গুৱাহাটী, 24 জুন : দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা 'পেগাছাছ' (Pegasus) কাণ্ডক লৈ শনিবাৰে অসম প্ৰদেশ কংগ্ৰেছে (APCC) গুৱাহাটীত ৰূপায়ণ কৰে প্ৰতিবাদী কাৰ্যসূচী ৷ পেগাছাছ কাণ্ডৰ উচ্চতম ন্যায়ালয়ৰ তদাৰকত ন্যায়িক তদন্তৰ দাবী উত্থাপন কৰি ৰাজভৱনৰ সন্মুখত এই প্ৰতিবাদ সাব্যস্ত কৰে প্ৰদেশ কংগ্ৰেছে ৷ উল্লেখ যে ইজৰাইলী চোৰাংচোৱাৰ তথ্য প্ৰযুক্তি 'পেগাছাছ' ব্যৱহাৰ কৰি তিনি শতাধিক ভাৰতীয়ৰ টেলিফোন টেপিং আৰু ই-মেইল হেকিঙক লৈ দেশৰ ৰাজনীতি উত্তাল হৈ আছে ৷ অসমতো এই ঘটনাক লৈ অব্যাহত আছে প্ৰতিক্ৰিয়া ৷
পেগাছাছৰ ফোন টেপিঙৰ তালিকাত ভাৰতৰ বহু প্ৰখ্যাত সাংবাদিক, মানৱ অধিকাৰ কৰ্মী, ৰাজনীতিক তথা বিশিষ্ট ব্যক্তিৰ নাম সন্নিবিষ্ট হৈছে ৷ ইয়াৰ দ্বাৰা নৰেন্দ্ৰ মোডী চৰকাৰে ব্যক্তি স্বাধীনতাত হস্তক্ষেপ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ শনিবাৰে প্ৰদেশ কংগ্ৰেছে (APCC) এই ঘটনাৰ প্ৰতিবাদ জনাই ৰাজভৱনৰ সন্মুখত বিক্ষোভ প্ৰদৰ্শন কৰে ৷ প্ৰতিবাদকাৰীসকলে মোডী চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰাৰ লগতে প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ পদত্যাগ দাবী কৰি ৰাজপথ উত্তাল কৰি তোলে ৷
প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই কয় যে, মোডী চৰকাৰে সংবিধানে দিয়া ব্যক্তি স্বাধীনতাত আঘাত সানিছে ৷ যাৰ বাবে কংগ্ৰেছ দলে দেশজুৰি ইয়াৰ প্ৰতিবাদ কৰিছে ৷
লগতে ৰাজভৱন ঘেৰাও কাৰ্যসূচীৰে ৰাজ্যপালৰ যোগেদি ৰাষ্ট্ৰপতিলৈ স্মাৰক পত্ৰ প্ৰেৰণৰ বাবে এই কাৰ্যসূচী গ্ৰহণ কৰিছো বুলি মন্তব্য কৰে ৰিপুন বৰাই (Ripun Bora) ৷ এই ঘটনাৰ উচ্চতম ন্যায়ালয়ৰ তদাৰকত ন্যায়িক তদন্ত দাবী কৰিছো তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ পদত্যাগ দাবী কৰিছো বুলি মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে ৷ আনহাতে বিৰোধী দলপতি দেবব্ৰত শইকীয়াই কয় যে এই কাৰ্য আইন বিৰোধী ৷ এনে আইন বিৰোধী চৰকাৰক নিয়ম মতে ভংগ কৰিব লাগে ৷
ইয়াৰ ওপৰিও "এই চৰকাৰখন ফেচীবাদী চৰকাৰ ৷ আমাৰ ব্যক্তিগত গোপনীয়তাত এইখন চৰকাৰে হস্তক্ষেপ কৰিছে ৷ সংবিধান প্ৰদত্ত অধিকাৰ এইখন চৰকাৰে ভংগ কৰিছে ৷ আমি ইয়াৰ প্ৰতিবাদ জনাই এই কাৰ্যসূচী গ্ৰহণ কৰিছো " বুলি মন্তব্য কৰে দেবব্ৰত শইকীয়াই ৷
এই প্ৰতিবাদী কাৰ্যসূচীৰ যোগেদি ৰিপুন বৰা আৰু দেবব্ৰত শইকীয়াৰ নেতৃত্বত এটা প্ৰতিনিধি দলে ৰাজ্যপালক সাক্ষ্যাৎ কৰি এখন স্মাৰক পত্ৰ ৰাষ্ট্ৰপতিক উদ্দেশ্যি প্ৰদান কৰে ৷ প্ৰতিবাদী কাৰ্যসূচীত প্ৰদেশ কংগ্ৰেছৰ কেইবাজনো নেতা-কৰ্মীয়ে অংশ গ্ৰহণ কৰে ৷
লগতে পঢ়কঃ এইবাৰ বিজেপিলৈ মন মেলিছে AIUDF ৰ বিধায়কে