

author img

By

Published : Oct 21, 2021, 2:04 PM IST

বাইহাটা চাৰিআলিত উত্তৰ-পূৱ প্ৰান্তৰ বজৰং দল(Bajrang Dal)ৰ উত্তাল প্ৰতিবাদ ৷ দূর্গা পূজা(Durga Puja) চলি থকাৰ মাজতে বাংলাদেশত কোনো অপশক্তিয়ে পূজাথলীত মা দুৰ্গাৰ মূৰ্তি ভঙা আৰু হিন্দু পৰিয়ালক আক্ৰমণ কৰা কাৰ্যৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে প্ৰতিবাদকাৰীসকলে ৷

bajrang-dal-protest
বজৰং দলৰ প্ৰতিবাদ

বাইহাটা, 21 অক্টোবৰ : ৰাজ্যৰ চৌদিশে এতিয়া অব্যাহত আছে বাংলাদেশ বিৰোধী প্ৰতিবাদ(Protest Against Bangladesh) ৷ ইয়াৰ সমান্তৰালকৈ বাইহাটা চাৰিআলিতো প্ৰতিবাদ সাব্যস্ত কৰে উত্তৰ-পূৱ প্ৰান্তৰ বজৰং দল(Bajrang Dal)ৰ সদস্যসকলে ৷ বাংলাদেশত কোনো অপশক্তিয়ে হিন্দু সম্প্ৰদায়ৰ ওপৰত চলোৱা আক্ৰমণৰ বিৰোধিতা কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে বজৰং দলে ৷

bajrang-dal-protest
বজৰং দলৰ প্ৰতিবাদ

দলটোৰ প্ৰতিবাদত উত্তাল হৈ পৰে বাইহাটা চাৰিআলিৰ ৰাজপথ ৷ ধৰ্ম নিৰপেক্ষ দেশ বাংলাদেশত হিন্দুৰ ওপৰত চলোৱা আক্ৰমণ কোনো কাৰণতে সহ্য কৰা নহয় । দূর্গা পূজা(Durga Puja) চলি থকাৰ মাজতে বাংলাদেশত পূজাথলীত মা দুৰ্গাৰ মূৰ্তি ভঙা আৰু হিন্দু পৰিয়ালক আক্ৰমণ কৰা কাৰ্যত হিন্দুৱে হাত সাবটি বহি নাথাকে বুলি প্ৰতিবাদযোগে হুংকাৰ দিয়ে দলটোৱে ।

তদুপৰি বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক ধিক্কাৰ জনায় বজৰংগ দলে । বাংলাদেশ বিৰোধী শ্ল’গান দিয়াৰ লগতে বজৰংগ দলৰ উত্তৰ কামৰূপ জিলা সমিতিয়ে বাইহাটা চাৰিআলিৰ মাজমজিয়াত ৰাষ্ট্ৰীয় ঘাইপথো অৱৰোধ কৰা পৰিলক্ষিত হয় । উক্ত প্ৰতিবাদত বাংলাদেশী সামগ্ৰী বৰ্জনৰ হুংকাৰ দিয়ে দলটোৱে ৷

bajrang-dal-protest
বজৰং দলৰ প্ৰতিবাদ

তেওঁলোকে হিন্দু সম্প্ৰদায়ৰ সকলো লোকক আৰু হিন্দুৰ মঠ-মন্দিৰৰ সুৰক্ষা নিশ্চিত কৰিবলৈ ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক আহ্বান জনায় ৷

লগতে পঢ়ক : তেজপুৰত বজৰং দল আৰু বিশ্ব হিন্দু পৰিষদৰ প্ৰতিবাদী কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.