ETV Bharat / state

সত্যব্ৰত কলিতাৰ ওচৰত ক্ষমা খুজিলে মিত্ৰজোঁটৰ প্ৰাৰ্থী দিগন্ত কলিতাই

author img

By

Published : Mar 15, 2021, 10:33 AM IST

Updated : Mar 15, 2021, 11:05 AM IST

কটু মন্তব্য কৰি বিধায়ক সত্যব্ৰত কলিতাৰ ওচৰত ক্ষমা প্ৰাৰ্থনা মাগিলে কমলপুৰৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী দিগন্ত কলিতাই ৷ মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ সপক্ষে প্ৰচাৰ চলোৱাৰ সিদ্ধান্ত কমলপুৰ বিধান পৰিষদৰ ৷

বিধায়ক সত্যব্ৰত কলিতাৰ ওচৰত ক্ষমা খুজিলে মিত্ৰজোঁটৰ প্ৰাৰ্থী দিগন্ত কলিতাৰ

কামৰূপ,15মাৰ্চ: নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই ৰাজ্যত নিৰ্বাচনী বাকযুদ্ধ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷ ভোটাৰৰ মন জয় কৰাৰ বাবে হাই প্ৰফাইল নেতাৰো আগমণ ঘটিছে ৰাজ্যত ৷ ইয়াৰ মাজতে ভোটাৰৰ মন জয় কৰাৰ ন-ন কৌশল প্ৰয়োগ কৰা ৰাজনৈতিক নেতা সকলে এজনে আনজনক উপচাই পেলাইছে সমালোচনাৰে ৷ এই সমালোচনাৰ বাবে সোমবাৰে কমলপুৰৰ অগপ বিধায়ক সত্যব্ৰত কলিতাৰ ওচৰত ক্ষমা প্ৰাৰ্থনা মাগিলে কমলপুৰৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী দিগন্ত কলিতাই ।

কমলপুৰৰ অগপ বিধায়ক সত্যব্ৰত কলিতাৰ ওচৰত ক্ষমা প্ৰাৰ্থনা মাগিলে কমলপুৰৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী দিগন্ত কলিতাই । ৫৬ নং কমলপুৰ বিধান সভা সমষ্টিৰ দগাঁৱত বিধায়ক গৰাকীক সাক্ষাত কৰি দিগন্ত কলিতাই বিধায়ক গৰাকীৰ পৰা ক্ষমা মাৰ্জনা বিচাৰিলে ।

উল্লেখ্য যে, মিত্ৰজোঁটৰ প্ৰাৰ্থী দিগন্ত কলিতাই শেহতীয়াভাৱে নিৰ্বাচনী সভাত সত্যব্ৰত কলিতাক সমালোচনাৰে থকা সৰকা কৰিছিল । কংগ্ৰেছ দলৰ পৰা সত্যব্ৰত কলিতাই নিৰ্বাচন খেলাৰ গুণাগঠা চলি থকাৰ সময়ত সত্যব্ৰত কলিতাক মিত্ৰজোঁটৰ দ্বাদশ খেলুৱৈ বুলি টিপ্পনী কৰিছিল মিত্ৰজোঁটৰ প্ৰাৰ্থী গৰাকীয়ে । যাৰ বাবে কমলপুৰ সমষ্টিৰ অগপৰ কৰ্মকৰ্তা সকল মিত্ৰজোঁটৰ প্ৰাৰ্থী গৰাকীৰ ওপৰত ক্ষুন্ন হৈ পৰিছিল । পৰৱৰ্তী সময়ত সত্যব্ৰত কলিতাই নিৰ্বাচন নেখেলাৰ সিদ্ধান্ত গ্ৰহণ কৰাত মিত্ৰজোঁটৰ প্ৰাৰ্থী গৰাকীয়ে বিধায়ক গৰাকীৰ ওচৰত শৰনাপন্ন হয় । দিগন্ত কলিতাই বিধায়ক গৰাকী সহিতে সমুহ কমলপুৰ অগপৰ কৰ্মী সকলৰ ওচৰত ক্ষমা মাৰ্জনা কৰে ।

সত্যব্ৰত কলিতাৰ ওচৰত ক্ষমা খুজিলে মিত্ৰজোঁটৰ প্ৰাৰ্থী দিগন্ত কলিতাই

এই সন্দৰ্ভত মিত্ৰজোঁটৰ প্ৰাৰ্থী গৰাকীয়ে সংবাদ মাধ্যমক কয় যে, বিধায়ক সত্যব্ৰত কলিতা মোৰ জেষ্ঠ ভাতৃ । ভাতৃৰ মাজত কেতিয়াবা মতানৈক্য হয় । আৱেগৰ বশৱৰ্তী হৈ বিধায়ক গৰাকীৰ বিৰুদ্ধে যি কৈছিলো তাৰ বাবে মই অনুতপ্ত । সেয়ে কনিষ্ঠ ভাতৃ হিচাপে বিধায়ক গৰাকীৰ ওচৰত মই ক্ষমা বিচাৰিছো ।

প্ৰণিধানযোগ্য যে, দগাঁৱত অসম গণ পৰিষদৰ কমলপুৰ বিধান পৰিষদৰ নীতি নিৰ্ধাৰণ সম্পৰ্কীয় এখন সভা অনুষ্ঠিত হৈছিল । এই সভা চলি থকাৰ সময়তে মিত্ৰজোঁটৰ প্ৰাৰ্থী গৰাকী সভাস্থলীত উপস্থিত হৈ অসম গণ পৰিষদৰ কৰ্মীসকলৰ সহায় সহযোগিতা কামনা কৰে । উক্ত সভাত বিধান পৰিষদৰ তৰফৰ পৰা অসম গণ পৰিষদৰ কৰ্মী সকলে মিত্ৰজোঁটৰ প্ৰাৰ্থী গৰাকীৰ সপক্ষে প্ৰচাৰ কাৰ্য চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে । কিন্তু মৰ্যাদা সহকাৰে অগপৰ কৰ্মী সকলে নিৰ্বাচনী কামত অংশগ্ৰহণৰ সুযোগ লাভ কৰিব লাগিব বুলিও দাবী উত্থাপন কৰে ।

ইফালে বিধায়ক সত্যব্ৰত কলিতাই দিগন্ত কলিতাক বিজয়ী কৰাৰ নিমিত্তে অগপৰ কৰ্মীসকলে কাম কৰিব বুলি সংবাদ মাধ্যমক ষ্পষ্ট কৰি দিয়ে । অন্যহাতে বিধায়ক গৰাকীয়ে কোনো বিজেপি নেতাৰ বুজনিত তেওঁ নিৰ্বাচন নেখেলাৰ সিদ্ধান্ত গ্ৰহণ কৰা নাই বুলিও উল্লেখ কৰি কয় যে, মোৰ সকলো সিদ্ধান্ত কমলপুৰ বিধান পৰিষদৰ সিদ্ধান্ত মৰ্মে গ্ৰহণ কৰা হৈছে ।

অন্য এক খবৰৰ বাবে: এদিনীয়া ভ্ৰমণসূচীৰে অসমত বিজেপিৰ অধ্যক্ষ জে পি নাড্ডা

Last Updated : Mar 15, 2021, 11:05 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.