গুৱাহাটী,11 ডিচেম্বৰ: আগন্তুক অসম বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ সময়তে ৰাজনৈতিক দলসমুহৰ মাজত বৃদ্ধি পাইছে নিৰ্বাচনকেন্দ্ৰিক তৎপৰতা ৷ অসমৰ বিভিন্ন প্ৰান্তত ৰাষ্ট্ৰীয়তাবাদী দলসমূহৰ হাইপ্ৰফাইল নেতাই ৰাজনৈতিক সভা পাতি চমক সৃষ্টি কৰাৰ সময়ত থমকি ৰোৱা নাই অসমৰ আঞ্চলিকতাবাদী ৰাজনৈতিক দলসমূহো ৷ ইতিমধ্যে 2021 ৰ বিধানসভা নিৰ্বাচনৰ বাবে ককালত টঙালি বান্ধিছে ৰাজ্যত নতুনকৈ গঠন হোৱা আঞ্চলিক গণ মৰ্চা,ৰাইজৰ দল,অসম জাতীয় পৰিষদকে আৰম্ভ কৰি সকলো আঞ্চলিক দল ৷
অসম জাতীয় পৰিষদৰ সম্পাদক জগদীশ ভূঞাই ইটিভি ভাৰতক জানিবলৈ দিয়া অনুসৰি সমাগত বিধানসভা নিৰ্বাচনত অসমৰ সকলো আঞ্চলিক দলৰ সৈতে মিত্ৰতা কৰি অসমৰ 126 টা সমষ্টিতে প্ৰাৰ্থী প্ৰক্ষেপ কৰিব অসম জাতীয় পৰিষদ দলে ৷ উল্লেখ্য যে,অসম গণ পৰিষদক বাদ দি সকলো আঞ্চলিক ৰাজনৈতিক দলৰ সৈতে অসম জাতীয় পৰিষদৰ মিত্ৰতাৰ কথা ইতিমধ্যে ইংগিতেৰে প্ৰকাশ কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে ৷
লগতে পঢ়কঃ ৰাইবৰেলিত আপ বিধায়ক সোমনাথ ভাৰতীলৈ চিঁয়াহী নিক্ষেপ