ETV Bharat / state

অৰুণোদয় আঁচনি ৰূপায়নত ব‍্যাপক খেলিমেলিৰ অভিযোগ - কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত

ৰঙিয়াৰ দোদেতিয়াৰ পিছত এইবাৰ মৰাণজানা গাঁও পঞ্চায়তত অৰুণোদয় আঁচনিৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈছে । গাঁও পঞ্চায়তখনত আঁচনিখনৰ ৰূপায়ণত হোৱা খেলিমেলিকলৈ ক্ষুব্ধ হৈ পৰিছে গঞা । ক্ষুদ্ধ ৰাইজে পঞ্চায়তৰ কৰ্মচাৰী সকলক কাৰ্যালয়ত প্ৰৱেশত বাধা দিয়াৰ লগতে কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে।

arunnoday corruption at rangia
অৰুণোদয় আঁচনি ৰূপায়নত ব‍্যাপক খেলিমেলিৰ অভিযোগ
author img

By

Published : Sep 25, 2020, 8:54 PM IST

ৰঙিয়া,25 ছেপ্তেম্বৰঃ ৰঙিয়াৰ দোদেতিয়াৰ পিছত এইবাৰ মৰাণজানা গাঁও পঞ্চায়তত অৰুণোদয় আঁচনিৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈছে। গাঁও পঞ্চায়তখনত আঁচনিখনৰ ৰূপায়ণত হোৱা খেলিমেলিকলৈ ক্ষুব্ধ হৈ পৰিছে গঞা । ক্ষুদ্ধ ৰাইজে পঞ্চায়তৰ কৰ্মচাৰীক কাৰ্যালয়ত প্ৰবেশত বাধা দিয়াৰ লগতে কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে । অতি গোপনে ফৰ্ম বিতৰণৰ পৰা survey কৰালৈ সম্পূৰ্ণ কাম হোৱাৰ বাবে বহু সংখ‍্যক প্ৰকৃত হিতাধিকাৰীয়ে আঁচনি খনৰ সুবিধা লাভৰ পৰা বঞ্চিত হোৱা অভিযোগ উঠিছে ।

অৰুণোদয় আঁচনি ৰূপায়নত ব‍্যাপক খেলিমেলিৰ অভিযোগ

বিজেপিৰ নেতা-পালিনেতাৰ অঙহী-বঙহীয়ে এই আঁচনি লাভ কৰাৰ অভিযোগ কৰে পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰে । গাইডলাইন মতে চাৰি চকীয়া বাহন থকা লোকে এই আঁচনিৰ সুবিধা লাভ কৰিব নোৱাৰে যদিও এই গাঁৱৰ বহু চহকী লোকে এই আঁচনিৰ হিতাধিকাৰী হিচাপে অন্তৰ্ভুক্ত হোৱা বুলি অভিযোগ উত্থাপিত হৈছে। ইয়াৰ বিপৰীতে শাৰিৰীক ভাৱে সক্ষম, অবিবাহিত মহিলাকে ধৰি বহু দৰিদ্ৰ লোক এই আঁচনিৰ তালিকাৰ পৰা বাদ পৰিছে । অৰুণোদয় আঁচনিৰ কাম-কাজ আৰম্ভ হোৱাৰ লগে লগে এনেদৰে দুৰ্নীতি হোৱাত আঁচনিখনৰ সফল ৰূপায়নক লৈ ৰাইজ সন্দিহান হৈ পৰা দেখা গৈছে ।

লগতে পঢ়কঃ পৰ্বতসম সম্পত্তিৰে ধন কুবেৰৰ ৰূপত পি কে দত্ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.