ETV Bharat / state

পলাশবাৰীৰ বৰটাৰীত হাজাৰ হাজাৰ বিঘা কলখেতি বানপানীত নষ্ট

লক ডাউন আৰু বানপানীৰ বাবে ক্ৰমাৎ শোচনীয় হৈ পৰিছে দক্ষিণ কামৰূপৰ কল খেতিয়ক সকলৰ অৱস্থা ৷ হাজাৰ হাজাৰ বিঘা মাটিৰ মালভোগ কল মৰহি যোৱাত বৰ্তমান অৱস্থা পানীত হাঁহ নচৰা হৈছে ৷ কৃষি বিভাগৰ পৰা সহায় বিচাৰিছে খেতিয়ক সকলে ৷

author img

By

Published : Aug 10, 2020, 9:28 PM IST

ASSAM FLOOD, POOR BANENA FARMER IN SOUTH KAMRUP
পলাশবাৰীৰ বৰটাৰীত হাজাৰ হাজাৰ বিঘা কলখেতি বানপানীত নষ্ট

ছয়গাঁও, 10 আগষ্ট : কৰ'ণা মহামাৰীৰ বাবে ঘোষণা কৰা লক ডাউনৰ ফলত সৰ্বত্ৰে জুৰুলা হৈ পৰিছে সৰ্বসাধাৰণ ৰাইজ ৷ বিশেষকৈ খাটিখোৱা লোক সকলৰ অৱস্থা আৰু অধিক শোচনীয় হৈ পৰিছে ৷ কৰ'ণা মহামাৰীৰ ফলত একাংশ লোকৰ অবস্থা একেবাৰে শোচনীয় হৈ পৰাৰ সময়তে তিনিবাৰকৈ অহা বানপানীয়ে সৰ্বস্বান্ত কৰিছে ৰাজ্যবাসীক ৷

ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে কামৰূপ জিলাৰ দক্ষিণ কামৰূপ অঞ্চলতো বানপানীয়ে তাণ্ডৱ সষ্টি কৰিছে ৷ পলাশবাৰী সমষ্টিৰ বৰটাৰী গাঁৱৰ কল খেতিয়ক সকলৰ লহপহকৈ বাঢ়ি অহা কল সমূহ বানপানীত একেবাৰে নষ্ট হোৱা পৰিলক্ষিত হৈছে ৷

উল্লেখযোগ্য যে, বৰটাৰী গাঁৱৰ শ শ কৃষকে ব্ৰহ্মপুত্ৰৰ চাপৰিত কেইবা হাজাৰ বিঘা মাটিত মালভোগ কলৰ খেতি কৰি এক কৃষি বিপ্লৱৰ সূচনা কৰিছিল ৷ এই কল ব্যবসায়ৰ জৰিয়তে বহু নিৱনুৱা যুৱকে সংস্থাপন লাভ কৰাৰ লগতে পৰিয়ালৰ ভোৰণ-পোষণৰ দায়িত্ব গ্ৰহণ কৰি আহিছিল ৷ কিন্ত শেহতীয়াকৈ হোৱা ব্ৰহ্মপুত্ৰৰ তিনিটা বাঢ়নী পানীত কল গছবোৰ বুৰ যোৱাত কল গছবোৰ মৰহি যাবলৈ ধৰিছে ৷

কৃষক সকলে জনোৱা মতে, পানীৰ তলত কিছুদিন বুৰ গৈ থাকিলেও সাধাৰণতে কলবোৰ মৰহি নাযায় কিন্তু চলিত বৰ্ষত তিনিটাকৈ বানপানীত বহুদিন ধৰি কল গছবোৰ পানীত বুৰ গৈ থকাৰ পিচত কলগছ বোৰ মৰহি যাবলৈ ধৰে ৷ তেওঁলোকে আকৌ জনোৱা মতে, বৰ্তমান প্ৰায় 3 হাজাৰ বিঘা মাটিৰ কল গছবোৰ মৰহি গৈ মাটিত পৰি গৈছে ৷ যাৰ ফলত কলৰ উৎপাদন প্ৰায় বন্ধ হৈ পৰিছে ৷

যাৰবাবে চৰকাৰ তথা কৃষি বিভাগলৈ এই সকল কল খেতিয়কে সহায়ৰ হাত আগবঢ়াবলৈ অনুৰোধ জনাইছে ৷ আনহাতে, কৃষকৰ অভিযোগ অনুসৰি, বানপানীত জুৰুলা হোৱা তথা কলগছ বোৰ মৰহি যোৱাৰ পিচত হতাশ হৈ পৰা বৰটাৰী গাঁৱৰ এই সকল কল খেতিয়কক জনপ্ৰতিনিধি বা চৰকাৰী বিভাগৰ বিষয়া-কৰ্মচাৰীয়ে খবৰ নকৰাত বৰ্তমান সংবাদ মাধ্যমৰ আগত ক্ষোভ উজাৰিছে খেতিয়ক সকলে ৷

লগতে পঢ়ক : দুটাকৈ শোকাৱহ দুৰ্ঘটনাত নিহত শিশু সহ মহিলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.