ETV Bharat / state

মায়াৱিনী ৰাতি বুকুত গাই আত্মহত্যা প্ৰেমত প্ৰতাৰিত বুবুৰ

author img

By

Published : Aug 29, 2022, 6:56 PM IST

Updated : Aug 29, 2022, 7:20 PM IST

মায়াবিনী ৰাতিৰ বুকুত গান গাই হেৰাই গ’ল বুবু (Assam youth committed suicide)৷ প্ৰেমিকাৰ প্ৰতাৰণা সহ্য কৰিব নোৱাৰি প্ৰেমিক বুবুৱে ল’লে চৰম সিদ্ধান্ত ৷ প্ৰেমিকাই কৰা প্ৰতাৰণাৰ বাবেই অন্ধ্ৰ প্ৰদেশত ৰঙিয়াৰ বটাকুছিৰ যুৱক বুবুৱে ফেচবুকত লাইভ দি চিপ লৈ আত্মহত্যা কৰে (Lover commits suicide in Andhra Pradesh) ।

Lover commits suicide in Andhra Pradesh
প্ৰেমিকাৰ প্ৰতাৰণা সহ্য কৰিব নোৱাৰি প্ৰেমিক বুবুৱে ল’লে চৰম সিদ্ধান্ত

ৰঙিয়া, 29 আগষ্ট : প্ৰেম, বিশ্বাস, প্ৰতাৰণা আৰু অৱশেষত মৃত্যু ৷ মূহুৰ্ততে সকলো শেষ ৷ ৰেকিব আলী ওৰফে বুবুৱে সপোন দেখিছিল এদিন মৰমৰ মানুহজনীৰ সৈতে সপোনৰ ঘৰখন সাজিব ৷ সময় বাগৰিল ৷ এঢাপ এঢাপকৈ মৰমৰে উপচি পৰিব ঘৰখন ৷ কষ্টও কৰিছিল বাবুৱে ৷ এপইচা-দুপইচাকৈ সাঁচিছিল ধন ৷ কিয়নো মৰমৰ মানুহজনীৰ সৈতে বুবুৱে সপোনৰ ঘৰখন সাজিব ৷

ইমানলৈকে সকলো ঠিকেই আছিল ৷ কিন্তু হঠাৎ ধুমুহা আহিল বুবুৰ জীৱনলৈ ৷ মূহুৰ্ততে সকলো শেষ ৷ ধ্বংস হ’ল বুবুৰ সপোন ৷ বুবুৰ প্ৰেমিকাই মন মেলিলে আনলৈ ৷ এই খবৰ পালে বুবুৱে ৷ তাৰ পাচত যেন দিকবিদিক হেৰুৱাই পেলাইছে বুবুৱে ৷ কি কৰিব, কেনেকৈ বুজাব মৰমৰ প্ৰেয়সীক ৷ কেনেকৈ বুজাব তাইক সি কিমান ভাল পায় ৷ কেনেকৈ সয়মান কৰাব বুবুৰ জীৱনলৈ ধূৰি আহিবলৈ ?

কিন্তু বুবুৱে ভবাৰ দৰে প্ৰেমিকা ঘূৰি নাহিল ৷ বহু চেষ্টা কৰিও প্ৰেমিকাৰ প্ৰতাৰণা সহ্য কৰিব নোৱাৰি ৰঙিয়াৰ বৰদোঙা বটাকুছিৰ প্ৰেমিক বুবুৱে ল’লে চৰম সিদ্ধান্ত । অন্ধ্ৰ প্ৰদেশতে বুবু ওৰফে ৰেকিব আলীয়ে ফেচবুকত লাইভ দি চিপ লৈ আত্মহত্যা কৰিলে (Lover commits suicide in Andhra Pradesh) ।

মায়াৱিনী ৰাতি বুকুত গাই আত্মহত্যা প্ৰেমত প্ৰতাৰিত বুবুৰ

কিন্তু আত্মহত্যাৰ পূৰ্বে ফেচবুক লাইভত প্ৰেমিকাৰ প্ৰতাৰণাৰ কাহিনী কৈ থৈ গ’ল বুবুৱে ৷ তাৰ পিছত যুৱ প্ৰজন্মৰ হাৰ্ট থ্ৰব জুবিন গাৰ্গৰ জনপ্ৰিয় গীত ‘‘মায়াৱিনী ৰাতিৰ বুকুত’’ গীত গাই অৱশেষত চিপ লৈ নিজৰ কৰ্মস্থলীৰ ওচৰতে থকা এটা কোঠালীত আত্মহত্যা কৰে বাবুৱে (Assam Suicide news)।

এই ঘটনাৰ বিষয়ে জানিব পাৰি কাষৰীয়া লোকে খবৰ দিয়ে আৰক্ষীক ৷ ঘটনাস্থলীত অন্ধ্ৰ প্ৰদেশৰ আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে বুবুৰ মৃতদেহ । ইফালে এই খবৰ লাভ কৰাৰ পিছতে এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে বৰদোঙা বটাকুছি অঞ্চলত ৷

লগতে পঢ়ক : বিস্কুটৰ প্ৰলোভন দি কুকুৰৰ লগত যৌন সম্পৰ্ক 65 বছৰীয়া বৃদ্ধৰ

Last Updated : Aug 29, 2022, 7:20 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.