ETV Bharat / state

মূল্যবৃদ্ধিৰ বিৰুদ্ধে বাইহাটা চাৰিআলিত কংগ্ৰেছৰ প্ৰতিবাদ

author img

By

Published : Feb 23, 2021, 7:42 PM IST

প্ৰদেশ কংগ্ৰেছৰ অসম বচাও অভিযানৰ অংশস্বৰূপে আয়োজন কৰা এই প্ৰতিবাদত অংশগ্ৰহণ কৰে বিহদিয়া আৰু কমলপুৰ মণ্ডলৰ শতাধিক কংগ্ৰেছ কৰ্মীয়ে । প্ৰতিবাদত অংশ লৈ কংগ্ৰেছৰ মুখপাত্ৰ কিশোৰ ভট্টাচাৰ্যৰ তীব্ৰ সমালোচনা বিজেপি চৰকাৰক ।

মূল্যবৃদ্ধিৰ বিৰুদ্ধে বাইহাটা চাৰিআলিত কংগ্ৰেছৰ প্ৰতিবাদ
মূল্যবৃদ্ধিৰ বিৰুদ্ধে বাইহাটা চাৰিআলিত কংগ্ৰেছৰ প্ৰতিবাদ

বাইহাটা,২৩ ফেব্ৰুৱাৰী: মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে কামৰূপ জিলাৰ অন্তৰ্গত বাইহাটা চাৰিআলিতো কমলপুৰ কংগ্ৰেছৰ কেইবাশতাধিক কংগ্ৰেছ কৰ্মীয়ে প্ৰতিবাদ সাব্যস্ত কৰে । পেট্ৰ'ল-ডিজেলৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাত ব্যৰ্থ হোৱা বিজেপি নেতৃত্বধীন চৰকাৰক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে কংগ্ৰেছ প্ৰতিবাদকাৰীসকলে । প্ৰদেশ কংগ্ৰেছৰ অসম বচাও অভিযানৰ অংশস্বৰূপে আয়োজন কৰা এই কাৰ্যসূচীত বিহদিয়া আৰু কমলপুৰ মণ্ডলৰ কংগ্ৰেছ কৰ্মীসকলে চৰকাৰ বিৰোধী শ্লোগানেৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।

প্ৰতিবাদত অংশ লৈ কংগ্ৰেছ দলৰ মুখপাত্ৰ কিশোৰ ভট্টাচাৰ্যই তীব্ৰ সমালোচনা কৰে ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰক । তেওঁৰ মতে বিজেপি শাসনলৈ অহাৰ পিছৰে পৰা অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যৰ নিয়ন্ত্ৰণ নোহোৱা হৈছে । তেওঁৰ অভিযোগ বিজেপি চৰকাৰে পেট্ৰ'লজাত সামগ্ৰীৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ অতিৰিক্ত কৰৰ বোজা জাপি দি সৰ্বসাধাৰণ লোকক বিপদত পেলাইছে । লগতে তেওঁৰ দাবী যে সম্প্ৰতি অগপৰ দখলত থকা কমলপুৰ সমষ্টি এইবাৰ কংগ্ৰেছৰ হাতলৈ আহিব । এই ক্ষেত্ৰত বিজেপি বা অগপ কোনো এটা দলো কংগ্ৰেছৰ আগত হেঙাৰ হ'ব নোৱাৰে বুলি তেওঁ নিশ্চিত ।
লগতে পঢ়ক:এসপ্তাহৰ ভিতৰত জাৰি হ'ব নিৰ্বাচনী অধিসূচনা: দিলীপ শইকীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.