ETV Bharat / state

ৰাজ্যজুৰি তলাবন্ধৰ প্ৰভাৱঃ কঠোৰ অসম আৰক্ষী

author img

By

Published : Mar 25, 2020, 10:27 AM IST

Updated : Mar 25, 2020, 3:12 PM IST

Baihata chariali lockdown

Baihata chariali lockdown
সম্পূৰ্ণ তলাবন্ধৰ পংখানুপুংখ নিৰীক্ষণ ৰঙিয়া মহকুমা প্ৰশাসনৰ

14:59 March 25

21 দিনীয়া তলাবন্ধৰ প্ৰভাৱ তিনিচুকীয়া জিলাত

21 দিনীয়া তলাবন্ধৰ প্ৰভাৱ পৰা দেখা গ’ল তিনিচুকীয়া জিলাত

তিনিচুকীয়া,25 মাৰ্চঃ সম্প্ৰতি বিশ্বত ক'ৰণা ভাইৰাছে ত্ৰাসৰ সৃষ্টি কৰিছে। ভাৰতবৰ্ষতো দ্ৰুত হাৰত কৰ’ণাত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ বাবে প্ৰধানমন্ত্ৰীয়ে আহ্বান কৰা 21 দিনীয়া তলাবন্ধৰ প্ৰভাৱ পৰা দেখা গ’ল তিনিচুকীয়া জিলাত ৷ জিলাখনৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে বাট-পথ জনশূণ্য হৈ পৰিছে ৷ ইয়াৰ মাজতে কোনো লোকে যাতে আইন অমান্য কৰিব নোৱাৰে এইক্ষেত্ৰত তীব্ৰ দৃষ্টি ৰাখিছে আৰক্ষী প্ৰশাসনে ৷

13:50 March 25

তলাবন্ধৰ প্ৰতি সঁহাৰি জনায় কোকৰাঝাৰৰ ৰাইজে

কোকৰাঝাৰ,25 মাৰ্চঃ বুধবাৰে তলাবন্ধৰ প্ৰতি সঁহাৰি জনায় কোকৰাঝাৰৰ ৰাইজে ৷ তলাবন্ধৰ বাবে জিলাখনৰ দোকান-পোহাৰ বন্ধ হোৱাৰ লগতে ৰাস্তা-ঘাট জনশূণ্য হৈ পৰে ৷

13:38 March 25

তলাবন্ধৰ প্ৰতি সাঁহাৰি লখিমপুৰৰ ৰাইজৰ

তলাবন্ধৰ প্ৰতি সাঁহাৰি লখিমপুৰৰ ৰাইজৰ

লখিমপুৰ,25 মাৰ্চঃ প্ৰধানমন্ত্ৰীয়ে বুধবাৰৰ পৰা আহ্বান কৰা তলাবন্ধৰ প্ৰতি সঁহাৰি লখিমপুৰৰ ৰাইজৰ ৷ জৰুৰী সেৱা সমূহৰ বাহিৰে বন্ধ আছে সকলো ব্যৱসায়িক প্ৰতিষ্ঠান,যান বাহনৰ চলাচল।

12:47 March 25

নগাঁৱত তলাবন্ধৰ সমগ্ৰ পৰিৱেশৰ তদাৰক জিলা উপায়ুক্ত যাদৱ শইকীয়াৰ

নগাঁৱত তলাবন্ধৰ সমগ্ৰ পৰিৱেশৰ তদাৰক জিলা উপায়ুক্তৰ

নগাঁও,25 মাৰ্চঃ নগাঁৱত তলাবন্ধৰ সমগ্ৰ পৰিৱেশৰ তদাৰক জিলা উপায়ুক্ত যাদৱ শইকীয়াৰ ৷ প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰা তলাবন্ধক দেশৰ সকলো জনতাই আদৰি লোৱাৰ সময়তেই ৰাজপথলৈ ওলাই অহা দুই এজন লোকক বাধা প্ৰদান কৰিছে আৰক্ষীৰ লগতে জিলা উপায়ুক্তৰ নিৰাপত্তাৰক্ষীয়ে ৷

12:01 March 25

তলাবন্ধৰ প্ৰভাৱ নামনি অসমতো পৰা দেখা গৈছে

নামনি অসমতো তলাবন্ধৰ প্ৰভাৱ

জনিয়া,25 মাৰ্চঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে আহ্বান কৰা তলাবন্ধৰ প্ৰভাৱ নামনি অসমতো পৰা দেখা গৈছে ৷ বৰপেটা জিলাৰ কলগাছিয়া,খৰিচালা,জনিয়া,লাংলা, মইনবৰী,বৰভিটা,বালিকুৰি আদি অঞ্চলৰ সকলো বজাৰ সমাৰৰ লগতে ৰাজপথ বন্ধ হৈ পৰিছে ৷ কৰ’ণা ভাইৰাছ প্ৰতিৰোধৰ ক্ষেত্ৰত চৰকাৰৰ এই সিদ্ধান্তক বিভিন্ন মহলে আদৰণি জনোৱাৰ দৰিদ্ৰ লোকসকলক খাদ্য় সামগ্ৰী যোগান ধৰাৰ বাবেও দাবী উত্থাপন কৰিছে ৷

11:49 March 25

মৰাণতো তলাবন্ধ কাৰ্যসূচী পালন সাধাৰণ ৰাইজৰ

মৰাণ,25 মাৰ্চঃ মৰাণতো তলাবন্ধ কাৰ্যসূচী পালন সাধাৰণ ৰাইজৰ ৷ মঙলবাৰে তলাবন্ধৰ আগমুহুৰ্তত জনতাৰ কিছু ভিৰ পৰিলক্ষিত হয় যদিও পৰৱৰ্তী সময়ত ৰাইজে সুচাৰুৰূপে পালন কৰে এই কাৰ্যসূচী ৷ ইয়াৰ পিছতে মৰাণৰ নবাৰুণ সংঘৰ উদ্যোগত মৰাণ আৰক্ষী চকী আৰু মৰাণ ৰাজহ চক্ৰ বিষয়াৰ সহযোগত সমগ্ৰ চহৰ খনতে ছেনিটাইজেশ্যনৰ ব্যৱস্থা কৰা হয় ৷ সংঘৰ বিষয়ববীয়াসকলে জনায় যে,কৰ’ণা ভাইৰাছৰ বীজাণু ধ্বংস কৰাৰ উদ্দেশ্যে প্ৰসাশনৰ সহযোগত সকলো পথ,উপ-পথতে প্ৰতিদিনেই কৰা হ'ব ছেনিটাইজেশ্যন ৷ 

11:40 March 25

গোৱালপাৰা চহৰত দেখা গ’ল জনশূন্য পৰিৱেশ

Assam lockdown
গোৱালপাৰা চহৰত দেখা গ’ল জনশূন্য পৰিৱেশ

গোৱালপাৰ,25 মাৰ্চঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গোৱালপাৰা চহৰত দেখা গ’ল জনশূন্য পৰিৱেশ ৷ জৰুৰীকালীন সেৱাৰ বাহিৰে কোনো ধৰণৰ যান-বাহন বা কোনো ব্যক্তি যাতে ঘৰৰ পৰা বাহিৰ ওলাব নোৱাৰে ইয়াৰ প্ৰতি তীক্ষ্ণ দৃষ্টি ৰাখিছে প্ৰশাসনে ৷ 

11:34 March 25

চিৰাং জিলাতো সৰ্বাত্মক ভাৱে ৰূপায়ণ তলাবন্ধ কাৰ্যসূচী

চিৰাং জিলাতো শান্তিপূৰ্ণতথা সৰ্বাত্মক ভাৱে ৰূপায়ন তলাবন্ধ কাৰ্যসূচী

চিৰাং,25 মাৰ্চঃ সমগ্ৰ দেশৰ লগতে চিৰাং জিলাতো শান্তিপূৰ্ণ তথা সৰ্বাত্মকভাৱে ৰূপায়ণ হোৱা পৰিলক্ষিত হয় তলাবন্ধ কাৰ্যসূচী ৷ ঠায়ে ঠায়ে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ লোক মোতায়েন কৰা হৈছে যাতে লোকসকল নিজ নিজ বাসগৃহৰ পৰা ওলাই আহিব নোৱাৰে ৷ ইয়াৰ মাজতো কিছুসংখ্যক লোকে আইন অমান্য কৰে যদিও আৰক্ষীয়ে ওভটাই পঠায় লোকসকলক ৷

11:11 March 25

মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ঐতিহাসিক ঘোষণাৰ প্ৰভাৱ যোৰহাট চহৰতো পৰা পৰিলক্ষিত হৈছে ৷

যোৰহাটত তলাবন্ধৰ প্ৰভাৱ

যোৰহাট,25 মাৰ্চঃ মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ঐতিহাসিক ঘোষণাৰ প্ৰভাৱ যোৰহাট চহৰতো পৰা পৰিলক্ষিত হৈছে ৷ ৰাজপথত আৰক্ষী আৰু নিৰাপত্তাৰক্ষীয়ে পহৰা দি আছে৷ কিন্তু ইয়াৰ বিপৰীতে ঐত্যাৱশ্যকীয় সামগ্ৰীৰ দোকানৰ লগতে ফাৰ্মাচী সমূহক এক মিটাৰৰ দূৰত্ব বজাই সামগ্ৰী প্ৰদানৰ নিৰ্দেশ জিলা প্ৰশাসনৰ ৷ চৰকাৰী নিৰ্দেশনা অৱমাননা কৰিলে অনুজ্ঞাপত্ৰ বাতিলৰ কথা ঘোষণা কৰে যোৰহাট জিলা প্ৰশাসনে ৷  

10:41 March 25

মঙলবাৰে সন্ধিয়াৰ পৰা ঘোষণা কৰা তলাবন্ধত স্তব্ধ হৈ পৰিছে শিৱসাগৰ

তলাবন্ধত স্তব্ধ হৈ পৰিছে শিৱসাগৰ

শিৱসাগৰ,25 মাৰ্চঃ মঙলবাৰে সন্ধিয়াৰ পৰা ঘোষণা কৰা তলাবন্ধত স্তব্ধ হৈ পৰিছে শিৱসাগৰ ৷ জিলা প্ৰশাসনৰ লগতে আৰক্ষীৰ তৎপৰতাত সন্ধিয়াৰ পৰা তলাবন্ধ কাৰ্যসূচী কাৰ্যকৰী হয় যদিও এচাম লোকে বিনা কাৰণতে ঘৰৰ পৰা বাহিৰলৈ ওলাই যোৱা দেখা যায় ৷ আনহাতে,মঙলবাৰে নিশা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ঘোষণা কৰা 21 দিনীয়া তলাবন্ধত চিন্তিত হৈ পৰিছে ৰাজ্যৰ খাটি খোৱা লোকসকল ৷ সেয়েহে এইক্ষেত্ৰত চৰকাৰক কিবা এক সাহায্য প্ৰদানৰ বাবে আহ্বান জনাইছে সাধাৰণ জনতাই ৷

09:59 March 25

বুধবাৰে ৰঙিয়া মহকুমাৰ মহকুমাধিপতি বেদাংগ তালুকদাৰ,মহকুমা আৰক্ষী বিষয়া কংকন নাথ আৰু কমলপুৰ ৰাজহ চক্ৰ বিষয়া অংকিতা শৰ্মাই বাইহাটা চাৰিআলিৰ বিভিন্ন অঞ্চলত সম্পূৰ্ন তলাবন্ধ কাৰ্যসূচী পালন কৰা হৈছে নে নাই সেইয়া নিৰীক্ষণ কৰে ৷

বাইহাটা, 25 মাৰ্চঃ সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰা কৰ’ণা ভাইৰাছৰ পৰা পৰিত্ৰাণ পোৱাৰ বাবে প্ৰধানমন্ত্ৰীয়ে আহ্বান জনোৱা সম্পূৰ্ণ তলাবন্ধৰ পংখানুপুংখ নিৰীক্ষণ ৰঙিয়া মহকুমা প্ৰশাসনৰ ৷ বুধবাৰে ৰঙিয়া মহকুমাৰ মহকুমাধিপতি বেদাংগ তালুকদাৰ, মহকুমা আৰক্ষী বিষয়া কংকন নাথ আৰু কমলপুৰ ৰাজহ চক্ৰ বিষয়া অংকিতা শৰ্মাই বাইহাটা চাৰিআলিৰ বিভিন্ন অঞ্চলত সম্পূৰ্ণ তলাবন্ধ কাৰ্যসূচী পালন কৰা হৈছে নে নাই সেইয়া নিৰীক্ষণ কৰে ৷ নিশাৰ ভাগলৈকে চলোৱা এই নিৰীক্ষণ অভিযানত ৰাজপথত চলাচল কৰা সকলো ধৰণৰ ব্যক্তিগত যান-বাহনো পৰীক্ষা কৰা হয় ৷ তলাবন্ধ কাৰ্যসূচী পালন নকৰা লোকসকলৰ বিৰুদ্ধে আইনগত ব্যৱস্থা লোৱাৰ কথা ঘোষণা কৰে মহকুমাধিপতিৰ লগতে মহকুমা আৰক্ষী বিষয়াই ৷

Last Updated : Mar 25, 2020, 3:12 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.