কামৰূপ, 26মেঃ উত্তৰ গুৱাহাটীৰ আঠগাঁৱত সংঘটিত হয় পথ দূর্ঘটনা ৷ চলন্ত স্কুটিৰ পৰা বাগৰি পৰি মৃত্যু হয় এগৰাকী মহিলাৰ ৷ প্ৰথম অৱস্থাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত মহিলাগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও মৃত্যু হয় মহিলাগৰাকীৰ । সন্ধিয়া সময়ত বনলতা দাস নামৰ এগৰাকী যুৱতীৰ সৈতে স্কুটিত এটিএমলৈ গৈছিল সাবিত্ৰী বসুমতাৰী নামৰ মহিলাগৰাকী ।
স্কুটি চলোৱা বনলতাই নিয়ন্ত্ৰণ হেৰোৱাৰ ফলত চলন্ত স্কুটিৰ পৰা পৰি যায় সাবিত্ৰী বসুমতাৰী নামৰ বৃদ্ধ মহিলাগৰাকী । ঘটনা সন্দৰ্ভত উত্তৰ গুৱাহাটী গৌৰীপুৰ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷ আনহাতে সাবিত্ৰী বসুমতাৰীৰ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ৷
লগতে পঢ়কঃ তিনিচুকীয়াত সৰৱ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি