ETV Bharat / state

ছয়গাঁৱৰ গৰৈমাৰীত অবৈধ কাঠফলা কল জব্দ - কাঠফলা

ছয়গাঁৱৰ গৰৈমাৰীৰ বন বিভাগ আৰু আৰক্ষীয়ে চলোৱা অভিযানত এটি কাঠফলা কল উচ্ছেদ কৰাৰ লগতে প্ৰায় আঢ়ৈ লাখ টকাৰ মূল্যৱান কাঠ জব্দ কৰে ৷ আব্দুৰ ৰছিদ নামৰ লোকজনে দীৰ্ঘদিন ধৰি অবৈধ কাঠফলা কল চলায় থকাৰ অভিযোগ ৷

ছয়গাঁৱৰ গৰৈমাৰীত অবৈধ কাঠফলা কল জব্দ
author img

By

Published : Aug 3, 2019, 10:46 PM IST

  • ছয়গাঁৱৰ গৰৈমাৰীত কাঠফলা মিল জব্দ
    ছয়গাঁৱৰ গৰৈমাৰীত অবৈধ কাঠফলা কল জব্দ
  • বন-বিভাগ আৰু আৰক্ষীৰ যৌথ অভিযানত জব্দ
  • ভাউৰিয়াভিঠাৰ আব্দুৰ ৰছিদ নামৰ লোকজনে দীৰ্ঘদিন ধৰি অবৈধ কাঠ ব্যৱসায়ত লিপ্ত থকাৰ অভিযোগ
  • প্ৰায় আঢ়ৈ লাখ টকাৰ কাঠ জব্দ আৰক্ষীৰ
  • আৰক্ষীৰ দলটো উপস্থিত হোৱাৰ আগতে আব্দুৰ ৰছিদ পলায়ন কৰে
  • জব্দকৃত কাঠখিনি কুকুৰমাৰা খণ্ড বন বিষয়াৰ কাৰ্যালয়ত জমা ৰাখিছে

  • ছয়গাঁৱৰ গৰৈমাৰীত কাঠফলা মিল জব্দ
    ছয়গাঁৱৰ গৰৈমাৰীত অবৈধ কাঠফলা কল জব্দ
  • বন-বিভাগ আৰু আৰক্ষীৰ যৌথ অভিযানত জব্দ
  • ভাউৰিয়াভিঠাৰ আব্দুৰ ৰছিদ নামৰ লোকজনে দীৰ্ঘদিন ধৰি অবৈধ কাঠ ব্যৱসায়ত লিপ্ত থকাৰ অভিযোগ
  • প্ৰায় আঢ়ৈ লাখ টকাৰ কাঠ জব্দ আৰক্ষীৰ
  • আৰক্ষীৰ দলটো উপস্থিত হোৱাৰ আগতে আব্দুৰ ৰছিদ পলায়ন কৰে
  • জব্দকৃত কাঠখিনি কুকুৰমাৰা খণ্ড বন বিষয়াৰ কাৰ্যালয়ত জমা ৰাখিছে
Intro:ছয়গাঁৱৰ গৰৈমাৰীৰ ভাউৰিয়াভিঠাত বন বিভাগ আৰু আৰক্ষীয়ে চলোৱা অভিযানত এটি কাঠফলা কল উচ্ছেদ কৰাৰ লগতে প্ৰায় আঢ়ৈ লাখ টকাৰ মূল্যৱান কাঠ জব্দ কৰে ৷Body:ছয়গাঁও ৩ আগষ্ট : ছয়গাঁৱৰ গৰৈমাৰীৰ ভাউৰিয়াভিঠাত শনিবাৰে বন বিভাগ আৰু আৰক্ষীয়ে যুটীয়াভাৱে চলোৱা এক অভিযানত এটি কাঠফলা কল উচ্ছেদ কৰাৰ লগতে বৃহৎ পৰিমাণৰ মূল্যৱান কাঠ জব্দ কৰে ৷ জানিবপৰমতে ভাউৰিয়াভিঠাৰ আব্দুৰ ৰছিদ নামৰ লোকজনে দীৰ্ঘদিন ধৰি এটি অবৈধ কাঠফলা কল চলাই থকাৰ লগতে মূল্যৱান শাল চেগুন কাঠৰ ব্যৱসায় চলাই আছিল ৷ শনিবাৰে পশ্চিম কামৰূপ বন সংমণ্ডল বিষয়া ৰঞ্জন কুমাৰ গোস্বামীৰ নেতৃত্বত আৰক্ষীৰে চলোৱা অভিযানত কাঠফলা কলটো উচ্ছেদ কৰাৰ লগতে বৃহৎ পৰিমাণৰ কাঠ জব্দ কৰে ৷ এই অভিযানত বন সংমণ্ডল বিষয়াৰ লগতে ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰূপম হাজৰিকা , গৰৈমাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া,গৰৈমাৰীৰ ৰাজহ চক্ৰ বিষয়া,কুলশী বনাঞ্চলিক কাৰ্যালয়ৰ ডেপুটি ৰেঞ্জাৰ,লোহাৰঘাট বনাঞ্চলিক কাৰ্যালয়ৰ বন কৰ্মী আৰু কুকুৰমাৰা খণ্ড বন বিষয়া ৰবেন্দ্ৰ পাটোৱাৰীয়ে সহযোগিতা আগবঢ়াই ৷ইফালে বন বিভাগ আৰু আৰক্ষীৰ দলটো উপস্থিত হোৱাৰ লগে লগে আব্দুৰ ৰছিদ নামৰ চোৰাং ব্যৱসায়ী গৰাকী পলায়ন কৰে ৷ জব্দকৃত শাল আৰু চেগুণৰ লগতে ননশাল কাঠখিনিৰ মূল্য প্ৰায় আঢ়ৈ লাখ হ’ব বুলি বন বিভাগৰ বিষয়াই জানিবলৈ দিছে ৷ জব্দকৃত কাঠখিনি কুকুৰমাৰা খণ্ড বন বিষয়াৰ কাৰ্যালয়ত জমা ৰখা হৈছে ৷Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.