ETV Bharat / state

দৰমহা বঞ্চিত শিক্ষকৰ মৰ্মবেদনাঃ পথৰ কাষত চৰবত বিক্ৰি কৰি জীৱন নিৰ্বাহ - শিক্ষক দিৱস

আজি পবিত্ৰ শিক্ষক দিৱস | চৰকাৰে ৰঙীণ প্ৰচাৰেৰে চমকিত কৰি পালন কৰিছে এই দিৱস | কিন্তু শিক্ষক দিৱসৰ দিনটোতে চৰকাৰৰ দ্বাৰা উপেক্ষিত হৈছে এজন শিক্ষক |

পথৰ কাষত চৰবত বিক্ৰি কৰি জীৱন নিৰ্বাহ
author img

By

Published : Sep 5, 2019, 8:28 PM IST

শিৱসাগৰ,5ছেপ্টেম্বৰঃ বৃহস্পতিবাৰে দেশজুৰি পালন হৈছে পবিত্ৰ শিক্ষক দিৱস | কিন্তু এই দিনটোতো যেন চৰকাৰৰ দ্বাৰা উপক্ষিত হৈ ৰৈছে শিৱসাগৰৰ এগৰাকী শিক্ষক ৷ শিৱসাগৰ নগৰৰ সমীপৰ জয়সাগৰ গদাধৰ নগৰৰ বাসিন্দা মৃদুল বৰা কাগজে কলমে এগৰাকী শিক্ষক | কিন্তু তেওঁ পথৰ কাষত চৰবত বিক্ৰী কৰি পৰিয়াল পোহপাল দিবলগীয়া হয় | কাৰণ সুদীৰ্ঘ বছৰ লোকজন বঞ্চিত হৈ আহিছে প্ৰাপ্য দৰমহাৰ পৰা | জিলাখনৰ আমগুৰি শিক্ষাখণ্ডৰ অন্তৰ্গত ৰূপহীবিল বনগাঁও প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক এইগৰাকী লোক | শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিৰ সৈতে জড়িত থাকিলেও চৰকাৰী বঞ্চনাৰ বলি হৈ জীৱন নিৰ্বাহৰ বাবে ল'বলগীয়া হৈছে এই সুকীয়া পথ | আনহাতে শিক্ষকৰ মাজৰে মৃদুল বৰাই ঘৰ চলাবলৈ বিদ্যালয়ে বিদ্যালয়ে বিক্ৰী কৰে কিতাপ ৷

Intro:Body:Salary Deprived Teacher
Samiran Duarah
দৰমহা বঞ্চিত শিক্ষকৰ মৰ্মবেদনা:পথৰ কাষত চৰবত বিক্ৰি কৰি জীৱন নিৰ্বাহ*
…………………………………………………………

পেশাত মানুহজন পবিত্ৰ শিক্ষা বৃত্তিৰ সৈতে জড়িত | কিন্তু তেওঁ পৰিয়াল পোহপাল দিব লগা হয় পথৰ কাষত চৰবত বিক্ৰী কৰি | চৰবত বিক্ৰী কৰি এইজন শিক্ষকে প্ৰচণ্ড গৰমত বাটৰুৱাৰ পিয়াহ দূৰ কৰে।কাৰণ সুদীৰ্ঘ বছৰ লোকজন বঞ্চিত হৈ আহিছে প্ৰাপ্য দৰমহাৰ পৰা |

এই ব্যক্তিজনৰ নাম মৃদুল বৰা | শিৱসাগৰ নগৰৰ সমীপৰ জয়সাগৰ গদাধৰ নগৰৰ বাসিন্দা মৃদুল বৰা কাগজে কলমে এগৰাকী শিক্ষক | জিলাখনৰ আমগুৰি শিক্ষাখণ্ডৰ অন্তৰ্গত ৰূপহীবিল বনগাঁও প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক এইগৰাকী ব্যক্তি |

শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিৰ সৈতে জড়িত থাকিলেও চৰকাৰী বঞ্চনাৰ বলি হৈ জীৱন নিৰ্বাহৰ বাবে লব লগা হৈছে সুকীয়া পথ | জিলাখনৰ ডেৰ হাজাৰ শিক্ষকৰ চাকৰি দীৰ্ঘদিন ধৰি উলমি আছে | বহুজন শিক্ষকে সাৱটি লব লগা হৈছে মৃত্যু |

সেইসকল শিক্ষকৰ মাজৰে মৃদুল বৰাই ঘৰ চলাবলৈ বিদ্যালয়ে বিদ্যালয়ে কিতাপ বিক্ৰি কৰিব লগা হৈছে | পথৰ কাষত বিক্ৰী কৰিব লগা হৈছে চৰবত |

বাইট : মৃদুল বৰা

আজি পবিত্ৰ শিক্ষক দিৱস | চৰকাৰে ৰঙীণ প্ৰচাৰেৰে চমকিত কৰি পালন কৰিছে এই দিৱস | কিন্তু শিক্ষক দিৱসৰ দিনটোত সকলোৰে অলক্ষিতে যেন থাকি যায় মৃদুল বৰাহঁতৰ দৰে বহুজন |

আমগুৰিৰ পৰা সমীৰণ দুৱৰা ইটিভি ভাৰত অসমConclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.