ETV Bharat / state

পৰিস্থিতিৰ ওচৰত হাৰ নমনা ৰঙিয়াৰ এগৰাকী শিল্পী

author img

By

Published : Jun 22, 2021, 10:42 PM IST

লক-ডাউনে জীৱনৰ গতিপথ সলনি কৰিলেও পৰিস্থিতিৰ ওচৰত হাৰ মনা নাই এই গৰাকী শিল্পীয়ে ৷ ইটোৰ পিছত সিটো নতুন কামেৰে শিল্পী জনে চলাই নিচে জীৱন সংগ্ৰাম ৷

an-artist-in-rangiya-who-never-bows-down-to-the-situation
পৰিস্থিতিৰ ওচৰত হাৰ নমনা ৰঙিয়াৰ এগৰাকী শিল্পী

ৰঙিয়া,22 জুন: 2020 বৰ্ষৰ লকডাউন আৰু তাৰপিছত বৰ্তমানৰ মিনি লকডাউনে সলনি কৰিছে বহু লোকৰ গতিপথ ৷ বহুলোকে জীৱিকাৰ উপায় হেৰুৱাই সৰ্বস্বান্ত হৈছে ৷ কিন্তু তাৰমাজতেই একাংশই হাৰ মনা নাই পৰিস্থিতিৰ ওচৰত ৷ তেনে এগৰাকী ব্যক্তি হৈছে ৰঙিয়াৰ মোহন কলিতা ৷ লকডাউনৰ পূৰ্বে মোহন কলিতা এগৰাকী অভিনেতা তথা নৃত্য শিল্পী আছিল ৷

উল্লেখ্য যে,মোহন কলিতাৰ আছিল এখন নিজা নৃত্য প্ৰশিক্ষণ দিয়া বিদ্যালয় ৷ কিন্তু লকডাউনৰ সময়ত বিদ্যালয়খন বন্ধ হৈ পৰে ৷ বিভিন্ন টিভি ছিৰিয়েলত অভিনয় কৰাৰ লগতে বিভিন্ন গীতৰ ভিডিঅ'ত নৃত্য পৰিচালনা কৰা মোহন কলিতা উপায় বিহীন হৈ ঘৰতেই থাকিবলৈ বাধ্য হয় ৷ কিন্তু এনেই হাত সাবটি বহি নাথাকি মোহনে ঘৰতেই আৰম্ভ কৰিলে এখন ছাগলী ফাৰ্ম ৷

সকলোবোৰ ঠিকেই চলি আছিল ৷ কিন্তু বগৰীবাৰীৰ মথাউৰি ছিঙাৰ লগে লগে সুন্দৰ ভাবে চলি থকা মোহন কলিতাৰ ব্যৱসায় পুনৰাই বন্ধ হ'ল ৷ বানপানীৰ বাবে মোহন কলিতাৰ বেছিভাগ ছাগলীয়েই মৃত্যু মুখত পৰে ৷ কিন্তু পৰিস্থিতিৰ ওচৰত হাৰ নামানি মোহনে এইবাৰ পুনৰ আৰম্ভ কৰিছে পাচলিৰ ব্যৱসায় ৷

পাচলি ব্যৱসায়ৰৰ বাবে মোহন কলিতাই পুৰণি বাইক এখনত লগাই লৈছে এখন ঠেলা ৷ এতিয়া মোহনে ঘৰে ঘৰে গৈ পাচলি আৰু পানী বিক্ৰী কৰে ৷ আমাৰ সাংবাদিকে মোহন কলিতাৰ লগত কথা পাতিবলৈ চেষ্টা কৰোতে তেখেতে জনালে যে এতিয়া তেও উপায় বিহীন হৈ পৰিছে ৷ সাঁচতীয়া ধন সমুদায় শেষ হোৱাৰ পিছত এতিয়া বন্ধু বৰ্গই পাচলিৰ ব্যৱসায় কৰিবলৈ কিছু সহায় কৰিছে মোহন কলিতাক ৷

ক'ভিড তথা বান পৰিস্থিতৰ সকলো অভাৱে জুৰুলা কৰা মোহনৰ দৰে শিল্পী সকলৰ বাবে এক সময়োচিৎ পদক্ষেপ গ্ৰহণ কৰি সহায়ৰ হাত আগবঢ়াবলৈ চৰকাৰ তথা সাংস্কৃতিক বিভাগলৈ অনুৰোধ জনাইছে ৰঙিয়াৰ শিল্পী মোহন কলিতাই ৷

লগতে পঢ়কঃ গুৱাহাটীত আৰক্ষীৰ জালত বিলাতী সুৰা সহ তিনি সৰবৰাহকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.