ETV Bharat / state

ৰঙিয়াতো কা' বাতিলৰ দাবীত আছুৰ উত্তাল প্ৰতিবাদ - প্ৰতিবাদ

নাগৰিকত্ব সংশোধনী আইন 2019 বাতিল আৰু অসম চুক্তিৰ 6 নং দফা ৰূপায়নৰ দাবীত দেওবাৰে ৰঙিয়াৰ আঞ্চলিক ছাত্ৰ সন্থাই উত্তাল প্ৰতিবাদ সব্যস্ত কৰে ৷ ৰাষ্ট্ৰীয় ঘাই পথৰ বিভিন্ন ঠাইত কলা পতাকা আঁৰি কা' বাতিলৰ দাবীত শাসক পক্ষক ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাই দিলে হুংকাৰ ।

ASSU protest againts CAA
ৰঙিয়াতো কা' বাতিলৰ দাবীত আছুৰ উত্তাল প্ৰতিবাদ
author img

By

Published : Jan 24, 2021, 8:26 PM IST

ৰঙিয়া, 24 জানুৱাৰী : নাগৰিকত্ব সংশোধনী আইন 2019 বাতিল আৰু অসম চুক্তিৰ 6 নং দফা ৰূপায়নৰ দাবীত সমগ্ৰ অসম জুৰি সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিবাদ অব্যাহত ৰাখিছে ৷ ৰাজ্য সকলো প্ৰান্ততে জোঁৰ সমদল, অৱস্থান ধৰ্মঘট, পথ অৱৰোধ, মন্ত্ৰী বিধায়কৰ প্ৰতিকৃতি দাহ আদি কাৰ্যসূচী ৰূপায়ন কৰি কা' বাতিলৰ দাবীত আছুৱে উত্তাল পতিবাদ সাব্যস্ত কৰা দেখা গৈছে ৷

ৰঙিয়াতো কা' বাতিলৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে আছুৱে ৷ ৰঙিয়াত কা' আইন বাতিলৰ দাবীত হাইৱে চ'কত নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিলিপি দাহ কৰে আছুৱে ।

ৰঙিয়াতো কা' বাতিলৰ দাবীত আছুৰ উত্তাল প্ৰতিবাদ

ইয়াৰ সমান্তৰালভাৱে চৰকাৰ বিৰোধী শ্ল'গানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তুলে ৰঙিয়াৰ আঞ্চলিক ছাত্ৰ সন্থাৰ কৰ্মী সকলে । কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি নলবাৰীৰ এখন জনসভাত ভাষণ দি থকাৰ সময়তে ৰাজ্যৰ ভিন্ন প্ৰান্তত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে আছুৱে ।

উল্লেখ্য যে, ৰাষ্ট্ৰীয় ঘাই পথৰ সমীপৰ বিভিন্ন ঠাইত কলা পতাকা আঁৰি কা' বাতিলৰ দাবীত শাসক পক্ষক ৰঙিয়া আঞ্চলিত ছাত্ৰ সন্থাই দিলে হুংকাৰ ।

লগতে পঢ়ক: বিজেপি আৰু আঞ্চলিক শক্তিক ৰুধিব পাৰিবনে কংগ্ৰেছ-এআইইউডিএফে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.