ETV Bharat / state

কামৰূপ জিলাৰ আমিনগাঁৱত ভয়ংকৰ প্ৰদূষণ - ভয়ংকৰ প্ৰদূষণৰ কবলত পৰিছে কামৰূপ জিলাৰ আমিনগাঁও

বিভিন্ন উদ্যোগৰ বাবে ভয়ংকৰ প্ৰদূষণৰ কবলত পৰিছে কামৰূপ জিলাৰ আমিনগাঁও । প্ৰদূষণৰ বাবে স্বাভাৱিক জীৱনত বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে স্থানীয় লোকসকল । প্ৰশাসন তথা চৰকাৰক এই বিষয়ে বহুবাৰ অভিযোগ দিছে যদিও কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ।

কামৰূপ জিলাৰ আমিনগাঁৱত ভয়ংকৰ প্ৰদূষণ
কামৰূপ জিলাৰ আমিনগাঁৱত ভয়ংকৰ প্ৰদূষণ
author img

By

Published : Mar 4, 2021, 8:44 PM IST

আমিনগাঁও,৪ মাৰ্চ: ভয়ংকৰ প্ৰদূষণৰ কবলত পৰিছে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গৃহ সমষ্টি জালুকবাৰীৰ অন্তৰ্গত আমিনগাঁও । অঞ্চলটোত বিভিন্ন উদ্যোগ স্থাপন হোৱাৰ লগে লগে এতিয়া চৰম বিপদৰ সন্মুখীন হৈছে আমিনগাঁৱৰ ৰাইজ । অনবৰতে উদ্যোগসমূহৰ পৰা ওলাই থকা ক'লা আৰু বিষাক্ত ধোঁৱাই স্বাভাৱিক জীৱন যথেষ্ট পৰিমাণে ক্ষতি কৰিছে । আনকি কামৰূপ জিলাৰ এই আমিনগাঁৱত বিষাক্ত ধোঁৱাৰ বাবে বহু লোকৰ বিভিন্ন ধৰণৰ স্বাস-প্ৰস্বাসজনিত ৰোগেও দেখা দিছে । জানিব পৰা মতে বহু লোকে ইতিমধ্যে এনেবোৰ কাৰণতে মৃত্যুক আকোঁৱালি ল'বলগীয়া হৈছে ।

কামৰূপ জিলাৰ আমিনগাঁৱত ভয়ংকৰ প্ৰদূষণ

আমিনগাঁৱৰ জনবসতিপূৰ্ণ অঞ্চলত জ্যোতি লেবৰেটৰী আৰু আসাম টিউবৰ নামৰ দুটা কোম্পানীৰ বিষাক্ত ধোঁৱা গাঁওবাসীৰ বাবে চিন্তাৰ অন্যতম কাৰণ হৈ পৰিছে । বাহিৰত মেলি দিয়া কাপোৰ আদি কম সময়ৰ ভিতৰতে ক'লা হৈ যায় । ধোঁৱাৰ বাবে ঘৰৰ টিন পাত ফুটিবলৈ আৰম্ভ কৰিছে । এই ক্ষেত্ৰত বহুবাৰ ৰাইজে চৰকাৰ-প্ৰশাসনক অভিযোগ দিছে যদিও কোনো এটা পক্ষই আজিলৈ গুৰুত্ব নিদিয়াৰ অভিযোগ স্থানীয় ৰাইজৰ । কেৱল স্থানীয় বিধায়ক তথা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওচৰতেই নহয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈও চিঠি লিখিছে আমিৰণ সিং নামৰ অঞ্চলটোৰ এজন জ্যেষ্ঠ নাগৰিকে । কিন্তু সকলোবোৰ ফুটুকাৰ ফেনত পৰিণত হ'ল । সেয়ে এই উদ্যোগসমূহৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণত বিফল হোৱা চৰকাৰ তথা প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে স্থানীয় লোকসকলে আৰু অতি শীঘ্ৰে উচিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে অঞ্চলটোৰ ৰাইজে ।

লগতে পঢ়ক:৭৭নং বিহালী বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিব বিবেক দাসে

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.