বাইহাটা,16 মাৰ্চ : ৰাজ্যত বলিছে নিৰ্বাচনৰ গৰম বতাহ ৷ সমষ্টিয়ে সমষ্টিয়ে ভোটাৰৰ ওচৰত ভিৰ কৰিছে ভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থীয়ে ৷ ভোটাৰ ৰাইজক আকৰ্ষণ কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে প্ৰতি গৰাকী প্ৰাৰ্থীয়ে ৷ বিভিন্ন ইচ্ছ্যু লৈ প্ৰাৰ্থীসকলে প্ৰচাৰ চলাইছে সমষ্টিয়ে সমষ্টিয়ে ৷ তাৰ মাজতে কামৰূপ জিলাৰ 56 নং কমলপুৰ বিধানসভা সমষ্টিৰ কংগ্ৰেছ মহাযোঁটৰ প্ৰাৰ্থী কিশোৰ ভট্টাচাৰ্যই টোলগেটৰ ইচ্ছ্যু লৈ আগবাঢ়িছে ৰাইজৰ মাজলৈ ৷ কিশোৰ ভট্টাচাৰ্যৰ দাবী টোলগেটৰ বাবে সমষ্টিটোৰ ৰাইজ ভয়ংকৰ বাবে ক্ষতিগ্ৰস্থ হৈ আহিছে ৷
সেয়েহে, কংগ্ৰেছ দল ক্ষমতালৈ আহিলে আৰু তেওঁ বিধায়ক হিচাপে নিৰ্বাচিত হ'লে টোলগেট সম্পৰ্কে পৰ্যালোচনা কৰি সকাহ দিব সমষ্টিটোৰ ৰাইজক ৷ প্ৰাৰ্থী গৰাকীৰ দাবী বিৰোধী দলৰ প্ৰাৰ্থীক কোনো ৰাজনৈতিক আক্ৰমণ নকৰাকৈ কৌশল পূৰ্ণ অংকৰে তেওঁৰ বিজয় নিশ্চিত ৷ ইফালে নিৰ্বাচনী সভাত AGP BJPৰ বহু সদস্যই যোগদান কৰে কংগ্ৰেছত ৷ কংগ্ৰেছ দলত যোগদান কৰা প্ৰায় শতাধিক কৰ্মীক আদৰণি জনাই কিশোৰ ভট্টাচাৰ্যই।
লগতে পঢ়ক: সোণোৱালৰ হৈ নিবাচনী প্ৰচাৰ চলাব অমিত শ্বাহে