ETV Bharat / state

Assam Public Service Commission: APSC উত্তীৰ্ণ ৰঙিয়াৰ ডলি ডেকাৰ EWS প্ৰমাণ পত্ৰত বিসংগতিৰ অভিযোগ - APSC

সদ্যঘোষিত অসম লোক সেৱা আয়োগৰ পৰীক্ষাত ৯৮ সংখ্যক স্থান লাভ কৰা ৰঙিয়াৰ তিতকুৰিৰ ডলি ডেকাৰ বিৰুদ্ধে অৰ্থনৈতিকভাৱে পিছপৰা শ্ৰেণীৰ (Economically Weaker Section) প্ৰমাণ-পত্ৰত বিসংগতি থকাৰ অভিযোগ উত্থাপন হৈছে ।

APSC
APSC
author img

By

Published : Nov 2, 2022, 7:31 PM IST

Updated : Nov 2, 2022, 8:23 PM IST

ৰঙিয়া, ২ নৱেম্বৰ : সদ্যঘোষিত অসম লোক সেৱা আয়োগৰ (Assam Public Service Commission) পৰীক্ষাত ৯৮ সংখ্যক স্থান লাভ কৰা ৰঙিয়াৰ তিতকুৰিৰ ডলি ডেকাৰ বিৰুদ্ধে অৰ্থনৈতিকভাৱে পিছপৰা শ্ৰেণীৰ (Economically Weaker Section) প্ৰমাণ-পত্ৰত বিসংগতি থকাৰ অভিযোগ উত্থাপন হৈছে ।

APSC উত্তীৰ্ণ ৰঙিয়াৰ ডলি ডেকাৰ EWS প্ৰমাণ পত্ৰত বিসংগতিৰ অভিযোগ

যাৰ বাবে ডলি ডেকাৰ নিযুক্তি-পত্ৰ স্থগিত ৰখা হৈছে । কামৰূপ জিলাৰ কমাৰগাঁৱৰ ডলি ডেকা নামৰ পৰীক্ষাৰ্থীগৰাকী অসম লোক সেৱা আয়োগৰ (APSC) পৰীক্ষাত উত্তীৰ্ণ হয় যদিও অৰ্থনৈতিকভাৱে পিছপৰা শ্ৰেণীৰ (EWS) প্ৰমাণ-পত্ৰত বিসংগতিৰ বাবে নিযুক্তিলাভৰ পৰা বঞ্চিত হ'বলগা হৈছে । উল্লেখ্য, সদ্যঘোষিত অসম লোকসেৱা আয়োগৰ ফলাফলত ডলি ডেকাই ৯৮ সংখ্যক ৰেংক লাভ কৰিবলৈ সক্ষম হয় যদিও প্ৰমাণ-পত্ৰখনত বিসংগতি ধৰা পৰাত সমস্যাৰ সন্মুখীন হ'বলগা হয় ।

বিষয়টো পোহৰলৈ অহাত বুধবাৰে ৰঙিয়া চক্ৰ বিষয়াই প্ৰাৰ্থীগৰাকীক ৰঙিয়া ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ মাতি নি অৰ্থনৈতিকভাৱে পিছপৰা শ্ৰেণীৰ প্ৰমাণ-পত্ৰ গ্ৰহণ কৰাৰ সময়ত জমা দিয়া নথি-পত্ৰসমূহ নিৰীক্ষণ কৰে । এক সূত্ৰৰ পৰা জানিব পৰা মতে, চক্ৰ বিষয়াগৰাকীয়ে ডলি ডেকাৰ অৰ্থনৈতিকভাৱে পিছপৰা শ্ৰেণীৰ প্ৰমাণ-পত্ৰ নিৰীক্ষণ কৰাৰ সময়ত কিছু বিসংগতি ধৰা পৰিছে ।

এইক্ষেত্ৰত আয়োগে কি সিদ্ধান্ত লয় সেয়া লক্ষণীয় হ'ব । ইফালে ডলি ডেকাই এইক্ষেত্ৰত তেওঁ কোনো ভুল কৰা নাই বুলি দাবী কৰে । তেওঁ প্ৰদান কৰা অৰ্থনৈতিকভাৱে পিছপৰা শ্ৰেণীৰ প্ৰমাণ-পত্ৰ সম্পূৰ্ণ নিয়মৰ মাজেৰে লাভ কৰিছে বুলি উল্লেখ কৰে ।

উল্লেখ্য যে ২১ অক্টোবৰত ঘোষণা কৰা হয় APSCৰ ফলাফল (APSC CCE final result declared) ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ে অসমীয়া ভাষাৰ প্ৰশ্নকাকত বাতিলৰ চৰকাৰী সিদ্ধান্ত বাহাল ৰখাৰ পাছতে এই পৰীক্ষাৰ ফলাফল ঘোষণা ৷ ২০২০ বৰ্ষৰৰ্ষ WP(C) নং ৫১৬৯ৰ মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২১/১০/২০২২ তাৰিখৰ নিৰ্দেশ আৰু কিছু আবেদন মানি অসম চৰকাৰৰ অসম অসামৰিক সেৱা, আৰক্ষী সেৱা, কৰ অধীক্ষককে আদি কৰি কেইবাটাও গুৰুত্বপূৰ্ণ পদবীৰ বাবে সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ চূড়ান্ত ফলাফল ঘোষণা কৰা হয় (Final Results of CCE-2020 announced)

লগতে পঢ়ক :DC and SP Conference : অন্ত পৰিল DC-SP সন্মিলনৰ প্ৰথম পৰ্যায়ৰ সন্মিলন

Last Updated : Nov 2, 2022, 8:23 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.