ৰঙিয়া, 22 ছেপ্তেম্বৰঃ ৰঙিয়াত এগৰাকী প্ৰসূতিৰ এটা ভিডিঅ’ই বৰ্তমান তোলপাৰ লগাইছে । ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা ভিডিঅ'টোত মহিলা গৰাকীয়ে ৰঙিয়াৰ ব্যক্তিগত খণ্ডৰ এখন চিকিৎসালয় ৰঙিয়া পলিক্লিনিকে তেঁও আৰু পৰিয়ালৰ লগত কৰা নিৰ্যাতনৰ বিষয়ে উল্লেখ কৰি ন্যায় বিচাৰে। ৰঙিয়া পলিক্লিনিক হাস্পতালৰ চিকিৎসক পংকজ কলিতা, অৰুনাভ বৰা আৰু বেদশ্ৰী কলিতাই প্ৰসূতি মহিলা গৰাকীক অপদস্থ কৰাৰ অভিযোগ উত্থাপন কৰে ।
অভিযোগ অনুসৰি, পৰিয়ালৰ লোকে সবিশেষ জনাৰ উদ্দেশ্যে চিকিৎসালয়লৈ যোৱা অৱস্থাত ধমকি দিয়ে চিকিৎসালয়খনৰ চিকিৎসক অৰুনাভ বৰাই । তাৰ পিছত চিকিৎসালয় কৰ্তৃপক্ষই আৰক্ষীৰ দ্বাৰা পৰিয়ালৰ লোকক নিৰ্যাতন চলোৱাৰ অভিযোগ তুলিছে ৰঙিয়া নগৰৰ ৫ নং ৱাৰ্ডৰ ভুক্তভোগী কল্পনা চৌধুৰীৰ । আনকি মহিলা গৰাকীয়ে দাবী কৰা মতে, প্ৰসৱৰ সময়ত জীৱিত অৱস্থাত দেখা পাইছিল সন্তানটোক ; কিন্তু তাৰ কিছু সময়ৰ পাছতেই চিকিৎসকে মহিলাগৰাকীয়ে মৃত সন্তান জন্ম দিয়া বুলি জানিব দিয়ে । লগতে জনালে জন্মৰ ১৫ দিন পূৰ্বেই গৰ্ভতে নষ্ট হৈছিল সন্তানটো ৷
ইফালে প্ৰসূতিগৰাকীয়ে দাবী কৰা মতে, তেওঁ কোনো পধ্যেই জন্ম দিয়া নাছিল মৃত সন্তান । যদিহে ১৫ দিন পূৰ্বে গৰ্ভতে সন্তানটিৰ মৃত্যু হলে হয়, তেনেহ’লে মহিলাগৰাকীয়ে কোনো পধ্যেই স্বাভাৱিকভাৱে প্ৰসৱ কৰিব নোৱাৰিলে হেঁতেন । লগতে স্বাভাৱিক অৱস্থাত সন্তানটো জন্ম হোৱাৰ ক্ষেত্ৰত এক গভীৰ ৰহস্যৰ সৃষ্টি হোৱা বুলি অভিযোগ আনে । অৱশ্যে অৱশেষত উপায়ন্তৰ হৈ মহিলাগৰাকীয়ে ৰঙিয়া আৰক্ষীৰ কাষ চাপে । কিন্তু আৰক্ষীয়ে গোচৰ গ্ৰহণ নকৰি ওলোটাই গোচৰীয়া ভূক্তভোগী গৰাকীকহে দাবী ধমকি দি পঠিয়াই দিয়াৰ অভিযোগ উঠিছে । উপায়ন্তৰ হৈ মহিলাগৰাকীয়ে ৰঙিয়া মহকুমা আৰক্ষী বিষয়াক অৱগত কৰাৰ পিছতহে ৰঙিয়া থানাই ৰুজু কৰিলে গোচৰ ।
![Allegation by pregnant woman against Rangia polyclinic hospital](https://etvbharatimages.akamaized.net/etvbharat/prod-images/8896756_bn.jpg)
উল্লেখযোগ্য যে, হস্পাতলখনৰ চিকিৎসক তিনিগৰাকীৰ ওপৰত যোৱা তিনিমাহে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে বুলি অভিযোগ তুলিছে ভুক্তভোগী মহিলা গৰাকীয়ে । ইফালে অভিযুক্ত চিকিৎসক তিনিগৰাকীৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰাৰ পৰিৱৰ্তে ভুক্তভোগীৰ ওপৰত জাপি দিয়া গোচৰৰ ওপৰতহে তদন্ত কৰিবলৈ তৎপৰ হৈ পৰিছে ৰঙিয়া আৰক্ষী । এতিয়া প্ৰশ্ন হৈছে, মহিলা গৰাকীক ন্যায় প্ৰদানৰ ক্ষেত্ৰত কিয় হেমাহি কৰিছে ৰঙিয়া আৰক্ষীয়ে ? সম্প্ৰতি ভিডিঅ’টো ভাইৰেল হোৱাৰ পিছতে ৰঙিয়া পলিক্লিনিক হাস্পতালৰ কৰ্মকাণ্ডত ক্ষুদ্ধ হৈ পৰিছে ৰঙিয়াৰ সচেতন মহল ।
লগতে পঢ়কঃ নিশাৰ ভিতৰতে হিউম পাইপ বহুৱাক লৈ লখিমপুৰত প্ৰতিক্ৰিয়া !