বাইহাটা চাৰিআলি, ১৯ জুলাই : বাইহাটা চাৰিআলিত সংঘটিত হৈছে এক শোকাৱহ ঘটনা (tragic incident at Baihata Chariali) । বাইহাটা চাৰিআলিৰ কমলপুৰ অঞ্চলত সংঘটিত হয় শোকাৱহ ঘটনাটো । উক্ত ঘটনাত অকাল মৃত্যুক সাবটি ল'বলগা হয় এজন যুৱকে । ফলত সমগ্ৰ অঞ্চলটোতে এতিয়া শোকৰ ছাঁ পৰিছে ।
ঘটনাৰ বিৱৰণী মতে, সমনীয়াৰ সৈতে পথাৰত মাছ মাৰিবলৈ গৈছিল যুৱকজনে । মাছ মাৰিবলৈ যাওঁতেই অসাৱধানতাবশত সলিল সমাধি ঘটে ২৫ বছৰীয়া যুৱকজনৰ । বাইহাটা চাৰিআলিৰ কমলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বোৰ্কাত সংঘটিত হয় এই শোকাৱহ ঘটনাটো । নিহত যুৱকজনৰ নাম নিলোৎপল শৰ্মা (Baihata kamalpur youth death fell into pond) ।
নিলোৎপল শৰ্মাই লগৰীয়াৰ সৈতে পথাৰলৈ মাছ মাৰিবলৈ গৈছিল । কিন্তু হঠাতে দ' খাল এটাত পৰি যায় নিলোৎপল । লগৰীয়াৰ কথা নুশুনি সহজ পথ লোৱাৰ ফলতে উক্ত ঘটনাটো ঘটা বুলি প্ৰকাশ । আনহাতে, উক্ত কৰুণ দৃশ্যৰ চাক্ষুস সাক্ষী হৈ ৰয় লগৰীয়াজন । ইফালে ঘটনা সন্দৰ্ভত কমলপুৰ আৰক্ষীক খবৰ দিয়াত কিছু সময়ৰ পিছতে কমলপুৰ আৰক্ষী আৰু দুৰ্যোগ প্ৰশমন বাহিনীৰ লোক উপস্থিত হয় ।
কিন্তু পৰিতাপৰ কথা যে তেওঁলোকৰ লগত ডুবাৰু নথকাত উদ্ধাৰ অভিযানত নামিব পৰা নাছিল । তাৰ পিছত মঙলদৈৰ পৰা অহা ডুবাৰুৱেহে পানীত নামি নিশাৰ ভাগত মৃতদেহটো উদ্ধাৰ কৰিবলৈ সক্ষম হয় (Body recovered by SDRF) । লক্ষণীয় কথা এয়ে যে ইমান ডাঙৰ এছ ডি আৰ এফ বাহিনীটো থকাৰ পিছতো কামৰূপ জিলাত ডুবাৰু নথকাত মঙলদৈৰ পৰা আনিবলগীয়া হয় । তাকে লৈ এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । আনহাতে, পানীত পৰাৰ কথা অৱগত কৰোৱাৰ পিছতো দলটোৱে কিয় ডুবাৰু লগত লৈ যোৱা নাছিল তাকে লৈও ক্ষোভিত হয় ৰাইজ ।