ETV Bharat / state

আমিনগাঁৱত ট্ৰেক্টৰ বিতৰণত অংশগ্ৰহণ মন্ত্ৰী ভৱেশ কলিতাৰ

কামৰূপৰ আমিনগাঁৱত এক চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতাৰ ৷ মন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্রাম্য উন্নয়ন যোজনাৰ অধীনৰ টেক্টৰ বিতৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৷

author img

By

Published : May 5, 2020, 3:55 PM IST

amingaon visit minister bhabesh kalita kamrup etv bharat news
টেক্টৰ বিতৰণ

আমিনগাঁও,5 মে’ঃ আমিনগাঁৱত মঙলবাৰে টেক্টৰ বিতৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে মন্ত্ৰী ভৱেশ কলিতাই ৷ মন্ত্ৰীগৰাকীয়ে এই আঁচনিৰ যোগেদি ৰাজ্যৰ কৃষকসকল উপকৃত হ’ব বুলি মন্তব্য কৰি আঠগৰাকী কৃষকৰ মাজত বিতৰণ কৰে ট্ৰেক্টৰ ৷

টেক্টৰ বিতৰণ

ইফালে বিটিএডিৰ শাসন সম্পৰ্কত মন্ত্ৰী কলিতাই তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়োৱাৰ লগতে কৃষক সন্মান নিধি আঁচনিৰ দুৰ্নীতিৰ সন্দৰ্ভতো কৰে গুৰুত্বপূৰ্ণ মন্তব্য ৷ এই আঁচনিত যি সকল চৰকাৰী চাকৰিয়াল নাইবা ভুৱা কৃষকে নাম অন্তৰ্ভুক্ত কৰিছে সেইসকলক অনতিপলমে ধন ঘূৰাই দিবলৈ আহ্বান জনাই মন্ত্ৰীগৰাকীয়ে । অন্যথা প্ৰশাসনে বিষয়টোত হস্তক্ষেপ কৰি অভিযুক্তক চিনাক্ত কৰি কঠোৰতম শাস্তি বিহিব । ট্ৰেক্টৰ বিতৰণৰ উক্ত কাৰ্যসূচীত মন্ত্ৰীগৰাকীক সংগ দিয়ে কামৰূপৰ জিলা উপায়ুক্ত কমল কুমাৰ বৈশ্য, জিলা উন্নয়ন আয়ুক্ত তকেশ্বৰ দাস, মহকুমা কৃষি বিষয়া নৱজ্যোতি জগন্নাথ, চন্দ্ৰধৰ কলিতাৰ উপৰিও কৃষি বিষয়াসকল ৷

বিটিচিৰ নিৰ্বাচন প্ৰসংগত মন্তব্য

লগতে চাওকঃ কৰ্নাটকত এদিনতে বিক্ৰী হ'ল ৪৫ কোটিৰ সুৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.