ETV Bharat / state

আজমল ফাউণ্ডেশ্যনৰ টকা অবৈধ নহয় : বদৰুদ্দিন আজমল

আজমল ফাউণ্ডেশ্যনৰ টকা সন্দৰ্ভত এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমলে কয় যে, যিসকলে এই অভিযোগ দিছে তেওঁলোকে এফচিআৰৰ বিষয়ে একো নাজানে ৷ এফচিআৰৰ টকা চুৰি বা ডকাইতিৰ টকা নহয় ৷ মিছা অভিযোগ দিয়াসকলৰ ওপৰত আদালতত মানহানিৰ গোচৰ তৰিব এআইইউডিএফৰ সভাপতিগৰাকীয়ে ৷

author img

By

Published : Dec 5, 2020, 10:28 AM IST

ajmal reaction
আজমলৰ মন্তব্য

ৰঙিয়া,5 ডিচেম্বৰ : শুকুৰবাৰে ৰঙিয়াৰ খন্দিকৰত উপস্থিত হৈ আজমল ফাউণ্ডেশ্যনৰ টকা সন্দৰ্ভত মন্তব্য কৰে এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমলে ৷ আজমল ফাউণ্ডেশ্যনৰ টকা অবৈধ নহয় বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰি তেওঁ কয় যে, ‘‘এফচিআৰৰ টকা চুৰি বা ডকাইতিৰ টকা নহয় । গৃহ মন্ত্ৰণালয় অথবা বৃত্ত মন্ত্ৰণালয়ৰ অধীনতেই এই টকাবোৰ আহে । এই সন্দৰ্ভত যিসকলে অভিযোগ দিছে তেওঁলোকে এফচিআৰৰ বিষয়ে একো নাজানে’’ ।

আজমলৰ মন্তব্য

এফ চি আৰৰ টকা মুকলি কৰি দিওঁতে কমেও এবছৰ সময় লাগে । টকা মুকলি কৰি দিবলৈ হ’লে হাজাৰটা তদন্ত কৰে। যিসকলে দান-বৰঙণি দিয়ে তেওঁলোকৰো তদন্ত হয় । যিসকলে এই টকা লাভ কৰে তেওঁলোকৰো তদন্ত হয় হয় বুলি আজমলে সদৰি কৰে ৷

বদৰুদ্দিন আজমলৰ ৰাজনৈতিক শত্ৰুৱে এনে অপপ্ৰচাৰ চলাইছে বুলি কৈ যিসকলে এই মিছা অভিযোগ দিছে সেইসকলৰ ওপৰত আদালতত তেওঁ মানহানিৰ গোচৰ ৰুজু কৰিব । তেওঁলোকে তাৰ উত্তৰ আদলতত দিব লাগিব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে বদৰুদ্দিন আজমলে ।

লগতে পঢ়ক : মাজুলীত টি.কে. কোম্পানীৰ বিৰুদ্ধে অনিয়মৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.