ETV Bharat / state

চুৰি বাইকসহ তিনিজন লোকক আটক আমিনগাঁও আৰক্ষীৰ - আমিনগাঁও আৰক্ষীৰ

এক গোপন সূত্ৰৰ পম খেদি আমিনগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত ‌বিষয়া‌ মুকুট বৈশ্যৰ নেতৃত্বত এটা দলে কামৰূপ‌ (গ্ৰাম্য) ৰ চেঁচাৰ পৰা এখন চুৰি গ্লেমাৰ বাইকসহ তিনিজন লোকক আটক কৰিবলৈ সক্ষম হৈছে ।

চুৰি বাইক সহ তিনিজন লোকক আটক আমিনগাঁও আৰক্ষীৰ

author img

By

Published : May 18, 2021, 10:33 AM IST

বাইহাটা,18 মে': কৰ’ণা ভাইৰাছৰ গণ সংক্ৰমণৰ মাজতে আমিনগাঁও আৰক্ষী চকীৰ বৃহৎ সফলতা । এক গোপন সূত্ৰৰ পম খেদি আমিনগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত ‌বিষয়া‌ মুকুট বৈশ্যৰ নেতৃত্বত এটা দলে কামৰূপ‌ (গ্ৰাম্য) ৰ চেঁচাৰ পৰা এখন চুৰি গ্লেমাৰ বাইকসহ তিনিজন লোকক আটক কৰিবলৈ সক্ষম হৈছে ।

এই তিনিজনৰ ভিতৰত এজন এটা‌ বৃহৎ বাইক চুৰি চক্ৰৰ সদস্য বুলি আৰক্ষীয়ে সদৰী কৰিছে । আৰক্ষীয়ে আটক কৰা লোক কেইজন ক্ৰমে নলবাৰীৰ ক’লা ফকিৰ‌তলা গাঁৱৰ তাজিমুল হক, মুকালমুৱাৰ‌ ইছলামপুৰৰ ইনদাদুল হক চৌধুৰী আৰু বাইক চুৰি চক্ৰৰ মূল মাষ্টাৰ মাইণ্ড আলকুদ্দিন আলী ।

আলকুদ্দিন‌ আলী নামৰ গভাইত চোৰটোৱে AS-01 DK-0136 নম্বৰৰ গ্লেমাৰ বাইকখন বিক্ৰীৰ বাবে যো-জা কৰি‌ থাকোতে আৰক্ষীয়ে ‌হাতে-লোটে ধৰিবলৈ সক্ষম হয় । উদ্ধাৰ হোৱা গ্লেমাৰ বাইকখন ৰঙিয়াৰ পৰা চুৰি কৰি চেঁচাত বিক্ৰীৰ বাবে যো-জা চলাইছিল লোক কেইজনে ৷

ইফালে, কামৰূপ(গ্ৰাম্য)ৰ আমিনগাঁৱস্থিত উপায়ুক্তৰ কাৰ্যালয় আৰু আমিনগাঁও আইন‌ বিশ্ববিদ্যালয়ৰ AS-01 DW-5642 আৰু AS-01 DN-8275 নম্বৰৰ চুৰি হোৱা বুলেট দুখনৰ লগতো আলকুদ্দিন আলী নামৰ গভাইত চোৰটো জড়িত বুলি আৰক্ষীয়ে ‌সন্দেহ প্ৰকাশ কৰিছে ৷ দুয়োখন‌ চুৰি বাইকৰ বিপৰীতে ৫১/২১ আৰু ৫৮/২১ নম্বৰত দুটা গোচৰ‌‌ ৰুজু কৰি আৰক্ষীয়ে তদন্ত চলাই থকা বুলি জানিবলৈ দিছে ।‌

লগতে পঢ়ক: শুকুৰবাৰৰ পৰা ৰাজ্যত বন্ধ হৈ পৰিব আন্তঃজিলা যাতায়ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.