ETV Bharat / state

বন্ধ হোৱাৰ দিশে অসমৰ একমাত্ৰ তীখা উদ্যোগটো, চাওঁক আমাৰ এই প্ৰতিবেদন

author img

By

Published : Aug 30, 2020, 1:25 PM IST

বাইহাটা চাৰিআলিৰ দগাঁৱত ১৯৮৫ চনতে আধাৰশীলা স্থাপন কৰিছিল তীখা উদ্যোগ। তেতিয়াৰ তীখা মন্ত্ৰী বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই মন্ত্ৰী হৈ থকা অৱস্থাতে উদ্যোগটোৰ আধাৰশীলা স্থাপন কৰিছিল যদিও উদ্যোগটো সম্পূৰ্ণ হৈ নুঠিল ।

Baihata Sail industry  fully dead
কি অৱস্থাত আছে বাইহাটাত স্থাপন কৰা তীখা উদ্যোগ !

বাইহাটা,30 আগষ্টঃ 1985 চনতে বাইহাটা চাৰিআলিৰ দগাঁৱত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই স্থাপন কৰিছিল তীখা উদ্যোগৰ আধাৰশীলা ৷ কিন্তু পৰিতাপৰ কথা আজিকোপতি সেই তীখা উদ্যোগ সম্পূৰ্ণ হৈ নুঠিল ৷ যাৰ ফলত দীৰ্ঘদিন ধৰি উদ্যোগটোৰ সা-সামগ্ৰী সমূহ জৰাৰ্জীণ হৈ পৰি থাকিল ৷ প্ৰতি পাঁচবছৰৰ মূৰে মূৰে চৰকাৰ আহিছে আৰু গৈছে কিন্তু কোনো এখন চৰকাৰে এই উদ্যোগটো নিৰ্মাণ কৰিবৰ বাবে আগৱাঢ়ি অহা দেখা নগ’ল ৷

উল্লেখযোগ্য যে, তীখা উদ্যোগটো স্থাপনৰ সময়ত অতি কম মূল্যত ভূমি ক্ৰয় কৰিছিল তীখা কোম্পানীয়ে ৷ তাৎপৰ্য্যপূৰ্ণ এই যে আধাৰশীলা স্থাপনৰ 35 বছৰ উকলি যোৱাৰ পিচত এতিয়া তীখা কোম্পানীয়ে যিসমূহ যন্ত্ৰ পাটি স্থাপন কৰিছিল সেই সমূহ উঠাই নিয়াৰ ব্যৱস্থা কৰিছে বুলি জানিব পৰা গৈছে ৷

ইপিনে বৰ্তমানৰ সাংসদ দিলীপ শইকীয়াক সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত জানিবলৈ দিয়ে যে সম্প্ৰতি এই তীখা উদ্যোগটো স্থাপন কৰিব নোৱাৰে কিয়নো উদ্যোগটো অৰ্থনৈতিকভাৱে স্বচ্ছল নহয় আৰু ইয়াক পুনৰ উজ্জীৱিত কৰি তোলা সম্ভৱ নহয় ৷ আনহাতে তীখা উদ্যোগটোৰ বাবে আৱন্টিত ভূমি খিনি চৰকাৰক ওভতাই দিব আৰু সেই ভূমিত নতুনকৈ কৃষি ভিত্তিক উদ্যোগ স্থাপন কৰা হ’ব বুলিহে মন্তব্য প্ৰকাশ কৰা দেখা গল সাংসদ দিলীপ শইকীয়াক ৷

যি সময়ত ৰাজ্যত নিবনুৱা সমস্যাই এক ভয়াৱহ ৰূপ ধাৰণ কৰিছে সেই সময়ত চৰকাৰখনে এনেবোৰ উদ্যোগ স্থাপন কৰি কিছু সংখ্যক নিবনুৱাক সংস্থাপন দিয়াৰ দিহা কৰিব পাৰে ৷ কিন্তু পৰিতাপৰ কথা চৰকাৰখনে কেতিয়া গুৰুত্ব প্ৰদান কৰিব এনেবোৰ উদ্যোগ স্থাপনৰ ক্ষেত্ৰত ৷ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত আজিও বহু উদ্যোগ এনেদৰেই বিকল হৈ পৰি আছে ৷ প্ৰকৃতাৰ্থত সেইসমূহ কাৰ্যক্ষম কৰিবলৈ চৰকাৰ কি ব্যৱস্থা গ্ৰহণ কৰে সেইয়া সময়তহে লক্ষণীয় হ’ব ৷

লগতে পঢ়কঃ বন মাফিয়াৰ হাতোৰাত নিঃশেষ তৰাণি সংৰক্ষিত বনাঞ্চল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.