ETV Bharat / state

ভূৱা কলেজ শিক্ষকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব অসম চৰকাৰে : ড৹ ননীগোপাল মহন্ত

author img

By

Published : Dec 19, 2021, 11:51 AM IST

অসম চৰকাৰৰ এক তদন্তত পোহৰলৈ আহিছে ৫৮ গৰাকী কলেজ শিক্ষকৰ ভূৱা ডিগ্ৰীৰ কথা ৷ এইসকল ভূৱা কলেজ শিক্ষক (Fake college teachers of Assam) ৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব অসম চৰকাৰৰ শিক্ষা বিভাগে ৷ এই মন্তব্য অসম চৰকাৰৰ শিক্ষা উপদেষ্টা ড৹ ননীগোপাল মহন্ত (Nani Gopal Mahanta)ৰ ৷

Nani Gopal Mahanta
কঠোৰ হৈছে অসম চৰকাৰৰ শিক্ষা বিভাগ

বাইহাটা, 19 ডিচেম্বৰ : কঠোৰ হৈছে অসম চৰকাৰৰ শিক্ষা বিভাগ ৷ শীঘ্ৰেই ৫৮ গৰাকী কলেজ শিক্ষকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহন কৰিব অসম চৰকাৰে (The Assam government will take Strict action against 58 fake college teachers) । কিয়নো ভূৱা ডিগ্ৰীৰে শিক্ষকতা কৰিছিল এইসকল কলেজ শিক্ষকে । ইতিমধ্যে 1000 ৰো অধিক কলেজ শিক্ষকৰ বিৰুদ্ধে ভূৱা ডিগ্ৰীৰ অভিযোগ উত্থাপন হৈছে ৷ এই সন্দৰ্ভত অসম চৰকাৰে আৰম্ভ কৰিছিল তদন্ত ৷ তাৰপিছতে চৰকাৰে ৫৮ গৰাকী কলেজ শিক্ষকে ভূৱা ডিগ্ৰীৰে শিক্ষকতা কৰি থকাৰ প্ৰমাণ লাভ কৰিছে ।

শনিবাৰে আমিনগাঁৱস্থিত সৰলা বিৰলা জ্ঞানজ্যোতি বিদ্যালয়ৰ সভাকক্ষত আয়োজিত কৰ্মশালাত এই মন্তব্য কৰিছে অসম চৰকাৰৰ শিক্ষা উপদেষ্টা ড৹ ননীগোপাল মহন্ত (Nani Gopal Mahanta) ই ৷ এই কৰ্মশালাতেই নতুন শিক্ষা নীতি (New Education Policy) সন্দৰ্ভতো তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে অসম চৰকাৰৰ শিক্ষা উপদেষ্টা গৰাকীয়ে ।

কঠোৰ হৈছে অসম চৰকাৰৰ শিক্ষা বিভাগ

মহন্তই কয় যে, ২০২২ বৰ্ষৰ পৰা ৰাজ্যৰ বিদ্যালয় পৰ্যায়ত আৰম্ভ হ'ব নতুন শিক্ষা নীতি (The new education policy will be Started from 2022) । লগতে মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় পৰ্যায়ত ২০২৩ বৰ্ষৰ পৰা আৰম্ভ হ'ব নতুন শিক্ষা নীতিৰ ৰূপৰেখা । ছাত্ৰ-ছাত্ৰীৰ মাজত বিজ্ঞান মনষ্কতা বৃদ্ধিৰ বাবে আমিনগাঁৱত আয়োজন কৰা বিজ্ঞান কৰ্মশালাত এই মন্তব্য কৰে শিক্ষা উপদেষ্টা গৰাকীয়ে ৷

শনিবাৰে আমিনগাঁৱস্থিত সৰলা বিৰলা জ্ঞানজ্যোতি বিদ্যালয়ৰ সভাকক্ষত আয়োজিত কৰ্মশালাত অসমৰ বিশিষ্ট উদ্ভাৱক পদ্মশ্ৰী ড৹ উদ্ধৱ ভৰালীয়ে কামৰূপ জিলাৰ বিজ্ঞান শিক্ষকসকলৰ সৈতে মত বিনিময় কৰে ৷ অধিকাংশ শিক্ষাৰ্থীৰ মাজত কেনেদৰে বিজ্ঞান শিক্ষাৰ প্ৰতি আকৰ্ষিত কৰিব পাৰে, সেই সন্দৰ্ভত আলোচনা কৰা হয় ৷ লগতে ‘Entrepreneurship Development’ বিষয়ৰ ওপৰত আলোকপাত কৰে পদ্মশ্ৰী ড৹ উদ্ধৱ ভৰালী (Padma Shri Uddhab Bharali)য়ে ।

উক্ত অনুষ্ঠানত শিক্ষা বিভাগৰ উপদেষ্টা ড৹ ননীগোপাল মহন্ত, ছেবাৰ অধ্যক্ষ ৰমেশ জৈন, ছেবাৰ সচিব সুৰঞ্জনা সেনাপতি, কামৰূপ জিলাৰ উপায়ুক্তৰ সহিতে বিদ্যালয়সমূহৰ পৰিদৰ্শক আদিয়েও অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক : IAS officers from Assam : সাতটা দশকত ওলাইছে মাত্র ৫৩ গৰাকী অসমীয়া আইএএছ বিষয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.