ETV Bharat / state

ল'ক ডাউনঃ ৰাজপথলৈ ওলাই আহি পিঠিত কোব পৰিল বহুজনৰ

author img

By

Published : Mar 25, 2020, 7:09 PM IST

প্ৰধানমন্ত্ৰী মোডীৰ তলাবন্ধ আহ্বানৰ দুদিন নহওঁতেই বিনা কাৰণত ৰাজপথত ঘূৰি ফুৰা লোকসকলক আৰক্ষীয়ে লাঠি চালনা কৰাৰ উপৰিও কিছুমানক আঠূ কঢ়াই শাস্তি দিয়ে ৷

আৰক্ষীৰ লাঠি চালনা
আৰক্ষীৰ লাঠি চালনা

প্ৰধানমন্ত্ৰীৰ আহ্বানক ধূলিস্যাৎ কৰি ৰাজপথলৈ ওলাই অহা একাংশ আইন অমান্যকাৰীক ৰাজ্যৰ বিভিন্ন স্থানত উত্তম মাধ্যম শোধালে আৰক্ষীয়ে ৷ দিনে-নিশাই জৰুৰীকালীন সেৱাত নিয়োজিত আৰক্ষীসকলৰ মূৰৰ কামোৰণি হৈ পৰা একাংশ লোকক নিয়ন্ত্ৰণ কৰিবলৈ এতিয়া বিভিন্ন পন্থা হাতত লৈছে অসম আৰক্ষীয়ে ৷

দৰং, 25 মাৰ্চ : দেশত কৰ'ণা ভাইৰাছৰ ভয়াৱহতালৈ প্ৰতি লক্ষ্য কৰি প্ৰধানমন্ত্ৰীয়ে ল’ক ডাউন ঘোষণা কৰে যদিও দৰঙত একাংশ উদণ্ড যুৱকে চৰকাৰৰ নিৰ্দেশক বুঢ়া আঙুলি দেখুৱাই ৰাজপথলৈ ওলাই আহে ৷ জিলাখনৰ আৰক্ষীটো বাদেই দেশৰ প্ৰধানমন্ত্ৰীৰ আহ্বানকো কেৰেপ নকৰা এনে যুৱকক নাকি লগাবলৈ আৰক্ষীয়ে ৰাম পিটন দিয়া পৰিলক্ষিত হ’ল। আনকি একাংশক মাজ বাটৰ পৰা ধমক দি উভতাই পঠিয়াই আৰক্ষীয়ে। বিভিন্ন কামৰ অজুহাত দেখুৱাই ৰাজপথলৈ ওলাই অহা বুলি দুই এজনে আৰক্ষীৰ লগত তৰ্কাতৰ্কিটো লিপ্ত হয় ৷

দৰং

তেজপুৰ, 25 মাৰ্চঃ আনহাতে দৰঙৰ দৰে প্ৰায় অনুৰূপ পৰিৱেশ দেখিবলৈ পোৱা যায় তেজপুৰটো ৷ তলাবন্ধৰ পাছতো বিনা কাৰণত ঘৰৰ পৰা ওলাই অহা একাংশ উদণ্ড যুৱকক আঠু কঢ়াই "অ মোৰ আপোনাৰ দেশ" গাবলৈ দিয়ে তেজপুৰ আৰক্ষীয়ে। বহিঃ ৰাজ্যৰ পৰা আহি অতপালি কৰি ফুৰা দুজন যুৱকক ৰাষ্ট্ৰীয় ঘাইপথতে আঠু কঢ়াই লৈ শাস্তি প্ৰদান কৰে আৰক্ষীয়ে ।

তেজপুৰ

তিনিচুকীয়া, 25 মাৰ্চঃ সামন্তৰালকৈ আৰক্ষীৰ লাঠিৰ কোবত ৰজন জনাই গ'ল তিনিচুকীয়া জিলা ৷ প্ৰশাসনৰ নিষেধাজ্ঞাক ভেঙুচালি কৰি বাহিৰলৈ ওলাই অহা একাংশ লোকক লাঠিচাৰ্জ কৰি ঘৰলৈ উভতাই পঠোৱাৰ লগতে ঘৰৰ মানুহ ঘৰতে থাকিবলৈ আহবান জনাইছে তিনিচুকীয়া আৰক্ষীয়ে ৷

তিনিচুকীয়া

বাইহাটা, 25 মাৰ্চঃ বাইহাটা চাৰিআলিৰ ভিন্ন প্ৰান্তত তলাবন্ধৰ সফল ৰূপায়ণ হৈছে যদিও কিছু কিছু ক্ষেত্ৰত কোনো কোনো লোক ৰাজপথলৈ ওলাই অহাৰ পৰিপ্ৰেক্ষিতত আৰক্ষীয়ে বিহিত ব্যৱস্থা গ্ৰহণ কৰিছে। প্ৰধানমন্ত্ৰী মোডীৰ তলাবন্ধ আহ্বানৰ দুদিন নহওঁতেই বিনা কাৰণত ৰাজপথত ঘূৰি ফুৰা লোকসকলক আৰক্ষীয়ে লাঠী চালনা কৰাৰ উপৰিও কিছুমানক আঠু কঢ়াই শাস্তি দিয়ে ৷

বাইহাটা

বিশ্বনাথ, 25 মাৰ্চঃ লকডাউন ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে বিশ্বনাথ আৰক্ষী ৷ অনাহকত ৰাজপথত ঘূৰি আড্ডা মাৰি থকা লোকক আৰক্ষীয়ে ৰাজপথৰ মাজতে আঁঠু কঢ়াই শাস্তি প্ৰদান কৰাৰ লগতে লাঠিৰ কোব দি ঘৰলৈ ওভটাই পঠালে আৰক্ষীয়ে ৷ ইয়াৰোপৰি আন কাৰোবাক বগা কাগজত বিভিন্ন বাক্য লিখি চ'চিয়েল মেডিয়াত প্ৰচাৰ কৰি ঘৰলৈ পঠাই দিয়াও পৰিলক্ষিত হৈছে।

বিশ্বনাথ

লগতে পঢ়কঃকাবুলত শিখ সম্প্ৰদায়ৰ ওপৰত আক্ৰমণঃ নিহত 11

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.